নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাম–প্রসংগৰে মুখৰিত হ’ল বটদ্রৱা–শুৱালকুছি

ক’ৰোনাৰ মাজতে ৰাজ্যজুৰি গুৰুজনাৰ আৱির্ভাৱ তিথি পালন ভক্তৰ

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   সাহিত্য–কৃষ্টিৰ বৰভেটি প্রতিষ্ঠাৰে জাতীয় জীৱনক নতুন সাজেৰে সজাই–পৰাই তোলা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ৫৭২সংখ্যক জন্মজয়ন্তী বটদ্রৱা থানত আজিৰে পৰা দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হৈছে৷ আজি পুৱাৰে পৰা থানৰ নিত্য–নৈমিত্তিক চৈধ্য প্রসংগৰ উপৰি বিয়লি থানৰ নাটঘৰত ভকত–বৈষ্ণৱ আইমাতৃসকলৰ উপস্থিতিত বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাই আঁত ধৰা গুৰুগাম্ভীর্যপূর্ণ অনুষ্ঠানত থানৰ বৰ নামলগোৱা যোগেশ কলিতা, ডম্বৰুধৰ গায়ন, দেৱেন নামলগোৱাক এখন ধর্মবস্ত্রৰে সেৱা ধৰাৰ পাছতে পৰম্পৰাগত গুৰুচৰিত পাঠৰ শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানটোত নৰোৱা সত্রৰ সত্রাধিকাৰ তথা বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামী, কার্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সহকাৰী সম্পাদক যোগেন শইকীয়া, ইন্দ্রমোহন শইকীয়া, প্রশান্ত ভৰালী, গজেন ৰাজখোৱা আদিৰ লগতে থানৰ সেৱকসকল, ভকত–বৈষ্ণৱ, আইমাতৃসকল উপস্থিত আছিল৷ কাইলৈ পুৱা তাল কোবোৱা প্রসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসংগ, দুপৰীয়া নাম–কীর্তন আদি বিভিন্ন পৰম্পৰাগত কার্যসূচীৰ লগতে পুৱা বটদ্রৱাৰ শ’লগুৰি, নৰোৱা সত্র প্রদক্ষিণ কৰি ভকত–বৈষ্ণৱে ঊষা কীর্তন কৰিব৷ বিয়লি গুৰুচৰিত পাঠৰ ঠিক পাছতে সন্ধিয়া ৫ বজাত শ্রীশ্রীবটদ্রৱা থান প্রাংগণ, সতী ৰাধিকা স্মৃতি ক্ষেত্র আৰু দৌল মন্দিৰ প্রাংগণত ৫৭২ গছি বন্তি প্রজ্বলন কৰিব৷ প্রতিজন গৃহস্থৰ পদূলিয়ে পদূলিয়ে কলপুলি পুতি প্রজ্বলিত বন্তিৰ আলোকেৰে দৃষ্টিনন্দন হ’ব দ্বিতীয় বৈকুণ্ঠধাম৷ উল্লেখ্য যে পূর্বৰ বছৰসমূহত বটদ্রৱা থানত জগত গুৰু শ্রীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীভাগ আড়ম্বৰপূর্ণভাৱে তিনি–চাৰিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হৈছিল৷ কিন্তু এইবেলি সমগ্র বিশ্বতে ত্রাস সৃষ্টি কৰা ক’ৰোনা মহামাৰীৰ বাবে সাংস্কৃতিক শোভাযাত্রা, বৰগীত, দিহানাম, ৰচনা, কুইজ, চিত্রাংকন ইত্যাদি বিভিন্ন প্রতিযোগিতা, নিশাৰ অংকীয়া ভাওনা, গুৰু জয়ন্তীৰ বিশেষ ধর্মালোচন সভা আদি আড়ম্বৰপূর্ণ অনুষ্ঠানসমূহ বাতিল কৰা হৈছে৷
খোল–তাল আৰু ভাওনাৰে মুখৰ হ’ল বস্ত্রনগৰী শুৱালকুছি
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ৫৭২সংখ্যক আৱির্ভাৱ মহোৎসৱ কার্যসূচী শুৱালকুছিত আজি শুভাৰম্ভ হয়৷ ভকত–বৈষ্ণৱ আৰু আইমাতৃসকলে পুৱাতে তাল–খোল বজাই পুৱাৰ জাগৰণি গীতেৰে ৰাজপথ ৰজনজনাই তোলে৷ দিনৰ ১০ বজাৰ পৰা আৰম্ভ হয় ৰাজপথত মহাপুৰুষজনাৰ অমৰ সৃষ্টি বাটৰ ভাওনা প্রদর্শন৷ শুৱালকুছিৰ কেইবাটাও দলে সামাজিক দূৰত্ব বজাই শুৱালকুছিৰ ৰাজপথৰ চ’কসমূহত কৰা ভাওনা প্রদর্শনে উপস্থিত সকলোকে মহামুগ্ধ কৰে৷ ভাওনা দলৰ লগত অহা একাংশই কীর্তনৰ ঘোষা গাই খোল আৰু তাল বজাই বস্ত্রনগৰীৰ আকাশ–বতাহ মুখৰিত কৰি তোলে৷ সন্ধিয়া প্রতিটো পৰিয়ালৰ পদূলিত বন্তি প্রজ্বলন কৰা হয়৷ ৬ বজাত অনুষ্ঠিত হয় ভাগৱত শোভাযাত্রা৷ কাইলৈৰ মুখ্য কার্যসূচীৰ ভিতৰত আছে পতাকা উত্তোলন, নাম–প্রসংগ, ধর্মালোচন সভা, ধর্ম মণ্ডলীৰ বৈঠক আৰু পতাকা অৱতৰণ৷ ইপিনে, আৱির্ভাৱ মহোৎসৱৰ মুখপত্র ‘শ্রীমন্ত শংকৰ প্রকাশ’ আজি মন্দিৰ প্রাংগণত উন্মোচন কৰে মহাপুৰুষীয়া ধর্মালোচন সভাৰ সভাপতি তৰুণ চন্দ্র দাসে৷

You might also like