নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুনত হাতীসহ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা জব্দ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ ডিগবৈ বনসংমণ্ডলৰ অধীনৰ লেখাপানী-জাগুন বন বিভাগৰ অভিযানত কুণ্ডাৰ চোৰাং সৰবৰাহ ব্যৱহাৰ কৰা এটা মখনা হাতী আৰু বৃহৎ সংখ্যক মূল্যৱান কুণ্ডা জব্দ । আজি লেখাপানী আৰু জাগুন বনবিভাগৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ পম খেদি ৱাৰা বনাঞ্চলৰ অল্ড খাণ্ডু এলেকাত  এক অভিযান চলায়। এই অভিযানৰ সময়ত চোৰাং কাঠ ব্যৱসায়ীয়ে অবৈধ ভাৱে চোৰাং কুণ্ডা সমূহ টিৰাপ নৈ পাৰ কৰি অৰুণাচল প্ৰদেশলৈ নিবৰ বাবে এটা হাতী ব্যৱহাৰ কৰিছিল। বন বিভাগৰ অভিযানকাৰী দলৰ ওমান পাই চোৰাং কাঠ সৰবৰাহকাৰীয়ে উক্ত স্থানতে হাতী আৰু কুণ্ডা এৰি পলায় কৰে। ইতিমধ্যেই বন বিভাগে হাতী আৰু বৃহৎ সংখ্যক কুণ্ডা জব্দ কৰাৰ লগতে চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। উল্লেখ যে টিৰাপ সংৰক্ষিত বনাঞ্চলৰ পৰা মূল্যৱান গছ কাটি কুণ্ডা সমূহ টিৰাপ নৈৰে ভহাই আনি অসম অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া ৱাৰাত মজুত কৰি পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশলৈ সৰবাৰহ কৰি অৰুণাচলৰ মিলৰ নথিপত্ৰ কৰি অসমৰ জাগুনৰ পথেৰে অসমৰ বিভিন্ন অঞ্চলৈ সৰবৰাহ কৰি অহাৰ তথ্য পোৱা গৈছে। অন্যহাতে আজি জব্দ কৰা সমগ্ৰ ঘটনাৰ লগত জাগুন আৰ্মী কেম্পৰ কাষৰ জনৈক গগৈ আৰু জাগুন ১০ মাইলৰ জনৈক প্ৰধান এই সমগ্ৰ চোৰাং চুৰি কাণ্ডৰ লগত জড়িত বুলি এক সূত্ৰত প্ৰকাশ।

You might also like