নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবকাৰী বিভাগত ৩৬ পদ, ৩০ ছেপ্টেম্বৰ শেষ দিন

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ আবকাৰী বিভাগত খালী হৈছে ৩৬ ভিন্ন বর্গৰ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিState Level Police Recruitment Board ৰ অধ্যক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছেAsstt. Chemist ৰ ৪টা,Jr. Assistant ৰ ১২টা ঃ ইয়াৰে ৯টা পদ আবকাৰী আয়ুক্তৰ কার্যালয়ত, ২টা পদ আবকাৰী যুটীয়া আয়ুক্তৰ কার্যালয়ত আৰু ১টা পদ Office of the Chemical Examiner ৰ কার্যালয়ত পূৰণ কৰা হ’ব৷

শেষত ড্রাইভাৰৰ ২০টা পদ৷ মুঠ খালী পদ ৩৬টাৰ ভিতৰত অসংৰক্ষিত ১২টা, অ’ বি চি/ এম অ’ বি চি ১১ টা, এছ চি ৩টা, এছ টি–পি ৪টা, এছ টি–এইচ ২টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ ৪টা পদ আছে৷Asstt.Chemist পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’৷Jr. Assistant পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷Driver পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৫,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

বয়স ১ জানুৱাৰী ২০২০ লৈ ১৮–৪০ বছৰ৷ বয়সৰ উর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷Asstt. Chemist পদৰ প্রার্থীChemistry বিষয়তB.Sc উত্তীর্ণ হোৱা হ’ব লাগিব৷Junior Assistant পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰৰ প্রমাণ–পত্রধাৰী হোৱাটো বাঞ্ছনীয়৷ শেষতDriver পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে লঘু যান–বাহন চলোৱাৰ অনুজ্ঞাপত্র থকাৰ লগতে শাৰীৰিকভাৱে সুস্থ হোৱাটো বাঞ্ছনীয়৷

বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.slprbassam.in ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ১২ ছেপ্ঢেম্বৰৰ পৰা ৩০ ছেপ্ঢেম্বৰ ২০২০লৈ অব্যাহত থাকিব৷

You might also like