নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ৰ নির্বাচনৰ পিছতে ৰিপুণ বৰাক হাইকমাণ্ডে দিব বাধ্যতামূলক অৱসৰ

কংগ্রেছ সভাপতিক পুনৰ কটাক্ষ ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ   ২০২১ চনৰ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্রমাৎ তীব্র হৈ পৰিছে বিজেপি আৰু কংগ্রেছৰ আক্রমণ–প্রত্যাক্রম৷ যোৱা সময়ছোৱাত প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীক লক্ষ্য কৰি যথেষ্ট আক্রমণাত্মক হোৱা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মঙলবাৰে পুনৰ ৰিপুণ বৰাৰ বিৰুদ্ধে সৰৱ হোৱাই নহয়, ২০২১ চনৰ পিছত কংগ্রেছে সভাপতি বৰাক বিদায় দিব বুলিও মন্তব্য কৰে৷ ৰঞ্জিত দাসে কটাক্ষ কৰি কয়– ২০২১ চনৰ নির্বাচনৰ পিছতে ৰিপুণ বৰাক দলৰ হাইকমাণ্ডে বাধ্যতামূলক অৱসৰ দিব৷ ২০২১ চনৰ পিছত আৰু প্রদেশ কংগ্রেছৰ সভাপতি হিচাপে নাথাকে ৰিপুণ বৰা৷ উল্লেখ্য যে শেহতীয়াকৈ ২০২১ত বিজেপি চৰকাৰ গঠন নহ’লে ৰঞ্জিত দাসে ৰাজনীতিৰ পৰা অৱসৰ ল’ব বুলি মন্তব্য কৰি ৰিপুণ বৰাকো একেধৰণৰ সিদ্ধান্ত ল’বলৈ প্রত্যাহ্বান জনাইছে৷ অর্থাৎ ৰাজ্যত যদি কংগ্রেছৰ চৰকাৰ নহয়, তেন্তে ৰিপুণ বৰায়ো ৰাজনীতিৰ পৰা অৱসৰ লওক৷ এই প্রত্যাহ্বানেৰে ৰঞ্জিত দাসে অসমত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ স্পষ্ট ইংগিত দাঙি ধৰিছিল৷ ৰঞ্জিত দাসৰ উক্ত প্রত্যাহ্বানৰ বিপৰীতে কিন্তু ৰিপুণ বৰাই পৰাজয়বৰণ কৰিলেও বিজেপিৰ দৰে তেওঁ পলৰীয়া নহয় বুলি মন্তব্য কৰি ৰাজনীতিত থকাৰ বিষয়ে স্পষ্ট কৰিছিল৷ মঙলবাৰে পুনৰ ৰঞ্জিত দাসে ৰিপুণ বৰাক এইদৰে কটাক্ষ কৰাৰ লগতে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক লৈও প্রতিক্রিয়া প্রকাশ কৰে৷ গোলাঘাটত দলীয় কার্যসূচীৰ বাবে উপস্থিত হোৱা ৰাজ্যিক বিজেপিৰ সভাপতিজনে  এইবুলিও কয়– কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা অসমৰ বাবে অশনি সংকেত যদিও ৰাজনৈতিকভাৱে আমি উৎফুল্লিত৷ এই মিত্রতাৰ ফলত উজনি অসমৰ কংগ্রেছৰ দখলত থকা ৭খন আসন এইবাৰ বিজেপিৰ হাতলৈ আহিব৷ বিজেপিয়ে এইবাৰ তিতাবৰ, গোলাঘাট, মৰিয়নি, ডুমডুমা, নাজিৰা, শিৱসাগৰ, নাওবৈচা সমষ্টি দখল কৰিবলৈ সক্ষম হ’ব৷ সভাপতি দাসে কয়– এই সমষ্টিকেইটা আগতে আমি সংখ্যাত ধৰা নাছিলোঁ৷ কিন্তু কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই বিজেপিৰ পথ সুগম কৰিছে৷ বিজেপিৰ সাংগঠনিক স্থিতি যথেষ্ট ভাল৷ যাৰ বাবে বিগত লোকসভা নির্বাচনত আমি ৬৪ লাখ ভোট লাভ কৰি ১০খন আসনৰ ৯খনতে জয়লাভ কৰিলোঁ৷ কিন্তু কংগ্রেছে কিমান ভোট পালে? পঞ্চায়ত নির্বাচনত কংগ্রেছে কিমান ভোট পাইছে? যদি এতিয়া নগৰ কমিটীৰো নির্বাচন হয়, তেন্তে কংগ্রেছে এখনো আসন দখল কৰিব নোৱাৰে৷ ইফালে ৰিপুণ বৰালৈ দিয়া প্রত্যাহ্বান সন্দর্ভত তেওঁ কয়– প্রদেশ কংগ্রেছৰ সভাপতিয়ে মোৰ প্রত্যাহ্বান গ্রহণ নকৰিলে৷ ইয়াৰ দ্বাৰা তেওঁ পৰাজয় স্বীকাৰ কৰি লৈছে৷ ৰিপুণ বৰাৰ মতে, আমি যদি ডুবন্ত নাও তেন্তে ডুবি