সাৱধান মহেন্দ্র মোহন চৌধুৰী নার্ছিং হোমত খালী নাই এখনো ক’ভিড বেড
ক্রমাৎ জটিলতাৰ দিশে ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি
নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ ক্রমাৎ জটিলতাৰ দিশে গতি কৰিছে ৰাজ্যত ক’ভিড–১৯ৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি৷ পৰীক্ষাৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ৰাজ্যত সংক্রমিত লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ বিপৰীতে ক্রমাৎ হ্রাস পাবলৈ আৰম্ভ কৰিছে চৰকাৰী–বেচৰকাৰী হাস্পতালসমূহত ক’ভিড বিছনা–আই চি ইউ৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহত্ বিছনা আৰু আই চি ইউৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে বহুকেইখন চৰকাৰী হাস্পতাল কেৱল ক’ভিড ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছে৷ তৎসত্ত্বেও দ্রুত সংক্রমণৰ বাবে এই চিকিৎসালয়সমূহ এতিয়া ভৰি পৰিছে ক’ভিড ৰোগীৰে৷ পৰৱর্তী সময়ত ক’ভিডৰ সংক্রমণ অধিক বৃদ্ধি পালে তথা ৰোগী জটিল অৱস্থালৈ গ’লেও চৰকাৰী–বেচৰকাৰী চিকিৎসালয়সমূহত অভাৱ হ’ব বিছনা–আই চি ইউৰ৷ কেইবাখনো আগশাৰীৰ হাস্পতালৰ শেহতীয়া তথ্যই এই আশংকাকে অধিক দৃঢ় কৰি তুলিছে৷ গুৱাহাটীৰ পাণবজাৰস্থিত মহেন্দ্র মোহন চৌধুৰী হাস্পতালত সম্প্রতি ক’ভিড ৰোগীৰ বাবে সংৰক্ষিত বিছনাৰ সংখ্যা হৈছে মুঠ ২০২খন৷ ইয়াৰে সাধাৰণ বিছনাৰ সংখ্যা হৈছে ১২৩খন৷ আনহাতে, হাস্পতালখনত আছে ২৪খন ক’ভিড আই চি ইউৰ বিছনা৷ ইয়াৰ উপৰি বাগ্রী শিশু ক’ভিড কেয়াৰ চেণ্টাৰত আছে আন ৫৫খন বিছনা৷ হাস্পতালখনৰ অধীক্ষক অনুপল শর্মাই প্রকাশ কৰা অনুসৰি সম্প্রতি আই চি ইউত কোনো বিছনা খালী হৈ থকা নাই৷ কেৱল জেনেৰেল ৱার্ডৰ দুখন পুৰুষ আৰু ছখন মহিলাৰ বিছনাহে খালী হৈ আছে৷ অৱশ্যে শিশু কেয়াৰ চেণ্টাৰত বর্তমান খালী আন ১৩খন বিছনা৷ কেৱল এই বিছনাসমূহতহে নতুন ৰোগী আহিলে ভর্তি কৰিব পাৰিব হাস্পতালখনে৷ শর্মাই সদৰী কৰা অনুসৰি লক্ষণবিহীন মহিলা ৰোগী অথবা প্রাথমিক পর্যায়ৰ গর্ভৱতী মহিলাক শিশু ক’ভিড কেয়াৰ চেণ্টাৰটোতে প্রয়োজন সাপেক্ষে চিকিৎসা প্রদান কৰা হৈছে৷ ইপিনে, মহানগৰীৰ কেইবাখনো আগশাৰীৰ হাস্পতালত শূন্য হৈ পৰিছে ক’ভিড বিছনা–আই চি ইউ৷ প্রাপ্ত তথ্য অনুসৰি নেমকেয়াৰ হাস্পতালত থকা ২৪খন ক’ভিড বিছনাতে বর্তমান ভর্তি হৈ আছে ৰোগী৷ এই হাস্পতালখনত জটিল ক’ভিড ৰোগীৰ বাবে নাই আই চি ইউৰ ব্যৱস্থা৷ নেমকেয়াৰৰ চিকিৎসক কিশোৰ বর্মনে সদৰী কৰা অনুসৰি মজলীয়া লক্ষণযুক্ত ৰোগীকহে নেমকেয়াৰত চিকিৎসা কৰাৰ ব্যৱস্থা আছে৷ ৰোগীৰ অৱস্থা সংকটজনক হ’লে তেওঁলোকক চৰকাৰী চিকিৎসালয়লৈ প্রেৰণ কৰিবলগীয়া হয়৷ সমান্তৰালভাৱে চিকিৎসালয়খনলৈ অহা নতুন ৰোগীক প্রথমে আইছ’লেট কৰাৰ বাবেও নেমকেয়াৰত ৰখা হৈছে সুকীয়া বিছনাত৷ সমান্তৰালভাৱে বর্তমান নতুন ক’ভিড ৰোগীক চিকিৎসা কৰিবলৈ বিছনা নাই আন এখন