ট্রাম্পৰ ঠিকনালৈ পত্রযোগে আহিছিল ‘ৰিচিন’
নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক বিষাক্ত দ্রব্যৰে হত্যা কৰাৰ চেষ্টা চলাইছিল দুর্বৃত্তই৷ হোৱাইট হাউছলৈ ৰাষ্ট্রপতি ট্রাম্পৰ ঠিকনাত অহা এক খামত বিহৰ উপস্থিতি এফ বি আয়ে ধৰা পেলোৱাৰ পিছতে এয়া নিশ্চিত হৈছে৷ বন্ধ খামটো দেশখনৰ চোৰাংচোৱা সংস্থা এফ বি আয়ে প্রথম নজৰলৈ আনিছিল৷ লক্ষণীয়ভাৱে এফ বি আই আৰু মার্কিন ডাক পৰিদর্শন সেৱা বিভাগে এই বিষয়টো সন্দর্ভত তদন্ত চলাই আহিছে৷ এগৰাকী এফ বি আইৰ বিষয়াই সংবাদ সংস্থা এ পিক জনোৱা অনুসৰি ট্রাম্পৰ ঠিকনাত অহা খামটোত ৰিচিন নামৰ বিষাক্ত দ্রব্যবিধ আছিল৷ অৱশ্যে বিষয়াগৰাকীয়ে শেহতীয়াকৈ চলি থকা তদন্ত সন্দর্ভত সবিশেষ তথ্য সংবাদ মাধ্যমক জনোৱা নাই৷ ২০১৮ চনত এফ বি আয়ে ট্রাম্পৰ ঠিকনাত এই পত্র অহাৰ পিছতে এগৰাকী নৌসেনাৰ প্রাক্তন বিষয়াক গ্রেপ্তাৰো কৰিছিল৷ কিন্তু উইলিয়াম ক্লাইড এলেন নামৰ লোকজনে ট্রাম্পলৈ কিয় এই বিহভর্তি খাম প্রেৰণ কৰিছিল সেই কথা এতিয়াও নিশ্চিত কৰিব পৰা নাই এফ বি আয়ে৷ ২০১৪ চনত তেতিয়াৰ ৰাষ্ট্রপতি বাৰাক অ’বামালৈ এনে বিহভর্তি খাম প্রেৰণ কৰাৰ বাবে এজন লোকক ২৫ বছৰ কাৰাদণ্ডৰ ৰায় শুনোৱা হৈছিল৷