নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড প্রাক্তন ডিআইজি পি কে দত্তৰ বিৰুদ্ধে আন কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এগৰাকী সাধাৰণ লোকক ধন দাবী কৰাৰ গোচৰত অগ্রিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখথেকেচা খাবলগীয়া হৈছে পি কে দত্তই৷ গুৱাহাটীৰ বশিষ্ঠ থানাত ৰুজু হৈ থকা ১০৪৪/২০২০ নম্বৰৰ গোচৰত দত্তই দাখিল কৰা জামিন আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে৷ এবি২১৮২/২০২০ নম্বৰৰ জামিন আবেদন খাৰিজ কৰি উচ্চ ন্যায়ালয়ে এই গোচৰটোত প্রাক্তন ডিআইজি দত্তক সোধা–পোছাৰ প্রয়োজনীয়তা আছে বুলি উল্লেখ কৰে৷ তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গুৰুতৰ বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে দত্তক সকাহ দিবলৈ অমান্তি হয়৷
উল্লেখ্য যে মহাপ্রতাপী দত্তই ভূমি বেদখলৰ নামত একপ্রকাৰ আতংকৰ সৃষ্টি কৰিছে৷ আনকি একাংশ লোকক তেওঁ ধন দাবী কৰিছিল৷ বশিষ্ঠ থানাত ৰুজু হোৱা গোচৰ অনুসৰি জয়মান নার্জাৰী নামৰ খানাপাৰাৰ এজন ব্যক্তিক ১০ লাখ টকা দাবী কৰিছিল প্রাক্তন ডিআইজিজনে৷ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি নার্জাৰীয়ে লখৰাৰ ছাগালপাৰাত আঢ়ৈ কঠা মাটি ধন মিকিৰ নামৰ এজন লোকৰ পৰা পাৱাৰ অৱ এটর্নী লৈ বিক্রী কৰিছিল৷ এই মাটিখিনি বিক্রী কৰাৰ পিছতে দত্তই নার্জাৰীক ফোন কৰি ১০ লাখ টকা দাবী কৰে৷ নিজকে প্রাক্তন ডিআইজি বুলি চিনাকি দি ভয়–ভাবুকিৰে তেওঁ এই ধন আদায় দিবলৈ চেষ্টা কৰে৷ পি কে দত্তৰ চৰকাৰী দেহৰক্ষী আৰু আন এজন ব্যক্তিয়ে বলপূর্বকভাৱে জয়মান নার্জাৰীক ছাগালপাৰালৈ মাতি নি বলপূর্বকভাৱে মাটি ক্রয় কৰা দুয়োজন ব্যক্তিৰ পৰা ৫ লাখ টকাকৈ চেকত চহী কৰাই লয়৷ সেই সময়ত ঘটনাস্থলীত উপস্থিত আছিল পি কে দত্ত৷ পৰৱর্তী সময়ত জয়মান নার্জাৰীয়ে বশিষ্ঠ থানাত পি কে দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ কিন্তু এই গোচৰত আজিপর্যন্ত কোনো তদন্তই নকৰিলে বশিষ্ঠ আৰক্ষীয়ে৷ যাৰ পৰিপ্রেক্ষিতত সেই সময়ত দত্তই অবাধে ধন দাবী, ভূমি বেদখল কৰি যোৱাৰ লগতে নিযুক্তি কেলেংকাৰিত জড়িত হ’বলৈ সুযোগ লাভ কৰিলে৷ অৱশ্যে অসম আৰক্ষীয়ে ম’ষ্টৱাণ্টেড ঘোষণা কৰা দত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হ’বনে, তাক লৈও সৃষ্টি হৈছে প্রশ্নৰ৷