নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনৰ উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাটৰ দহাবড়া চুকত শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে।

অসম চৰকাৰৰ ৩০ লাখ টকাৰ অনিৰ্ধাৰিত পুঁজিৰে নিৰ্মিত এই শাখা সত্ৰ আৰু গৱেষণা কেন্দ্ৰটোৱে গুৰুজনাৰ মহান আদৰ্শ আৰু সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি তেখেতে মন্তব্য কৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱলৈ তেখেতৰ ওপজা দিনত একাঁজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

You might also like