নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৩বিধ পাণ মছলাত মাৰাত্মক মেগনেছিয়াম কার্বনেট

চৰকাৰৰ শপতনামাত বিস্ফোৰক তথ্য

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ  ৰাজ্যত অলিয়ে–গলিয়ে উপলব্ধ হোৱা  পাণমছলা সেৱনৰ নামত বৰবিহ সেৱন কৰিছে আসক্ত লোকে৷ বিভিন্ন ব্রেণ্ডে বিক্রী কৰা পাণমছলাসমূহত মিহলোৱা হয় স্বাস্থ্যৰ বাবে অত্যন্ত হানিকাৰক মেগনেছিয়াম কার্বনেট৷ সম্প্রতি ৰাজ্যত উপলব্ধ হোৱা বিভিন্ন ব্রেণ্ডৰ ৪৩বিধ পাণমছলাত পোৱা গৈছে মেগনেছিয়াম কার্বনেটৰ উপস্থিতি৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত এই বিস্ফোৰক তথ্য উল্লেখ কৰিছে ৰাজ্য চৰকাৰে৷ নীতিবিৰুদ্ধভাৱে ৰাজ্যত বিক্রী কৰা পাণমছলাসমূহত স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক মেগনেছিয়াম কার্বনেট মিহলাই আহিছে বিভিন্ন কোম্পানীয়ে৷ কিয়নো খাদ্য সুৰক্ষা আৰু মানক অধিনিয়ম ২০১১ অনুসৰি পাণমছলাত মেগনেছিয়াম কার্বনেট ব্যৱহাৰ নিষিদ্ধ৷ উল্লেখ্য যে স্বাস্থ্যৰ বাবে হানিকাৰক পাণমছলা নিষিদ্ধকৰণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল অসমীয়া যুৱ মঞ্চৰ সচিবপ্রধান জিতুল ডেকাই৷ ইতিমধ্যে এই গোচৰটোৰ কেইবাটাও শুনানি অনুষ্ঠিত হৈছে৷ শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে এই সন্দর্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছিল৷ এই নির্দেশৰ ভিত্তিত ৰাজ্য চৰকাৰে দাখিল কৰা শপতনামাত মুঠ ৪৩টা ব্রেণ্ডৰ নমুনা পৰীক্ষাত মেগনেছিয়াম কার্বনেটৰ উপস্থিতি নিশ্চিত কৰা হৈছে বুলি উল্লেখ কৰা হৈছে৷ ইতিমধ্যে চিকিৎসা বিজ্ঞানৰ বিভিন্ন গৱেষণাত মেগনেছিয়াম কার্বনেট স্বাস্থ্যৰ বাবে অত্যন্ত ভয়াৱহ বুলি প্রকাশ পাইছে৷ বিশেষকৈ স্মৃতিশক্তি লোপ পোৱা, কর্কট আদি ৰোগৰ কাৰক মেগনেছিয়াম কার্বনেট বুলি প্রকাশ পাইছে৷ যাৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত পাণমছলাৰ প্রচলন, বিজ্ঞাপন আৰু বিক্রী সম্পূর্ণৰূপে বন্ধ কৰা হৈছে৷ অৱশ্যে অসমত এতিয়াও পাণমছলা বিক্রীৰ ক্ষেত্রত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই৷

You might also like