নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাৰ্লফ্ৰেণ্ড নাই বাবে উলংগ হৈ ৫০০ মহিলালৈ ভিডিঅ’ কল…

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ  দেশত যিমানেই স্মাৰ্ট ফোনৰ ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়িছে সিমানেই ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে। ইণ্টাৰনেটৰ যিদৰে ভাল প্ৰভাৱ ঠিক সেইদৰে এচামে ইয়াক অসত উদ্দেশ্যে ব্যৱহাৰ কৰা দেখা গৈছে।

তেনে এক খবৰ আহিছে গাজিয়াবাদৰ পৰা । টাইম অফ ইণ্ডিয়াত প্ৰকাশ পোৱা মতে, হাৰিয়ানাৰ  ৰোহটকটৰ এজন যুৱকে দিল্লী, মুম্বাই, বেংগালুৰু আৰু কলকাতাৰ প্ৰায় ৫০০ মহিলা-যুৱতীলৈ উলংগ হৈ ভিডিঅ’ কল কৰে। ২২ বছৰীয়া দীপক কুমাৰ নামৰ যুৱকজনে যোৱা প্ৰায় দুবছৰে এনেদৰে বিভিন্ন মহিলাক ভিডিঅ’ কল কৰি আহিছিল।
উল্লেখ্য যে অভিযুক্ত দীপকে বিভিন্ন নম্বৰলৈ ফোন কৰে আৰু ফোনকলটো কোনো যদি মহিলাই ৰিচিভ কৰে, তেতিয়া দীপকে ভিডিঅ’ কল কৰে। তেতিয়া দীপকে স্ক্ৰীনশ্বট সংগ্ৰহ কৰে। তাৰ পাছত সেই মহিলাসকলক ব্লেকমেইল কৰি হাৰাশাস্তি কৰিছিল যুৱকজনে।

কিন্তু গাজিয়াবাদৰ এগৰাকী মহিলা অধিবক্তাক এনেদৰে ফোন কৰি আৰক্ষীৰ জালত পৰে যুৱকজন। মহিলা অধিবক্তা গৰাকীয়ে যোৱা ২০ আগষ্টত বিষয়টো আৰক্ষীক অৱগত কৰিছিল আৰু আৰক্ষীয়ে চাইবাৰ চেলৰ সহায়ত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জেৰাত যুৱকজনে এনে কাৰ্য কৰাৰ কাৰণ হিচাপে তেওঁৰ কোনো গাৰ্লফ্ৰেণ্ড নাই কাৰণে এনে মহিলা বিদ্বেষী আচৰণ কৰিছিল বুলি ব্যক্ত কৰে। সম্প্ৰতি জেলৰ ভাত খাব লগীয়া হোৱা যুৱকজনৰ কাৰ্যই গাজিয়াবাদত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

You might also like