বেংকৰ পৰা ঋণ লৈ নিৰ্মাণ কৰিছে টনা আজোৰা দলং
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ বেংকৰ পৰা ঋণ লৈছে এজন প্ৰতিবন্ধী যুৱকে। যুৱকজনে ব্যৱসায় অথবা গাড়ী কিনিবলৈ ঋণ লোৱা নাই। এখন দলং নিৰ্মাণ কৰিবলৈহে বেংকৰ পৰা ঋণ লৈছে যুৱকজনে। বন্ধন বেংকৰ পৰা প্ৰায় ১১ লাখ টকা লৈ নিৰ্মাণ কৰিছে পকী দলংখন।
কোনো এখন চৰকাৰে ৰাইজৰ আবেদন নিবেদনক গুৰুত্ব নিদি দলং নিৰ্মাণ নকৰাত ডিমৌ শুকানপুখুৰীৰ হৰেশ্বৰ বাইলুঙে নিৰ্মান কৰিছে দলংখন । বন্ধন বেংকৰ পৰা ঋণ লৈ আৰু ব্যক্তিগত পুঁজিৰে ডিমৌ নদীৰ ওপৰত নিৰ্মাণ কৰিছে দলংখন ।থাওৰা আৰু মৰান সমষ্টিক সংযোগ কৰা দলংখনৰ নাম দিছে টনা আজোৰা দলং । দুয়োটা সমষ্টিৰ বিভাগীয় বিষয়াসকলে দলং নিৰ্মাণত টনা আজোৰা কৰাৰ বাবেই এই দলংখনৰ নাম ৰখা হৈছে টনা আজোৰা দলং ।