আগশাৰীৰ হাস্পতাল জি এন আৰ চিতো৷ জানিব পৰা মতে, জি এন আৰ চিত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে আছে ২০০খন বিছনা৷ ইয়াৰে ১০০খনেই হৈছে আই চি ইউৰ বিছনা৷ সম্প্রতি এই আটাইবোৰ বিছনাতে ৰোগী চিকিৎসাধীন হৈ আছে বুলি সদৰী কৰিছে হাস্পতালখনৰ জনসম্পর্কৰক্ষী বিষয়া মামণি গোস্বামীয়ে৷ এই সন্দর্ভত তেওঁ কয়– ‘জি এন আৰ চিৰ অধীনৰ গুড হেল্থ হাস্পতালত ক’ভিড ৰোগীৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে৷ ক’ভিডৰ চিকিৎসাৰ বাবে নতুনকৈ চিকিৎসক–নার্ছসহ স্বাস্থ্যকর্মী নিয়োগ কৰা হৈছে৷’ আনহাতে, মহানগৰীৰ হায়াট হাস্পতালতো ভৰি পৰিছে ক’ভিড আক্রান্ত ৰোগীৰে৷ হাস্পতালখনৰ প্রবন্ধক পৰাগ দত্তই সদৰী কৰা অনুসৰি বর্তমান হায়াটত ক’ৰোনা ৰোগীৰ চিকিৎসাৰ বাবে ৭৫খন বিছনাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰে আই চি ইউ বিছনাৰ সংখ্যা হৈছে ১০খন৷ সম্প্রতি আটাইবোৰ বিছনাতে চিকিৎসাধীন হৈ আছে ক’ভিড ৰোগী৷ হায়াটত জেনেৰেল ৱার্ডৰ উপৰি ছেমি ডিলাক্স, ডিলাক্স কেবিনৰো ব্যৱস্থা কৰা হৈছে ক’ভিডৰ চিকিৎসাৰ বাবে৷ হায়াট হাস্পতালৰ মুঠ ৰোগী ৰাখিব পৰা সক্ষমতা হৈছে ডেৰশগৰাকী৷ ইয়াৰ উপৰি নতুনকৈ অহা ৰোগীসকলক ভর্তি কৰাৰ সময়ত পৃথকে ৰখাৰ বাবেও হাস্পতালখনত বিছনাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ সদৰী কৰিছে৷ সমান্তৰালভাৱে মহানগৰীৰ আন কেইবাখনো ব্যক্তিগত হাস্পতালত ক’ভিডৰ বাবে ৰখা বিছনা ৰোগীৰে ভর্তি হৈ পৰিছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে চৰকাৰী হাস্পতালসমূহৰ লগতে ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিও ক’ৰোনা আক্রান্ত ৰোগীক ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ মহানগৰীখনৰ প্রতিটো ৱার্ডতে ক’ৰোনা পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ লগে লগে বিভিন্ন জিলাত সংকটজনক অৱস্থালৈ গতি কৰা ক’ৰোনা ৰোগীকো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্র মোহন চৌধুৰী হাস্পতাল আৰু আন ব্যক্তিগত চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে৷ যাৰ বাবে এই চিকিৎসালয়সমূহ এতিয়া জটিল ৰোগীৰে ভৰি পৰিছে৷ সমান্তৰালভাৱে শেহতীয়াকৈ দেখা গৈছে যে লক্ষণযুক্ত ৰোগীৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ আনকি ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি হৈ থকা ৰোগীৰ স্বাস্থ্যও সংকটজনক হৈ পৰিছে৷ ফলত এনে ৰোগীক ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা হাস্পতাললৈ স্থানান্তৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই ধাৰা অব্যাহত থাকিলে আগন্তুক সময়ত পৰিস্থিতি যে অধিক ভয়াৱহ হ’ব, সেয়া নিশ্চিত হৈ পৰিছে৷ কিছুদিন পূর্বে ইটালীত হোৱা ভয়াৱহ পৰিস্থিতিৰ দৰেই একেই পৰিৱেশ ৰাইজ সজাগ নহ’লে সৃষ্টি হোৱাটো অসম্ভৱ নহ’ব বুলিও বহুতে মত প্রকাশ কৰিছে৷