নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক ডাঃ নোমল মমিনৰ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ বোকাজানত অব্যাহত আছে আঁচনি ৰূপায়ণৰ কাম।দেওবাৰে বোকাজান বিধান সভা সমষ্টিৰ অন্তৰ্গত খটখতি খানৰ সন্মুখৰ পথটোৰ পুনৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এছ,অ,পি,দি(sopd), বিধায়কৰ  বিশেষ পুঁজি, আনটাইড পুঁজি আদি আঁচনিৰ অধীনত হিদীপি,সৰিহজান, খাকৰাজান আৰু জপৰাজানত প্ৰায় পোন্ধৰ লাখ টকা ব্যয়েৰে নিৰ্মাণ হব লগীয়া মুকলি মঞ্চ তথা আদিবাসী সাংস্কৃতিক ভৱনৰ আধাৰশিলা স্থাপন কৰে।আনহাতে বিধায়কজনে আজি দুৱাৰবাগৰি পৰিষদীয় সমষ্টিত ত্ৰিশ লাখ টকা ব্যয়েৰে নিৰ্মাণ হব লগীয়া কাৰ্বি সাংস্কৃতিক মঞ্চ, দুই কোটি টকাৰে নিৰ্মাণ হব লগীয়া বৰজুৰি-ডলামৰা পথ আৰু প্ৰায় চাৰে পাঁচ কোটি ব্যয়েৰে নিৰ্মাণ হব লগীয়া ক্যাফলংগছ জল প্ৰপাত আঁচনিৰ আধাৰশিলা স্থাপন কৰে।  এই আচনিসমূহৰ আধাৰশিলা স্থাপন কৰি চিকিৎসকৰ পৰা ৰাজনৈতিক পথাৰলৈ আহি বি.জে. পি দলৰ বিধায়ক হোৱা মমিনে কয় যে এতিয়াও সমষ্টিত বহু কৰিব লগীয়া কাম আছে।
পূৰ্বৰ কংগ্ৰেছ বিধায়ক ক্লেঙডুন ইংতি আৰু এ.এছ.ডি.চি দলক প্ৰতিনিধিত্ব কৰি তিনিটা কাৰ্যকালৰ বাবে পোন্ধৰটা বছৰ বিধায়ক হোৱা জগত সিং ইংতিয়ে সমষ্টিটোত অলপো যদি কাম কৰিলেহেঁতেন তেন্তে তেওঁ এই কাৰ্যকালত আৰু বহু উন্নয়নমূলক কাম সমষ্টিত কৰিব পাৰিলেহেঁতেন বুলি মন্তব্য কৰে।ইতিমধ্যে তেওঁৰ যোৱা চাৰেচাৰি বছৰীয়া কাৰ্যকালত সমষ্টিত  তিনিশ কিলোমিটাৰতকৈ অধিক পথ নিৰ্মাণ কৰাৰ লগতে কেইবাখনো পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে।ইতিমধ্যে ধনশিৰী নদীৰ ওপৰত দেউপানীত এখন পকী দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ উপৰিও ধনশিৰী নদীৰ ওপৰতে বালিপথাৰৰ পৰা নাওজান সংযোগী এখন দলং নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।আনহাতে শিক্ষাৰ ক্ষেত্ৰত দেউথৰত এখন চৰকাৰী মহাবিদ্যালয় অনুমোদন কৰাবলৈ সক্ষম হোৱাৰ লগতে  কাৰ্বি আংলং ইষ্টাৰ্ণ কলেজত বিজ্ঞান শাখাৰ অনুমোদন তথা কুলিগাওঁত কংগ্ৰেছৰ দিনৰ পৰাই নিৰ্মাণৰ কাম বন্ধ হৈ থকা আই.টি.আই মহাবিদ্যালয়খনৰ পুনৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে।যাৰ বাবে ইতিমধ্যে তিনি কোটি টকা অনুমোদন দিয়া হৈছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।আনহাতে স্বাস্থ্য বিভাগত বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ইতিমধ্যে প্ৰসূতি সকলৰ সুবিধাৰ্থে এটা সন্তান জন্ম দিয়া কক্ষ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে এই কেন্দ্ৰতে মধুমেহ ৰোগীসকলৰ বাবে দাইলেছিছ কৰাৰ ব্যৱস্থা তথা  অতি সোনকালে পেয়িং কেবিনৰ ব্যৱস্থাও সম্পূৰ্ণ হব বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে।নৱেম্বৰ মাহৰ প্ৰথম ভাগত এখন এশ বিচনাযুক্ত চিকিৎসালয়ৰ কামো আৰম্ভ হব বুলি কয় বিধায়কজনে।আগন্তুক সময়তো বিধাকজনে সমষ্টি উন্নয়নৰ কাম অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।
    আনহাতে আজি নাম ঘোষণা হোৱা আছু আৰু     এ.জে.ৱাই.চি.পি ৰ নেতৃত্বৰ নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ দলৰ বিষয় ববীয়া সকলক বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক বিধান সভা নিৰ্বাচনত দলটোৱে পাঁচখনতকৈ কম আসন লাভ কৰিব বুলি কৈ কয় যে অসমৰ ৰাইজে বিগত চাৰে চাৰি বছৰত হোৱা উন্নতি আৰু প্ৰগতিৰ বাবে,বি.জে.পি দলৰ সুন্দৰ আৰু বাস্তৱমুখী আঁচনিৰ বাবে পুনৰ বি.জে.পি দলৰ প্ৰাৰ্থীকে জয়যুক্ত কৰিব বুলি মন্তব্য কৰে।আগন্তুক বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলতকৈ এ,আই.ইউ, দি,এফ দলে অধিক আসন লাভ কৰিব যিটো অসমৰ বাবে অশনি সংকেত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে
You might also like