নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ চৰকাৰী নিযুক্তিত গোপন বেহা পাতি চাকৰিপ্রত্যাশী শিক্ষিত নিবনুৱাৰ জীৱনক লৈ হেতালি খেলা দালাল দিবন ডেকা অৱশেষত জালত পৰিল৷ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ অন্যতম মাষ্টাৰ মাইণ্ডজনক বুধবাৰে পাটাছাৰকুছিত গ্রেপ্তাৰ কৰা হয়৷ এখন এম্বুলেঞ্চেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে ৩১নং ৰাষ্ট্রীয় ঘাইপথত প্রশ্নকাকত ফাদিলৰ তদন্তৰ দায়িত্বত থকা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (চি আই ডি) আৰু ক্রাইম ব্রাঞ্চে নিশা প্রায় ১১ বজাত ধৰা পেলাবলৈ সক্ষম হয় দিবন ডেকাক৷ চি আই ডিৰ এক শীর্ষস্থানীয় সূত্রই সদৰী কৰা অনুসৰি প্রশ্নকাকত ফাদিলক কেন্দ্র কৰি সমগ্র ৰাজ্য তোলপাৰ হৈ থকাৰ সময়তে অজ্ঞাত স্থানৰ পৰা আত্মসমর্পণৰ উদ্দেশ্যে গুৱাহাটী অভিমুখে আহি আছিল৷ কিন্তু চিআইডি–ক্রাইম ব্রাঞ্চ তথা অসম আৰক্ষীয়ে কোনো কাৰণতে দিবন ডেকাক আত্মসমর্পণৰ সুযোগ দিব বিচৰা নাছিল৷ সেইবাবেই নির্দিষ্ট তথ্যৰ ভিত্তিত ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ বিভিন্ন স্থানত খাপ পিটি আছিল চিআইডি–ক্রাইম ব্রাঞ্চৰ দল৷ এই দলটোত অসম আৰক্ষীৰ কেইবাজনো শীর্ষস্থানীয় বিষয়াও আছিল৷ ইয়াৰ সমান্তৰালভাৱে নামনি অসমৰ ফালৰ পৰা গুৱাহাটীত প্রৱেশৰ মূল পথ জালুকবাৰীত ব্যাপক তালাচী অভিযান চলোৱা হৈছিল৷ অৱশেষত পাটাছাৰকুছিৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত খাপ পিটি থকা চিআইডি–ক্রাইম ব্রাঞ্চৰ দলে চাকৰিৰ গোপন বেহা পতা চক্রটোৰ অন্যতম খলনায়কজনক জালত পেলাবলৈ সক্ষম হয়৷ পাটাছাৰকুছিত গ্রেপ্তাৰ কৰাৰ পাছতে তাৎক্ষণিকভাৱে প্রায় ১২খন বাহনৰ বিশাল কনভয়েৰে অভিযানকাৰী দলে দিবন ডেকাক লৈ গুৱাহাটী অভিমুখে ৰাওনা হয়৷
লক্ষণীয়ভাৱে কালিৰে পৰা দিবন ডেকাই আত্মসমর্পণ কৰিব বুলি চর্চা লাভ কৰিছিল৷ এই চর্চাই বুধবাৰে সন্ধিয়াৰ ভাগত ব্যাপক পর্যায় পায়গৈ৷ তাৰ মাজতে নিশা দিবন ডেকা জালত পৰাটো অতি গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত ৰাজ্যৰ ১৫৪টা কেন্দ্রত অসম আৰক্ষীৰ ৫৯৭টা এছ আই পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল৷ এই পৰীক্ষাত অৱতীর্ণ হৈছিল প্রায় ৬৬ হাজাৰ প্রার্থী৷ কিন্তু পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিছু সময়ৰ পিছতে ৰাজহুৱা হয় প্রশ্ণকাকত৷ ফাদিল হোৱা প্রশ্নকাকত হোৱাটছএপযোগে লাভ কৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ সদ্য পদত্যাগী অধ্যক্ষ প্রদীপ কুমাৰে৷ পাছত প্রশ্নকাকতখন প্রেৰণ কৰা গৌতম মেছ আৰু দিবন ডেকাক লগত লৈ প্রদীপ কুমাৰে চি আই ডিত এখন এজাহাৰ দাখিল কৰে৷ পিছে চিআইডিয়ে প্রাথমিক অনুসন্ধানৰ স্বার্থত দিবন ডেকাক আটক নকৰি ৰহস্যজনকভাৱে এৰি দিয়ে৷ ইয়াৰে সুযোগ গ্রহণ কৰিয়েই দিবন ডেকাই আত্মগোপন কৰে৷ সেই সময়ত প্রশ্নকাকত ফাদিলৰ অন্যতম মাষ্টাৰ মাইণ্ডজনক নাগালেণ্ডত আত্মগোপনৰ সন্দেহ কৰা হৈছিল যদিও বুধবাৰে পাটাছাৰকুছিৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত গ্রেপ্তাৰ হোৱাটো তাৎপর্যপূর্ণ ৰূপে চিহ্ণিত হৈছে৷ ইয়াৰ পৰাই দিবন ডেকাই পশ্চিমবংগ বা সেই দিশৰ কোনো স্থানত বিগত দিনকেইটাত আত্মগোপন কৰি থকা বুলি অনুমান কৰিব পাৰি৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে চিআইডি আৰু ক্রাইম ব্রাঞ্চে ইতিমধ্যে গুৱাহাটীকে ধৰি বিভিন্ন স্থানত মাৰাথন তালাচী চলাই কেইবাজনো লোকক গ্রেপ্তাৰ কৰিছে যদিও এই কাণ্ডৰ দুই মাষ্টাৰ মাইণ্ড দিবন ডেকা আৰু অসম আৰক্ষীৰ কুখ্যাত অৱসৰপ্রাপ্ত উপ–মহাপৰিদর্শক পি কে দত্তৰ কোনো সন্ধান উলিয়াব পৰা নাছিল৷ কেৱল দুয়োজনৰ ক্ষেত্রত সন্ধান দিওঁতালৈ ১ লাখ টকা পুৰস্কাৰ ঘোষণাতেই যেন চিআইডি–ক্রাইম ব্রাঞ্চৰ তদন্ত থমকিছিল৷ দিবন ডেকা গ্রেপ্তাৰ হ’লেও পি কে দত্ত বর্তমানে শুংসূত্রহীন৷ অৱশ্যে দিবন ডেকা ধৰা পৰাৰ লগে লগে চাকৰিৰ গোপন বেহা তথা প্রশ্নকাকত ফাদিলৰ ঘটনাৰ আঁৰত আৰু কোন কোন জড়িত আছে, সেয়া ক্রমশঃ স্পষ্ট হৈ পৰিব৷