নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আম্ৰি কার্বি সংগঠনৰ প্রতিবাদত উত্তাল সোণাপুৰ

পার্বত্য জনজাতিৰ মর্যাদা–আম্ৰি লংৰি প্রদান, ডাম্পিং গ্রাউণ্ড প্রকল্প প্রত্যাহাৰৰ দাবী

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ  আম্ৰি কার্বি জিন্দাবাদ, আম্ৰি কার্বিক পার্বত্য জনজাতিৰ মর্যাদা প্রদান কৰক, আম্ৰি লংৰি প্রদান কৰক, ডাম্পিং গ্রাউণ্ড প্রকল্প বাতিল কৰক, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে আজি ৬ আম্ৰি কার্বি জাতীয় সংগঠনে সোণাপুৰ চক্র বিষয়া কার্যালয় সন্মুখত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ আম্ৰি কার্বি জাতীয় পৰিষদ, আম্ৰি কার্বি ছাত্র সন্থা, আম্ৰি কার্বি বাংঠে আছেম, আম্ৰি কার্বি আর্লছ আছেম, আম্ৰি কার্বি ছৰনাম আহার্ছি, আম্ৰি কার্বি আমৰি কার্বি সংগঠনৰ প্রতিবাদত উত্তাল সোণাপুৰ ৰূকৎচাক আছেম এই ছয় আম্ৰি কার্বি জাতীয় সংগঠনৰ উদ্যোগত মঙলবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ২ বজালৈ ৰূপায়ণ কৰা হয় এই ধর্মঘট কার্যসূচী৷ উল্লেখ্য ষষ্ঠ অনুসূচীৰ আধাৰত আম্ৰি কার্বিসকলক পার্বত্য জনজাতি হিচাপে মর্যাদা প্রদান কৰা, আম্ৰি কার্বিক স্বায়ত্তশাসিত জিলা ‘আম্ৰি লংৰি’ প্রদান কৰা আৰু তামুলিকুছিত স্থাপন কৰিব বিচৰা ডাম্পিং গ্রাউন প্রকল্পবাতিলৰ দাবীত হয় এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে ভাৰত স্বাধীন হোৱা ৭৩ বছৰ পিছতো আম্ৰি কার্বি জাতিটোক পাহাৰীয়া জনজাতি হিচাপে জনজাতিৰ তালিকাত অন্তর্ভুক্ত কৰা নাই৷ অসমৰ কলম্বাছ হিচাপে পৰিচিত আম্ৰি কার্বি জাতিটো বুৰঞ্জীপ্রসিদ্ধ জনগোষ্ঠী৷ আম্ৰি কার্বিসকলৰ পৰম্পৰাগত ভাষা, সংস্কৃতি, খেল–ধেমালি জীয়াই ৰখাৰ স্বার্থত ১৯৭৯ চনৰ পৰাই স্বায়ত্তশাসিত জিলা আম্ৰি লংৰিৰ দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে গুৰুত্ব প্রদান কৰা নাই৷ ইতিহাসৰ পাতত জিলিকি থকা জনগোষ্ঠীটোৰ প্রতি গুৰুত্ব প্রদান নকৰি দিনক দিনে গুৱাহাটী মহানগৰ সম্প্রসাৰণ কৰাৰ লগতে বিভিন্ন আইন সন্নিৱিষ্ট কৰি বিভিন্ন চৰকাৰী–বেচৰকাৰী উদ্যোগ স্থাপন কৰি জনগোষ্ঠীটোক উচ্ছেদৰ পৰিকল্পনা কৰাবুলি সংগঠনকেইটাই উল্লেখ কৰে৷ ইপিনে খিলঞ্জীয়াবসতিভূমি তামুলিকুছিৰ ৰাজহ গাঁৱত ৩২ নং দাগৰ ২৭ বিঘা ভূমিত ডাম্পিং গ্রাউণ্ড প্রকল্প স্থাপনৰ যি চক্রান্ত চলাইছে তাক কোনো কাৰণতে সহ্য কৰা নহ’ববুলিও সকীয়াই দিয়ে সংগঠনকেইটাই৷ দিছপুৰ সমষ্টিৰ জনকল্যাণ মঞ্চৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট সমাজসেৱক বিদ্যুৎ বৰাই কয় যে ডিমৰীয়াৰ জাতি, মাটি, ভেটি কোনো কাৰণতে ধ্বংস হ’বলৈ দিয়া নহ’ব৷ প্রদূষিত ডাম্পিং গ্রাউণ্ড প্রকল্প ডিমৰীয়াৰ তামুলিকুছি অঞ্চলত স্থাপন কৰি যি খিলঞ্জীয়াক উচ্ছেদ কৰাৰ ষড়যন্ত্র শীঘ্রে বন্ধ কৰিবলৈ দাবী জনাইছে বিদ্যুৎ বৰাই৷ আজি ছয় আম্ৰি কার্বি জাতীয় সংগঠনে তেওঁলোকৰ তিনি সমস্যা সমাধানৰ দাবীত সোণাপুৰ ৰাজহ চক্র বিষয়াৰ জৰিয়তে মুখ্যমন্ত্রী, স্থানীয় বিধায়ক, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীসমূহৰ কল্যাণ মন্ত্রী, উপায়ুক্ত, গুৱাহাটী উন্নয়ন মন্ত্রী, আৰু গুৱাহাটী পৌৰ নিগমলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰে৷

You might also like