নিচাযুক্ত সামগ্ৰী সৰবৰাহত ন ন কৌশল অৱলম্বন ধুৰন্ধৰ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰঃ পুনৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ ৩৮ লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্তেম্বৰঃ পাহাৰীয়া জিলাখনত যোৱা ৩১ আগষ্ট তাৰিখে বোকাজান মহকুমাৰ ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানত পুৱাৰ ভাগত আৰক্ষীয়ে প্ৰায় ৩০ লক্ষাধিক টকাৰ ড্ৰাগছসহ জব্দ কৰা এখন টাটা ডি আই বাহনৰ পৰা আজি পুনৰ বৃহৎ পৰিমাণৰ হিৰ’ইন জব্দ কৰা ঘটনাই জিলাখনৰ মাজেদি ড্ৰাগছ সৰবৰাহৰ বাবে সৰবৰাহকাৰী চক্ৰই অৱলম্বন কৰা ন ন কৌশলৰ তথ্য পোহৰলৈ আহিছে। ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানত ৩১ আগষ্ট তাৰিখে আৰক্ষীয়ে অভিযান চলাই ৫৭২ গ্ৰাম হিৰ’ইনসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে এএছ-২৫-ডিচি-৬৮১৬ নম্বৰৰ এখন টাটা ডি আই বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ডিলাই থানাত ২৬/২০২০ নম্বৰত এক গোচৰো ৰুজু কৰিছিল।
আনহাতে কালি সন্ধিয়া খটখটি আৰক্ষীয়ে পুনৰ এক অভিযান চলাই ৪৭ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত প্ৰায় ৪০ লক্ষাধিক টকাৰ হিৰ’ইন জব্দ কৰাৰ লগতে এখন বাহনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কালি সন্ধিয়া গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী তিনিটাৰ মাজৰে নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত মৰিয়াধাছৰ মুজাম্মিল আলি (২৯) নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো এই চক্ৰৰ অন্যতম মূল ব্যক্তি বুলি আৰক্ষীয়ে তথ্য লাভ কৰি তেওঁৰ ওপৰত জেৰা চলোৱাত ধৃত মোজাম্মিল আলিয়ে যোৱা ৩১ আগষ্টতে আৰক্ষীয়ে জব্দ কৰা বাহনখনৰ এক গোপন চেম্বাৰত ভালেখিনি অবৈধ ড্ৰাগছ বৰ্তমানেও থকাৰ কথা স্বীকাৰ কৰে।
মোজাম্মিলৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি পুৱা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ চেত্ৰী আৰু বৰপথাৰৰ চক্ৰ আৰক্ষী বিষয়া ভূপেন কলিতাৰ উপস্থিতিত বাহনখনৰ ইঞ্জিনৰ সৈতে সংলগ্ন কৰি অতি কৌশলপূৰ্ণভাৱে নিৰ্মাণ কৰা এক গোপন চেম্বাৰৰ পৰা ৩৮ টা চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত ৪৬০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৩৮ লাখ টকাৰো অধিক বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।