থাকিলোঁহেঁতেন৷ কিন্তু বিজেপি সাগৰৰ তলিৰ নিৰৱচ্ছিন্ন ঢ়ৌ৷ কংগ্রেছেহে সাগৰৰ ওপৰৰ ঢ়ৌ, যি নিমিষতে আহে, নিমিষতে মাৰ যায়৷ গতিকে বিভিন্ন ধৰণৰ কথাৰে তেওঁলোকে ঢ়ৌ আনিব চেষ্টা কৰিছে৷ কিন্তু আমি ৰাইজক কৈছোঁ– এই ঢ়ৌত ভয় খাব নালাগে৷ সোনকালে এই ঢ়ৌ মাৰ যাব৷ মন কৰিবলগীয়া যে বিধানসভা নির্বাচনক লৈ ইতিমধ্যে বিশেষ কুচকাৱাজ আৰম্ভ কৰা বিজেপিয়ে তৃণমূল পর্যায়ত কার্যকর্তাক অধিক সক্রিয় কৰি তুলিছে৷ বিশেষকৈ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই ভোটাৰৰ মাজত যাতে বিশেষ প্রতিক্রিয়াৰ সৃষ্টি কৰিব নোৱাৰে, সেই দিশটো লক্ষ্য কৰিয়ে ইতিমধ্যে সক্রিয় হৈ পৰা ৰাজ্যিক বিজেপিয়ে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই উজনিত শাসকীয় দলটোক উপকৃত কৰিব বুলি আৰম্ভ কৰিছে প্রচাৰ৷ বিজেপিয়ে এইবাৰ কংগ্রেছৰ দখলত থকা গোলাঘাট, তিতাবৰ, নাজিৰা, সৰুপথাৰ, শিৱসাগৰ আৰু ডুমডুমা সমষ্টি নিজৰ দখললৈ অনাৰ বাবেও ইতিমধ্যে বিশেষ কার্যসূচী গ্রহণ কৰিছে৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই নামনিত বিজেপিৰ বাবে কিছু প্রত্যাহ্বান সৃষ্টি কৰিলেও উজনিত শাসকীয় দলটোক এই মিত্রতাই বিশেষ সহায় কৰাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি কংগ্রেছৰ দখলৰ পৰা সমষ্টিকেইটা কাঢ়ি অনাৰ পূর্ণ প্রস্তুতিৰে নামি পৰিছে গেৰুৱা দলটো৷ এনে কুচকাৱাজৰ সমান্তৰালভাৱে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিশেষভাৱে লক্ষ্য কৰি লৈছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাই অহা নির্বাচনত বিজেপি উৎখাত হোৱাৰ লগতে কংগ্রেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলি কৰা মন্তব্যকো কটাক্ষ কৰিছিল ৰঞ্জিত দাসে৷ কংগ্রেছক উদ্দেশ্যি এইবুলিও মন্তব্য কৰিছিল– শেহতীয়াকৈ মই সাংগঠনিক কাম–কাজত ব্যস্ত আছোঁ৷ যাৰ বাবে বহু দিন হাঁহিব পৰা নাছিলোঁ৷ কিন্তু প্রদেশ কংগ্রেছৰ সভাপতি বৰাই শেহতীয়াকৈ যিবোৰ মন্তব্য কৰিছে, তাত মই আমোদ পাইছোঁ৷ আনন্দৰ খোৰাক বিচাৰি পাইছোঁ৷ ইয়াৰ বিপৰীতে ৰিপুণ বৰাই বিজেপি সাগৰৰ মাজৰ টুলুং–ভুটুং নাও বুলি মন্তব্য কৰিছিল৷ ৰিপুণ বৰাৰ এনে সমালোচনাকো আজি উভতি ধৰি ৰঞ্জিত দাসে প্রদেশ কংগ্রেছৰ সভাপতিজনক ২০২১ চনৰ পিছত দলৰ পৰাই তেওঁক বিদায় দিব বুলি মন্তব্য কৰে৷ আনহাতে আজি ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰূপম গোস্বামীয়েও এখন সংবাদ মেলযোগে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক উভতি ধৰে৷ তেওঁ কয়– সভাপতি ৰঞ্জিত দাসে ৰিপুণ বৰালৈ জনোৱা প্রত্যাহ্বানত কংগ্রেছৰ সভাপতিজনে সেও মানিছে৷ ইয়াৰ দ্বাৰা কংগ্রেছ যে তেনেই নিশকতীয়া সেয়া প্রতিপন্ন হৈছে৷ বিজেপিয়ে শক্তি আহৰণ কৰিছে অসমৰ থলুৱা জাতি–জনগোষ্ঠী, অসমৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱ, শক্তিপীঠ মা কামাখ্যাৰ পৰা৷ আনহাতে কংগ্রেছ দলে শক্তি আহৰণ কৰিছে মির্জাফৰৰ নিচিনা ব্যক্তিৰ পৰা৷

You might also like