নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱক-যুৱতীক উলংগ কৰি ভিডিঅ’, তাৰ পিছত ধন দাবী…

মৰেল পুলিচৰ নিকৃষ্ট কাণ্ড

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ মৰেল পুলিচৰ নিকৃষ্ট কাণ্ড সংঘটিত হৈছে গোৱালপাৰাৰ কৃষ্ণাইত। এহাল যুৱক-যুৱতী অসামাজিক কাৰ্যত লিপ্ত হৈ থকাৰ অভিযোগত প্ৰহাৰ কৰে একাংশ যুবকে তাৰ পিছতে দুয়োকে উলংগ কৰি ভিডিঅ’ কৰে নিকৃষ্ট মানসিকতাৰ কেইজনমান যুৱকে আৰু ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ভাবুকি দি ৫০হাজাৰ টকা দাবী কৰে। আনহাতে যুৱক-যুৱতীৰ পৰিয়ালৰ পৰা ৩০হাজাৰ টকা লৈ সকলো ভিডিঅ’ ডিলিট কৰাৰ প্ৰতিশ্ৰুতি দিছিল যুৱকৰ দলটোৱে। কিন্তু টকা লৈও সকলো ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কৃষ্ণাই থানাত এক গোচৰ ৰুজু কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত অমিয় ৰাভা, অপূৰ্ব ৰাভা আৰু সমীৰণ ৰাভাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অপূৰ্ব ৰাভা নামৰ যুৱকজনে সমগ্ৰ দৃশ্য মোবাইলত বন্দী কৰিছিল বুলি জানিব দিয়ে আৰক্ষীয়ে।