ভাৰতবিৰোধী কার্যকলাপ ইছলামিক সংগঠনক পুঁজি যোগান–সমর্থন তুৰস্কৰ
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ তুৰস্কৰ ৰাষ্ট্রপতিৰ দ্বাৰা পাকস্থিত সন্ত্রাসবাদী সংগঠনক ভাৰতবিৰোধী সন্ত্রাসবাদী কার্যকলাপত ব্যৱহাৰ কৰি ৰাষ্ট্রপতিগৰাকীৰ জনপ্রিয়তা দক্ষিণ এছিয়া মুছলিমৰ মাজত বৃদ্ধি কৰাক লৈ উদ্বিগ্ন দেশৰ নিৰাপত্তা সংস্থা৷ অলপতে ভাৰতত আইছিছ সন্ত্রাসবাদী গ্রেপ্তাৰ কৰাৰ পাছত ধৃত সন্ত্রাসবাদীৰ স্বীকাৰোক্তিৰ পৰা তুৰস্ক হৈ ছিৰিয়ালৈ গৈ ভাৰতৰ যুৱক আইছিছত যোগদান কৰি পাছলৈ সেই দুর্ধর্ষ সদস্যই নিজৰ দেশত সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰাত জড়িত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷
নিৰাপত্তা সংস্থাই লাভ কৰা তথ্য মতে, তুৰস্কই ভাৰতবিৰোধী সন্ত্রাসবাদী কার্যকলাপ আৰু দেশত ইছলামিক সংগঠনক পুঁজি যোগান ধৰাৰ লগতে বিভিন্ন ক্ষেত্রত সমর্থন যোগাই আহিছে৷ তুৰস্কই ভাৰতত থকা ইছলামিক সংগঠনক পুঁজি যোগান ধৰাৰ লগতে এনে সংগঠনৰ লগত ৰাজনৈতিক সম্পর্ক গঢ়ি তুলিছে৷ তদুপৰি ইছলাম ধর্মাৱলম্বী লোকৰ বেচৰকাৰী সংস্থাসমূহকো বিভিন্ন প্রকাৰে তুৰস্কই সহায় কৰি আহিছে৷ তুৰস্কৰ এনে গতি–বিধিক লৈ দেশৰ নিৰাপত্তা সংস্থাসমূহ উদ্বিগ্ন হৈ পৰিছে৷