নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ বিশ্বৰ কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছৰ শক্তিশালী নেটৱর্ক দেশত গঢ়ি উঠাটো শেহতীয়াভাৱে প্রমাণিত হৈছে৷ জম্মু–কাশ্মীৰত বি এছ এফৰ জোৱান হত্যাত জড়িত ৫ আই এছ জে কে (ইছলামিক ষ্টেট অৱ জম্মু–কাশ্মীৰ)ৰ দুর্ধর্ষ সন্ত্রাসবাদীক আজি জম্মু–কাশ্মীৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ লগে লগে অঞ্চলটোত আইছিছৰ শক্তিশালী নেটৱর্ক পোহৰলৈ আহিছে৷ উল্লেখ্য যে চাৰি মাহ পূর্বে শ্রীনগৰত বি এছ এফৰ জোৱানৰ ওপৰত আইছিছে ভয়াৱহ আক্রমণ চলাইছিল৷ এই আক্রমণৰ সময়ত বি এছ এফৰ জোৱান শ্বহীদ হৈছিল৷ তিনি সন্ত্রাসবাদীয়ে ভয়াৱহ আক্রমণ চলাই বি এছ এফৰ জোৱানক হত্যা কৰাৰ চাৰি মাহ পাছত আজি গোপন সূত্রৰ পম খেদি ৫ আই এছ জে কেৰ সন্ত্রাসবাদীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ জম্মু–কাশ্মীৰ আৰক্ষীয়ে ধৃত আই এছ সন্ত্রাসবাদীকেইটাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ আৰু ৩৯৫, অস্ত্র আইনৰ ধাৰা ৭/২৫, ৭/২৭ আৰু বে–আইনী কার্যকলাপ আইনৰ ধাৰা ১৬, ১৮, ১৯ আৰু ২৩ত গোচৰ ৰুজু হৈ আছে৷ ধৃত আই এছৰ পৰা চাৰিখন বাহন জব্দ কৰে আৰক্ষীয়ে৷ গ্রেপ্তাৰ কৰা আইছিছ সন্ত্রাসবাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে দুখন ব্যক্তিগত চিকিৎসালয়ৰ এম্বুলেঞ্চসহ চাৰিখন বাহন জব্দ কৰে৷ এই জব্দ কৰা বাহনৰ ভিতৰত এখন বাইক আৰু এখন স্কুটাৰো আছে৷ জম্মু–কাশ্মীৰত আৰক্ষী সঞ্চালকপ্রধান দিলবাগ সিঙে প্রকাশ কৰা মতে, ধৃত সন্ত্রাসবাদীকেইটাই বিজ বেহেৰাৰ পৰা পাণদাছলৈ সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰাৰ বাবে ব্যক্তিগত হাস্পতাল এছ কে আই এম এছৰ পৰা এম্বুলেঞ্চ (নং জে কে–০১ এ ডি–০৯১৫) ব্যৱহাৰ কৰিছিল৷ এনেদৰে মটৰচাইকেল (নং জে কে–০১ এ এ চি–২৯৮৯) আৰু স্কুটী (জে কে–০১ ভি–৮২৮৮)খনো আক্রমণত ব্যৱহাৰ কৰিছিল৷ আক্রমণৰ সময়ত আহত জোৱানৰ পৰা অস্ত্র–শস্ত্র লুণ্ঠন কৰি এই বাহনেৰে পলায়ন কৰিছিল সন্ত্রাসবাদীকেইটা৷