নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাথমিক শিক্ষা বিভাগত শিক্ষকৰ ৫০৪৩ পদ, ২৬ ছেপ্টেম্বৰৰ ভিতৰত আবেদন আহ্বান

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগত খালী হৈছে শিক্ষকৰ ৫,০৪৩ পদ৷ অর্হতা সম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি সহকাৰী শিক্ষক–নিম্ন প্রাথমিক বিদ্যালয়, সহকাৰী শিক্ষক, বিজ্ঞান শিক্ষক, অসমীয়া ভাষা শিক্ষক আৰু মণিপুৰী ভাষা শিক্ষক– উচ্চ প্রাথমিক বিদ্যালয়ত ৩,৯৪১ পদ পূৰণ কৰা হ’ব৷

আনহাতে হিন্দী শিক্ষক– উচ্চ প্রাথমিক বিদ্যালয়ত ১,১০২ পদ পূৰণ কৰা হ’ব৷ নিম্ন প্রাথমিক বিদ্যালয়ত পূৰণ হ’বলগীয়া সহকাৰী শিক্ষক পদৰ প্রার্থী ৫০ শতাংশ নম্বৰেৰে উচ্চতৰ মাধ্যমিক উত্তীর্ণ হোৱাৰ লগতে প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্লমাধাৰী আৰু অসম চৰকাৰৰ প্রাথমিক টেট উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ অন্যান্য ভাট্টা লাভ কৰিব৷ আনহাতে উচ্চ প্রাথমিক বিদ্যালয়ত পূৰণ হ’বলগীয়া সহকাৰী শিক্ষক, বিজ্ঞান শিক্ষক, অসমীয়া ভাষা শিক্ষক আৰু মণিপুৰী ভাষা শিক্ষক পদৰ প্রার্থী ক্রমে–সহকাৰী শিক্ষক পদৰ প্রার্থী স্নাতক উত্তীর্ণ হোৱা আৰু ২ বছৰীয়া প্রাথমিক শিক্ষা বিষয়ত ডিপ্লমাধাৰী অথবা বি এড ডিগ্রীধাৰী আৰু উচ্চতৰ মাধ্যমিক টেট উত্তীর্ণ হোৱা হ’ব লাগিব৷

বিজ্ঞান শিক্ষক পদৰ প্রার্থী বিজ্ঞানৰ স্নাতক হোৱাৰ লগতে প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্লমাধাৰী অথবা বি এড/ডি এডৰ লগতে উচ্চ মাধ্যমিকৰ টেট উত্তীর্ণ হোৱা হ’ব লাগিব৷ অসমীয়া ভাষা শিক্ষক পদৰ প্রার্থী অসমীয়া বিষয়ত স্নাতক ডিগ্রীধাৰীৰ লগতে প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্লমাধাৰী অথবা বি এড/ডি এডৰ লগতে উচ্চ মাধ্যমিকৰ টেট উত্তীর্ণ হোৱাটো বাঞ্ছনীয়৷ শেষত, মণিপুৰী ভাষা শিক্ষক পদৰ প্রার্থী মণিপুৰী বিষয়ত স্নাতক ডিগ্রীধাৰী আৰু প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্লমাধাৰী অথবা বি এড/ ডি এডৰ লগতে উচ্চ মাধ্যমিকৰ টেট উত্তীর্ণ হোৱা হ’ব লাগিব৷ ইপিনে উচ্চ প্রাথমিক বিদ্যালয়ৰ হিন্দী শিক্ষক (১১০২) পদৰ প্রার্থী হিন্দী বিষয়ত স্নাতক উত্তীর্ণ হোৱাৰ লগতে প্রাথমিক শিক্ষা বিষয়ত ২ বছৰীয়া ডিপ্লমাধাৰী অথবা বি এড/ডি এড উত্তীর্ণ হোৱাৰ লগতে উচ্চ মাধ্যমিকৰ টেট উত্তীর্ণ হোৱা হ’ব লাগিব৷

দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ অন্যান্য চৰকাৰী সা–সুবিধা লাভ কৰিব৷ প্রার্থীৰ বয়স ১ জানুৱাৰী ২০২০লৈ ১৮–৪০ বছৰ৷ বয়সৰ উর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ পদ প্রত্যাশীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, নিযুক্তি প্রক্রিয়া, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় বেৱছাইটwww.dee.assam.gov.in লগ ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ১২ ছেপ্ঢেম্বৰ ২০২০ৰ পৰা ২৬ ছেপ্ঢেম্বৰ ২০২০লৈ অব্যাহত থাকিব৷

You might also like