ক’ৰোনাত ৰাজ্যত পুনৰ ১৩জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ৰাজ্যখনত মহামাৰী ক’ৰোনাৰ সংহাৰ অব্যাহত আছে৷ শনিবাৰৰ দিনটোত ক’ৰোনাত আক্রান্ত ১৩গৰাকী লোকৰ মৃত্যু হয়৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬৩৮গৰাকীলৈ বৃদ্ধি পালে৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি ক’ৰোনাত আক্রান্ত হৈ শিৱসাগৰৰ ৰাজীৱ আহমেদ (৪৮), ধেমাজিৰ সাৰদা ছেত্রী (৩০), হোজাইৰ ধৃতিমান পাল (৪৮), গোলাঘাটৰ বৈছাখী কালিন্দী (৬৫), যোৰহাটৰ সৰুকণ শইকীয়া (৭৫), বীৰেন বৰা (৬৬), গোলাঘাটৰ অমলজ্যোতি বৰা (৫২), ওদালগুৰিৰ ৰঞ্জিত শইকীয়া (৬৫), শোণিতপুৰৰ আগবি চোৰেণ (৫৫), গোলাঘাটৰ কর্ণ তাঁতী (৭৩), নগাঁৱৰ ৰজনী বৰা (৬০), কৰিমগঞ্জৰ ছেমিম খালেদ (৪৩) আৰু শিৱসাগৰৰ গন্ধেশ্বৰ বৰা (৭৬)ৰ মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷
ইপিনে কালিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১,৭৩৬গৰাকী লোক ক’ৰোনাত আক্রান্ত হয়৷ ইয়াৰে ৩৯৭গৰাকী গুৱাহাটী মহানগৰীৰ৷ সেইদৰে যোৰহাটৰ ১৪৫, ডিব্রুগড়ৰ ১৩০গৰাকী লোক আক্রান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ২৫,৮৩১গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৬.৭২শতাংশ৷ আজি আক্রান্ত হোৱাসকলকে ধৰি ৰাজ্যখনত এতিয়ালৈ সর্বমুঠ ১,৬৯,১১০গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