নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ ঘণ্টা ধৰি দীপিকাক জেৰা এনচিবিৰ ছাৰা–শ্রদ্ধাকো সোধাপোছা

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুত সাঙোৰ খাই পৰা ড্রাগ্ছ গোচৰৰ তদন্তত প্রতিদিনে নতুন নতুন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ চিত্র নির্মাতা কৰণ জোহৰৰ ধর্মা প্রডাকচনৰ কার্যবাহী সঞ্চালক ক্ষিতীশ ৰবি প্রসাদক এন চি বিয়ে আজি গ্রেপ্তাৰ কৰে৷ ক্ষিতীশে জেৰাৰ সময়ত পাঁচগৰাকী বলীউড চেলিব্রিটী আৰু দুগৰাকী চিত্র নির্মাতাৰ নাম প্রকাশ কৰিছে এন চি বিৰ সমুখত৷

ইপিনে, অভিনেতা সুশান্তৰ প্রেমিকা ৰিয়া চক্রৱর্তী আৰু ড্রাগ্ছ মাফিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত বলীউডৰ ২৫ তাৰকাক ৰাডাৰত ৰখা নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ই (এন চি বি) আজি বলীউডৰ মোহময়ী অভিনেত্রী দীপিকা পাডুকন, ছাৰা আলী খান, শ্রদ্ধা কাপুৰ আৰু ৰাকুল প্রীত সিঙক জেৰা চলায়৷ দীপিকা পাডুকনৰ মেনেজাৰ কৰীশ্মা প্রকাশৰ সৈতে হোৱাটছএপ বার্তালাপত ড্রাগ্ছক লৈ চলোৱা বার্তাৰ তথ্যৰ ভিত্তিত চমন জাৰি কৰা দীপিকা আজি পুৱা ৯.৪৫ বজাত এন চি বিৰ কার্যালয়ত উপস্থিত হয়৷ এন চি বিৰ পাঁচজনীয়া দলে অভিনেত্রী দীপিকাক পাঁচ ঘণ্টা ধৰি জেৰা চলোৱাৰ সমান্তৰালকৈ ছাৰা, শ্রদ্ধা আৰু ৰাকুল প্রীতকো জেৰা চলায় এন চি বিয়ে৷ তদন্তকাৰী সংস্থাটোৰ সূত্রত প্রকাশ পোৱা মতে, দীপিকা পাডুকন আৰু মেনেজাৰ কৰীশ্মা প্রকাশক মুখামুখিকৈ বহুৱাই লৈ এন চি বিয়ে জেৰা কৰাত অভিনেত্রী দীপিকাই তেওঁৰ মেনেজাৰ প্রকাশৰ সৈতে হোৱাটছএপযোগে ড্রাগ্ছক লৈ বার্তালাপ কৰে বুলি স্বীকাৰ কৰে৷ এন চি বিৰ বিষয়া কে পি এছ মালহোত্রা আৰু তেওঁৰ দলে অভিনেত্রী দীপিকাক ড্রাগ্ছ সেৱন আৰু ড্রাগ্ছ পার্টী সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত সন্তুষ্ট হোৱা নাই৷ এইক্ষেত্রত অভিনেত্রী দীপিকাক পুনৰ জেৰাৰ বাবে চমন জাৰি কৰাৰ সম্ভাৱনা আছে৷

