নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২–১৫ ডিচেম্বৰত অসম যোগ মহোৎসৱ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ যোগৰ জৰিয়তে স্বাস্থ্যৱান আৰু সমৃদ্ধিশালী অসম গঢ়াৰ সংকল্পৰে উত্তৰ–পূর্বাঞ্চলৰ স্বেচ্ছাসেৱী যোগ প্রতিষ্ঠান ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্রৰ উদ্যোগত আৰু অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত অহা ১২ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ চাৰিদিনীয়া কার্যসূচীৰে ত্রয়োদশ অসম যোগ মহোৎসৱৰ আয়োজন কৰা হৈছে৷ মঙলবাৰে গুৱাহাটীত এখন সংবাদ মেলত এই কথা সদৰী কৰে মহোৎসৱৰ বিষয়ববীয়া হৰিপ্রসাদ তালুকদাৰে৷ তেওঁ কয় যে মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন কার্যসূচী ৰখা হৈছে৷ প্রতিবছৰৰ দৰে এইবাৰো সদৌ অসম যোগ মহাবিদ্যালয়ৰ মাজত দলীয় যোগাসন প্রতিযোগিতা, বৃক্ষৰোপণ, বিনামূলীায় যোগ চিকিৎসা শিবিৰ, ৰক্তদান শিবিৰ, যোগৰ ওপৰত আকস্মিক বক্তৃতা, মুকলি যোগাভ্যাস, সাংস্কৃতিক সন্ধিয়া, যোগ কর্মকর্তাসকলৰ সম্বর্ধনা অনুষ্ঠান আদি হাতত লোৱা হৈছে৷ অসমৰ প্রতিখন জিলাৰ পৰা ভালেসংখ্যক যোগ শিক্ষক, যোগ চিকিৎসক, যোগপ্রেমী আৰু ছাত্র–ছাত্রীয়ে মহোৎসৱত অংশগ্রহণ কৰিব৷

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব৷ এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব অসম চৰকাৰৰ মুখ্য সচিব অলোক কুমাৰে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক ধর্মকান্ত মিলিয়ে৷ নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব গুৱাহাটীৰ ইস্কনৰ সভাপতি শ্রীজীৱ দাস৷ উক্ত উদ্বোধনী সভাত সভাপতিত্ব কৰিব ত্রয়োদশ যোগ মহোৎসৱৰ সভাপতি যোগাচার্য শুভাশিস দেৱে৷ আনহাতে, এইবছৰ ‘স্বামী শিৱানন্দ সৰস্বতী যোগ প্রেৰণা বঁটা–২০১৮’ প্রদান কৰা হ’ব বাংগালুৰুস্থিত স্বামী বিবেকানন্দ যোগ অনুসন্ধান সংস্থান বিশ্ববিদ্যালয়ৰ আচার্য ড০ এইচ আৰ নাগেন্দ্রক৷ সংবাদ মেলত কার্যালয় সম্পাদক অনিল হাজৰিকাও উপস্থিত থাকে৷

You might also like