নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০ বিছনাযুক্ত আইচিইউ ৱার্ড–ক’ভিড ৱার্ড উন্মোচন ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ (এছ এম চি) আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৪০ কোটি টকা ব্যয় কৰা হ’ব৷ শিলচৰ মেডিকেলক ৫০০ বিছনাযুক্ত জৰুৰী হাস্পতাললৈ উন্নীত কৰা হ’ব৷ ইয়াৰ বাবে এছ এম চিৰ পুৰণি ভৱনসমূহ নতুনকৈ নির্মাণ কৰা হ’ব আৰু এখন ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ ৰূপান্তৰিত কৰা হ’ব৷ নতুন আন্তঃগাঁথনিৰ বাবে ৯৬.০৫ কোটি টকা ব্যয় কৰা হ’ব৷ এম বি বি এছ আসনৰ সংখ্যা ১০০ৰ পৰা ১৫০লৈ উন্নীত কৰাৰ বাবে ৪৫.৮৬ কোটি টকা ব্যয় কৰা হ’ব৷ –শনিবাৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত নৱনির্মিত আই চি ইউ ৱার্ড আৰু ক’ভিড কেয়াৰ ৱার্ড উদ্বোধন কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এনেদৰে কয়৷ তেওঁ কয়– অত্যাধুনিক আন্তঃগাঁথনিৰে এছ এম চিত যুক্ত হ’ব দ্বিতীয় স্তৰৰ কেঞ্চাৰ হাস্পতাল৷ ইয়াৰ বাবে আনুমানিক ১৩৩ কোটি টকা ব্যয় কৰা হ’ব৷

প্রধানমন্ত্রী কেয়াৰ ফাণ্ডৰ ধনেৰে অতি কম দিনতে শিলচৰ মেডিকেল কলেজ হাস্পতালত ৪০ বিছনাৰ আই চি ইউ ৱার্ড নির্মাণ কৰা হৈছে৷ অত্যাধুনিক আই চি ইউ ৱার্ডটোৰ বিছনা পৰৱর্তী সময়ত ১০০খনলৈ বৃদ্ধি কৰা হ’ব৷ দুই–তিনি মাহৰ ভিতৰত আৰু ৬০খন আই চি ইউ বেড স্থাপন কৰা হ’ব৷ মন্ত্রী ড০ শর্মাই কয়– বৰাক উপত্যকাত ক’ভিড–১৯ ৰোগ প্রতিৰোধৰ বাবে এই আই চি ইউ ৱার্ড অন্যতম সংযোজন৷ তেওঁ কয় যে বৰাক উপত্যকাত ক’ভিড পৰিস্থিতি কিছু শাম কাটিছে৷ বর্তমান ক’ভিড পজিটিভ ৰেট কৰিমগঞ্জত ২ শতাংশ, হাইলাকান্দিত ২ শতাংশ আৰু কাছাৰত ৮ শতাংশ৷ কাছাৰৰ পৰিস্থিতি কিছু গম্ভীৰ যদিও অহা কেইদিনমানৰ ভিতৰত পৰিস্থিতি উন্নত হ’ব৷ অহা দুবছৰৰ ভিতৰতে ৰাজ্যখনৰ বিভিন্ন জিলাত ১৫খন কেঞ্চাৰ হাস্পতাল নির্মাণ কৰা হ’ব৷ নতুন কেঞ্চাৰ হাস্পতালসমূহ টাটা ট্রাষ্ট, অসম চৰকাৰ আৰু অসম কেয়াৰ ফাউণ্ডেচনে পৰিচালনা কৰিব বুলিও তেওঁ কয়৷ মন্ত্রী ড০ শর্মাই লগতে কয় যে ১০০ বছৰ পুৰণি শিলচৰ চিভিল হাস্পতালখনৰ পুৰণি ভৱনসমূহ নতুনকৈ নির্মাণ কৰা হ’ব৷ চিভিল হাস্পতালক ৩০০ বিছনাযুক্ত হাস্পতাললৈ উন্নীত কৰা হ’ব আৰু ইয়াৰ বাবে ৪০ৰ পৰা ৫০ কোটি টকা খৰচ কৰা হ’ব৷ নতুন চিভিল হাস্পতালক এছ এম চিৰ এখন এনেক্সড হাস্পতাল কৰা হ’ব৷ পি জি শিক্ষার্থীয়ে চিভিল হাস্পতালত সেৱা প্রদান কৰিব লাগিব৷ অহা নৱেম্বৰ বা ডিচেম্বৰ মাহৰ ভিতৰত চিভিলৰ কাম–কাজ আৰম্ভ কৰা হ’ব৷

কাছাৰ জিলাৰ ৰাইজক ৰেপিড এণ্টিজেন পৰীক্ষা কৰাৰ বাবেও আহ্বান জনায় তেওঁ৷ জ্বৰ, কাহ, চর্দি, ডায়েৰীয়াৰ দৰে লক্ষণ দেখা পালে প্রাথমিক চিকিৎসাৰ বাবে হাস্পতালত ৰিপ’ট কৰিবলৈ আহ্বান জনায় তেওঁ৷ অনুষ্ঠানত শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়ক দিলীপ কুমাৰ পাল, বিধায়ক অমৰচান্দ জৈনসহ জিলাৰ সকলো বিধায়ক, সাংসদ, জিলা বিজেপিৰ কর্মকর্তা আৰু বিভাগীয় বিষয়া উপস্থিত আছিল৷ ইপিনে, মাদ্রাছা বন্ধ কৰাৰ সিদ্ধান্ত প্রত্যাহাৰ কৰাৰ দাবীত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰে বৰাকৰ ইছলামিক চিন্তাবিদ আৰু মৌলবীসকলে৷ শনিবাৰে শিলচৰ আৱর্ত ভৱনত মন্ত্রীৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকে মাদ্রাছা বন্ধ কৰাৰ সিদ্ধান্ত প্রত্যাহাৰৰ দাবী জনায়৷ তেওঁলোকে মন্ত্রীগৰাকীক কয় যে মাদ্রাছাত কেৱল আৰবী শিক্ষা দিয়া নহয়৷ আৰবী শিক্ষাৰ লগতে সাধাৰণ শিক্ষা, নৈতিক শিক্ষা আৰু আচৰণ–নুষ্ঠানৰ শিক্ষাও দিয়া হয়৷

শিক্ষামন্ত্রীক তেওঁৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনায় উত্তৰ–পূব ভাৰতৰ নদওয়াতুত তামিৰৰ আমিৰে শ্বৰীয়ত মৌলানা ইউছুফ আলীয়ে৷ মন্ত্রীৰ সৈতে সাক্ষাৎ কৰি আহলে ছুন্নত ৱাল জামাত, জমিয়ত উলেমা হিন্দ আৰু নদওয়াতুত তামিৰ আদি সংগঠনৰ প্রতিনিধিয়ে সাংবাদিকক জনায় যে তেওঁলোকৰ দাবী সন্দর্ভত মন্ত্রীগৰাকীয়ে গুৰুত্ব দিছে৷ মন্ত্রীয়ে মাদ্রাছা বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ আগতে সংখ্যালঘু ধর্মীয়প্রধান আৰু নেতাৰ সৈতে আলোচনাত বহিব৷ প্রতিনিধি দলত আছিল উত্তৰ–পূর্বাঞ্চলৰ আহলে ছুন্নত ৱাল জামাতৰ মুখ্য উপদেষ্টা মৌলানা ছাৰিমুল হক লস্কৰ, জমিয়ত উলেমা হিন্দৰ মৌলানা মাহমদুল হাছান আদি৷

You might also like