নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী-পাণবাৰী পথৰ বুঢ়ীসুঁতি নৈৰ দলঙৰ সমীপত মৃতদেহ উদ্ধাৰ

 নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ চিৰাং জিলাৰ বিজনী পাণবাৰী থানাৰ অন্তৰ্গত বুঢ়ীসুঁতি নৈত আজি বিয়লি অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বিজনী-পাণবাৰী পথৰ বুঢ়ীসুঁতি নৈৰ দলঙৰ সমীপত নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো।

লংপেণ্ট পৰিহিত পঞ্চাশ ঊৰ্ধ্বৰ অচিনাক্ত পুৰুষৰ মৃতদেহটো স্থানীয় ৰাইজে পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। পাছত ঘটনাস্থলীত পাণবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

মৃত লোকজনক কোনোবাই হত্যা কৰি পেলাই থৈছে নে পানীত পৰি মৃত্যু হৈছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব।

You might also like