বিশ্ববিখ্যাত এশিঙীয়া গঁড়ক সুৰক্ষা দিব এসময়ৰ দুর্ধর্ষ চোৰাং চিকাৰীয়ে: নাৰায়ণপুৰত সংবাদ মেল
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ চোৰাং চিকাৰীয়েই অসমৰ সম্পদ এশিঙীয়া গঁড়ক ৰক্ষা কৰাৰ প্রতিশ্রুতি প্রদান কৰিছে৷ চৰকাৰৰে ৰাজ্যৰ প্রায় ৩ হাজাৰ গঁড চিকাৰীয়ে আলোচনাত বহাৰ মন মেলিছে৷ গঁড চিকাৰৰ লগত জডিত ধলপুৰৰ বাবুল দাস নামৰ এজন ব্যক্তিয়ে এই মন্তব্য কৰিছে৷ নাৰায়ণপুৰত এক সংবাদ মেলৰ আয়োজন কৰি শেহতীয়াকৈ কাৰাগাৰৰ পৰা মুক্ত হৈ অহা বাবুল দাস নামৰ দুর্ধর্ষ গঁড চিকাৰীজনে বহুকেইটা গুৰুত্বপূর্ণ বিষয় অৱগত কৰায়৷ ২০১৯ চনৰ ২৫ নৱেম্বৰত গঁড় চিকাৰৰ ঘটনাত গ্রেপ্তাৰ হৈ গোলাঘাট কেন্দ্রীয় কাৰাগাৰত দহ মাহ কাৰাবাস খাটি মুকলি হৈ অহা ধলপুৰৰ বাবুল দাস নামৰ গঁড চিকাৰীজনে প্রকাশ কৰা অনুসৰি কাৰাগাৰত থকাৰ সময়তেই চৰকাৰৰ হৈ কাম কৰাৰ বাবে মন মেলিছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাছিল৷
ইতিমধ্যে কাৰামুক্ত হোৱা বাবুল দাসৰ মতত সন্মতি জনাই অন্যান্য গঁড় চিকাৰীসকলো চৰকাৰৰ লগত আলোচনাত বহিবলৈ সাজু বুলি অৱগত কৰায়৷ ৰাজ্যত সম্প্রতি প্রায় তিনি হাজাৰ গঁড চিকাৰীয়ে কাৰাবাস খাটি আছে৷ সেইসকলৰ প্রত্যেকৰে বিৰুদ্ধে কমেও ৩–৪টাকৈ গোচৰ চলি আছে৷ গোচৰজনিত খা–খৰচৰ বাবে তেওঁলোকৰ গঁড় চিকাৰ কৰাৰ বাদে বিকল্প নাই৷ সম্প্রতি এইসকল গঁড চিকাৰীয়ে মূল সুঁতিলৈ ঘূৰি আহিবলৈ মন কৰিছে৷ তাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ সৈতে আলোচনাত মিলিত হ’বলৈ গঁড চিকাৰীসকলে আগ্রহ প্রকাশ কৰা বুলি কাৰামুক্ত হৈ অহা গঁড় চিকাৰীজনে প্রকাশ কৰিছে৷ চৰকাৰৰ পৰা বিভিন্ন সা–সুবিধা বিচাৰিও গঁড চিকাৰীসকলে আবেদন জনোৱা বুলি সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে৷
২০১২ চনৰ পৰাই গঁড় চিকাৰৰ লগত জডিত বাবুল দাসে জানিবলৈ দিয়া মতে সম্প্রতি যিসকল চোৰাং চিকাৰীয়ে এতিয়াও গঁড় হত্যা অব্যাহত ৰাখিছে তেওঁলোকক আটক কৰাৰ ক্ষেত্রতো ইতিমধ্যে কাৰাবাস খাটি থকা চিকাৰীসকলে সম্পূর্ণ সহযোগিতা আগবঢ়াব৷ তদুপৰি গঁড়ৰ খর্গৰ বজাৰ উৎখাত কৰিব পৰাকৈ সকলো তথ্য চৰকাৰক দিব৷ কাৰাবাস খাটি থকা সকলো গঁড় চিকাৰীক জামিন দিবলৈ চৰকাৰৰ প্রতি আহ্বান জনাই সদ্য কাৰামুক্ত বাবুল দাসে কয় যে সকলো গঁড় চিকাৰী কাৰাগাৰ বা গোচৰৰ পৰা মুক্ত নোহোৱা পর্যন্ত অসমত গঁড় চিকাৰ বন্ধ নহয়৷