নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৃণাৰ পৰিৱৰ্তে প্ৰেম… সীমান্তত ৩ চীনা লোকক কি কৰিলে ভাৰতীয় সেনাই…

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ লাডাখ সীমান্তত যুদ্ধংদেহী চীনা, অৰুণাচলৰ ৫ যুৱকক চীনা সেনাৰ দ্বাৰা অপহৰণ- এনে পৰিৱেশৰ মাজতো কিন্তু ভাৰতীয় সেনাই সাধাৰণ চীনা লোকৰ প্ৰতি দেখুৱালে মানৱতা।

ঘটনাটো চিকিমৰ উচ্চ পৰ্বতৰ। ত্ৰাণকৰ্তাৰ ৰূপত থিয় হোৱা ভাৰতীয় সেনাই চিকিৎসা সাহায্যৰে প্ৰাণৰক্ষা কৰিলে চীনৰ এই তিনিজন লোকৰ। উত্তৰ চিকিমৰ ১৭,৫০০ ফুট উচ্চতাত, প্ৰচণ্ড শীতত পথ হেৰুৱাই ভাগৰি পৰিছিল ৩গৰাকী চীনা নাগৰিক।

ভাৰতীয় সেনাই তেওঁলোকক সেই অৱস্থাত দেখা পাই লগে লগে অক্সিজেন আৰু গৰম পানী, খাদ্যসামগ্ৰী আগবঢ়াই প্ৰাণৰক্ষা কৰে। ঘৃণাৰ পৰিৱৰ্তে প্ৰেমৰ জয়গান গোৱা ভাৰতীয় সেনাই এই কাৰ্যৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে বিশ্ববাসীৰ।

You might also like