নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ বিধানসভা নির্বাচনক লৈ কংগ্রেছ আৰু বিজেপিৰ নেতৃত্বৰ মাজত চলি থকা আক্রমণ–প্রত্যাক্রম মাজতে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক উভতি ধৰিলে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক লৈ কটাক্ষ কৰা ৰঞ্জিত দাসে ৰিপুণ বৰাক ২০২১ চনৰ নির্বাচনৰ পিছত দলে বাধ্যতামূলক অৱসৰ দিব বুলি মন্তব্য কৰিছিল৷ সেয়াই নহয়, কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা অসমৰ বাবে অশনি সংকেত বুলি উল্লেখ কৰি এই মিত্রতাৰ জৰিয়তে বিজেপি লাভৱান হ’ব বুলিও আঙুলিয়াই দিছিল৷ ৰঞ্জিত দাসৰ এনে মন্তব্যৰ পিছতে মঙলবাৰে গহপুৰত ৰিপুণ বৰাই ৰঞ্জিত দাসৰ সমালোচনাক উভতি ধৰি কয়– কংগ্রেছে কাৰ সৈতে মিত্রতা কৰে, নকৰে তাৰ বাবে বিজেপিয়ে টেনচন লৈছে কিয়? ৰঞ্জিত দাসে যদি কংগ্রেছৰ কথা ইমানকৈ চিন্তা কৰিছে তেন্তে তেওঁ কংগ্রেছলৈ আহক৷ তেওঁ এনে ধৰণে কথা কৈছে যে কংগ্রেছৰ ডাঙৰ বিপদ এটা আহিছে যাৰ বাবে তেওঁৰ চিন্তা হৈছে৷ কংগ্রেছৰ যদি বিপদ আহিছে, তেন্তে তেওঁ স্ফূর্তিহে কৰিব লাগে৷ তেওঁ মিঠাই খাওক৷
উল্লেখ্য যে মঙলবাৰে গহপুৰত ৰাষ্ট্রীয় ঘাইপথৰ মেৰামতিৰ দাবীত গৰুৰ গাড়ীত উঠি কংগ্রেছে এক প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ এই প্রতিবাদী কার্যসূচীত অংশ লৈ ৰিপুণ বৰাই বিজেপিৰ সভাপতিক উদ্দেশ্যি কয়– ৰঞ্জিত দাসে কংগ্রেছৰ ভিতৰুৱা কথা ভাবি মূৰ ঘমোৱাৰ প্রয়োজন নাই৷ আনহাতে বিজেপি চৰকাৰে টোলগেট পাতি ৰাইজৰ পৰা টকা ডকাইতি কৰা বুলি মন্তব্য কৰে৷ ২০২১ চনত কংগ্রেছ চৰকাৰ হ’লে মুখ্যমন্ত্রী কোন হ’ব সেয়া কংগ্রেছৰ বিধায়কেহে নির্ধাৰণ কৰিব বুলিও ৰিপুণ বৰাই মন্তব্য কৰে৷