নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত বানৰ কবলত শ শ বিঘা শালি খেতি

আহিনৰ আবতৰীয়া বানঃ মূৰে–কপালে হাত দিছে কৃষক পৰিয়ালে

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ  এটাৰ পিছত আন এটা বিপদে লগ এৰা নাই ৰাজ্যৰ কৃষকক৷ বিশ্বত্রাস মহামাৰী ক’ৰোনা ভাইৰাছে সকলো পর্যায়ৰ লোকক সকলো ফালৰ পৰা জুৰুলা কৰাৰ সমান্তৰালকৈ কৃষি ক্ষেত্রতো পেলাইছে বিৰূপ প্রভাৱ৷ অতি মহামাৰীৰ ফলত প্রযোজ্য হোৱা লকডাউনে কৃষকৰ উৎপাদিত শস্য উপযুক্ত দামত উপযুক্ত স্থানত বেচিব নোৱাৰাত এনেই পেলাই দিবলগীয়া হৈছিল৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হোৱা বানে অন্য শস্যৰ লগতে শালি খেতিৰ কঠীয়াতলী দুবাৰকৈ বিধ্বস্ত কৰাৰ পিছত তৃতীয়বাৰৰ বাবে খেতিয়কসকলে কোনোমতে কঠীয়া সিঁচি শালি খেতি কৰিছিল৷ কিন্তু শেহতীয়াকৈ ৰাজ্যত অহা আহিন মাহৰ বানে এই খেতিপথাৰসমূহ বুৰাই পেলোৱাত গভীৰ চিন্তাত পৰিছে খেতিয়কসকল৷ ৰাজ্যৰ অন্য প্রান্তৰ লগতে মহানগৰীৰ চন্দ্রপুৰ অঞ্চলৰ পাণবাৰী, ঠাকুৰকুছি, হাজংবৰী আদি গাঁৱৰ কেইবাশ বিঘা শালি খেতি এতিয়া বানৰ কবলত৷ বানত বুৰ গৈছে ঠোঁক ওলোৱা ধান৷ আৰু প্রায় ডেৰ–দুমাহ পিছত এই অঞ্চলৰ কৃষকসকলে নিজৰ খেতিডৰাৰ পৰা ধানসমূহ ভঁৰালত চপাব পৰিলহেঁতেন৷ কিন্তু আহিন মহীয়া এই আবতৰীয়া বানে এইসকল কৃষকক গভীৰ অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে৷ কিয়নো এই ঠোঁক ওলোৱা ধানৰ পথাৰসমূহ বানৰ কবলৰ পৰা মুক্ত হ’লেও ধানসমূহ পতানলৈ ৰূপান্তৰিত হ’ব আৰু আশা কৰাধৰণে ফল নাপাব খেতিয়কসকলে৷ এতিয়া মূৰে–কপালে হাত দিয়াৰ বাহিৰে যেন উপায় নাই এইসকল খেতিয়কৰ কাৰণ বছৰৰ ভাত মুঠি কেৱল শালি ধানৰ খেতি কৰিয়ে যোগাৰ কৰে৷ তদুপৰি আৰু মাত্র কেইদিনমান পিছতেই অসমৰ স্বাভিমান কাতি বিহু৷ কাতি বিহুত কৃষক পৰিয়ালে আপোন পথাৰখনত সোণগুটি ডৰাৰ চাকি–বন্তি জ্বলাই পথাৰত কীট–পতংগৰ পৰা পৰিত্রাণ পাবলৈ ভগৱন্তৰ ওচৰত প্রার্থনা জনায়৷ কিন্তু এইবাৰৰ এই আহিন মহীয়া বানে হয়তো এইসকল কৃষক পৰিয়ালক এইকণ সুবিধাৰ পৰাও বঞ্চিত কৰিব৷ উল্লেখ্য যে পাণবাৰী, ঠাকুৰকুছি, হাজংবৰী আদি গাঁৱৰ খেতিপথাৰত আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে ইতিমধ্যে কেইবাবাৰো জুৰুলা কৰি তুলিছে এইসকল কৃষক পৰিয়ালক৷

You might also like