নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’টিটি’ ইণ্ডিয়া এপ মুকলি

নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰীৰ বিপর্যয়ৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন৷ ইয়াৰ মাজতে গা কৰি উঠিছে অনলাইন সেৱাই৷ আৰু ৰাইজৰ সুবিধার্থে সকলো সেৱা এটা এপতে সম্ভৱ কৰি তুলিছে অ’টিটি’ ইণ্ডিয়াই৷ এই এপটোৱে সকলো ধৰণৰ কেব সেৱা, বাইক সেৱা, ঔষধ, ৰেচন সামগ্রী, পানী যোগান আদি ১৪টা সেৱা আগবঢ়াব৷ এই এপৰ জৰিয়তে অন্য সেৱাতকৈ কম মূল্যতে সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব গ্রাহকসকল৷ আনহাতে, জ্যেষ্ঠ নাগৰিকে কুপনৰ জৰিয়তে অধিক ৰেহাই লাভ কৰিব পাৰিব৷ এই সন্দর্ভত দুৱৰা এণ্ড ছনছৰ স্বত্বাধিকাৰী বেদান্ত দুৱৰাই জনোৱা মতে,play storeত otto এপটো ডাউনলোড কৰি মাত্র এটা ক্লিকত ১৪টা সুবিধা গ্রাহকে কম মূল্যতে লাভ কৰিব পাৰিব৷

You might also like