নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰলুমুখৰ শ্লুইচ গেটৰ পাচলি বজাৰত গুণ্ডাকৰ সংগ্রহঃ আটক এক

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ মহানগৰীৰ ভৰলুমুখৰ শ্লুইচ গেটৰ সমীপৰ পাচলি বজাৰত একাংশ উদণ্ড যুৱকে ব্যৱসায়ীৰ পৰা ডাবি–ধমকিৰে দীর্ঘদিন ধৰি ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ শ্লুইচ গেটৰ পাচলি বজাৰৰ ব্যৱসায়ীৰ পৰা ডাবি–ধমকিৰে গুণ্ডাকৰ সংগ্রহ কৰা এজন অভিযুক্তক ভৰলুমুখ আৰক্ষীয়ে সোধা–পোছাৰ বাবে আটক কৰে৷

আটকাধীন যুৱকজন কুমাৰপাৰাৰ পিংকু দাস বুলি জানিব পৰা গৈছে৷ ভৰলুমুখ আৰক্ষী সূত্রই জনোৱা মতে শ্লুইচ গেটৰ পাচলি বজাৰত অবৈধভাৱে এচাম যুৱকে ব্যৱসায়ীক ভয়–ভাবুকি দি ধন সংগ্রহ কৰি আহিছে৷ এই সন্দর্ভত আৰক্ষীয়ে পাচলি বজাৰৰ ব্যৱসায়ীসকলক সোধা–পোছা কৰে যদিও কোনো ব্যৱসায়ী ঘটনা সন্দর্ভত এজাহাৰ দাখিল কৰিবলৈ আগবাঢ়ি অহা নাই৷

পিছত ভৰলুমুখ থানাত ২০১৮ চনত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে সোধা–পোছাৰ বাবে এজন লোকক আটক কৰে৷ একাংশ লোকে আটকাধীন যুৱকজনক ৰাষ্ট্রীয় বজৰং দলৰ সদস্য বুলি অভিযোগ কৰিছে যদিও আৰক্ষীয়ে এই সন্দর্ভত সঠিক তথ্য পোৱা নাই বুলি জানিবলৈ দিছে৷

You might also like