আনপিনে গোৱাৰ পৰা শ্বুটিং আধাতে এৰি মুম্বাইলৈ উভতি অহা ছাৰা আলী খান আজি এন চি বিৰ কার্যালয়ত উপস্থিত হোৱাৰ পাছতে তদন্তকাৰী সংস্থাটোৱে জেৰা কৰে৷ দিনৰ ১ বজাৰ পৰা এন চি বিয়ে ছাৰা আলী খানক সোধা–পোছা কৰাৰ বিপৰীতে শ্রদ্ধা কাপুৰক দিনৰ ১২ বজাৰ পৰা ড্রাগ্ছ গোচৰক লৈ সোধা–পোছা কৰে৷ এন চি বিৰ সূত্রত প্রকাশ পোৱা মতে, ছাৰা আলী খানে ড্রাগ্ছ সেৱন কৰাৰ অভিযোগ খণ্ডন কৰে৷ অভিনেত্রীগৰাকীয়ে ড্রাগ্ছ সেৱন নকৰা বুলি স্বীকাৰোক্তি দি কেদাৰনাথ ছবিৰ শ্বুটিঙৰ সময়ত সুশান্ত ৰাজপুতৰ সৈতে সম্পর্ক নিকট হোৱা বুলি কয়৷ ড্রাগ্ছ সেৱন নকৰিলেও অভিনেত্রী ছাৰাই চিগাৰেট সেৱন কৰে বুলি স্বীকাৰোক্তিত উল্লেখ কৰে৷ তেনেদৰে অভিনেত্রী ছাৰাই সুশান্তৰ ফার্ম হাউছলৈ আহ–যাহ কৰাৰ লগতে ফার্ম হাউছত অনুষ্ঠিত পার্টীত অংশগ্রহণ কৰাৰ কথাও স্বীকাৰ কৰে৷ অৱশ্যে ৰিয়া চক্রৱর্তীয়ে উত্থাপিত অভিযোগ ছাৰাই সমূলি নাকচ কৰে৷ আনপিনে, শ্রদ্ধা কাপুৰেও এন চি বিৰ দলৰ সন্মুখত ড্রাগ্ছ সেৱন নকৰে বুলি দাবী কৰে৷

তদন্তকাৰী সংস্থাটোৱে শ্রদ্ধা কাপুৰৰ কোনো এটা উত্তৰতেই সন্তুষ্ট হোৱা নাই৷ এনে ক্ষেত্রত অভিনেত্রী শ্রদ্ধাক পুনৰ সোধা–পোছাৰ বাবে চমন জাৰি কৰাৰ ইংগিত দিছে এন চি বিয়ে৷ এন চি বিৰ জেৰাৰ সন্মুখীন হোৱা আন এগৰাকী অভিনেত্রী ৰাকুল প্রীত সিঙে ধর্মা প্রডাকচনৰ সহযোগীয়ে ড্রাগ্ছ যোগান ধৰাটো স্বীকাৰ কৰে৷ অভিনেত্রী ৰাকুল প্রীতে ড্রাগ্ছ সেৱন নকৰা বুলি এন চি বিৰ দলটোক স্বীকাৰোক্তি দি ধর্মা প্রডাকচনৰ কার্যবাহী সঞ্চালক ক্ষিতীশ ৰবি প্রসাদে ড্রাগ্ছ সম্পর্কীয় কার্যকলাপত জড়িত থকা বুলি কয়৷ ৰাকুল প্রীতে এন চি বিৰ বিষয়া মালহোত্রাৰ সন্মুখত ড্রাগ্ছ সম্পর্কীয় বহু তথ্যই প্রকাশ কৰে৷ ক্ষিতীশে অভিনেত্রী ৰাকুল প্রীতক ড্রাগ্ছ সৰবৰাহৰ ক্ষেত্রত কাম কৰাৰ বাবেও প্রস্তাৱ আগবঢ়ায় বুলি স্বীকাৰোক্তি দিয়ে৷ এন চি বিৰ জেৰাত ৰাকুল প্রীতে ৰিয়া চক্রৱর্তীয়ে ড্রাগ্ছ সৰবৰাহত জড়িত থকা বুলি স্বীকাৰ কৰে৷ উল্লেখ্য যে এন চি বিয়ে জেৰা কৰি সন্দেহ ওপজাত ধর্মা প্রডাকচনৰ কর্মচাৰী ক্ষিতীশ ৰবি প্রসাদৰ বাৰছোভা বাসভৱনত তালাচী চলায়৷ এই তালাচীৰ সময়ত ক্ষিতীশৰ বাসভৱনৰ পৰা ১২ লাখ টকাৰ মাৰিজুৱানা উদ্ধাৰ কৰে এন চি বিৰ দলে৷ উল্লেখ্য যে ধর্মা প্রডাকচনৰ কর্মচাৰী ক্ষিতীশক গ্রেপ্তাৰ কৰা এন চি বিয়ে ২০১৯ চনত কৰণ জোহৰে আয়োজন কৰা ড্রাগ্ছ পার্টীৰ তদন্ত কৰিব৷ এই পার্টীটোত বলীউডৰ কেইবাগৰাকীও চেলিব্রিটীয়ে অংশগ্রহণ কৰিছিল৷ শীঘ্রেই এই পার্টীত অংশগ্রহণকাৰী চেলিব্রিটীক চমন জাৰি কৰিব এন চি বিয়ে৷

You might also like