পি কে দত্তৰ অর্ডার্লী জিআৰপি জোৱান জিতু মিকিৰক গ্রেপ্তাৰঃ নলবাৰীত আটক ২
হোটেল ভার্গৱ গ্রেণ্ডত প্রার্থী থকা ২৯টা কোঠা ছীল
নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ পৰীক্ষা কেলেংকৰিৰ গোচৰত আৰু এজন লোকক গ্রেপ্তাৰ কৰে চি আই ডিয়ে৷ চি আই ডিয়ে গ্রেপ্তাৰ কৰা লোকজন জি আৰ পিৰ জোৱান জিতু মিকিৰ৷ উল্লেখ্য যে আৰক্ষী জোৱান জিতু মিকিৰে দীর্ঘদিন ধৰি বিতর্কিত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্তৰ অর্ডার্লী হিচাপে কাম কৰিছিল৷ এছ আই পদৰ পৰীক্ষা কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্তহ অসম আৰক্ষীৰ মহাপৰিদর্শক হিচাপে অৱসৰ গ্রহণ কৰাৰ পাছতো দত্তই জিতু মিকিৰক নিজৰ লগত ৰাখিছিল৷ কুখ্যাত পি কে দত্তৰ লগত অর্ডার্লী হিচাপে কাম কৰি থকা জিতুক চি আই ডিয়ে গ্রেপ্তাৰ কৰাৰ পাছতে পলাতক দত্তৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে৷ চি আই ডিৰ এক সূত্রই জনোৱা মতে, এছ আই পদৰ পৰীক্ষা কেলেংকাৰিৰ তদন্ত কৰা তদন্তকাৰী বিষয়াই বুধবাৰে জিতুক পি কে দত্তৰ অৱস্থিতি সন্দর্ভত সোধা–পোছা কৰে৷ লগতে উক্ত কেলেংকাৰি সন্দর্ভতো তদন্তকাৰী বিষয়াই জিতুক সোধা–পোছা কৰে৷ ইফালে চি আই ডিৰ এটা দলে বুধবাৰে পি কে দত্তৰ মালিকানাধীন মহানগৰীৰ বেতকুছিত থকা হোটেল ভার্গৱ গ্রেণ্ড আৰু লখৰাস্থিত হোটেল ভার্গৱ ইনত উপস্থিত হয়৷ চি আই ডিৰ দলটোৱে ভার্গৱ গ্রেণ্ডত উপস্থিত হৈ ধনৰ বিনিময়ত এছ আই পদৰ চাকৰি ক্রয় কৰিব বিচৰা মুঠ ৬৩জন প্রার্থীয়ে যোৱা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা আনুষ্ঠানিক পৰীক্ষাৰ পূর্বে বাহৰ পাতি থকা হোটেলখনৰ ২৯টা কোঠা ছীল কৰে৷ আনহাতে, পৰীক্ষা কেলেংকাৰিৰ নথি–পত্র জ্বলাই দিয়া ভার্গৱ ইন হোটেলখনৰ স্থান চি আই ডিৰ দলটোৱে আজি ছীল কৰি দিয়ে৷
নলবাৰী আৰক্ষীৰ জালত এছ আই পৰীক্ষা কেলেংকাৰিৰ আৰু দুজন পৰীক্ষার্থী
অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ (এছ আই) নিযুক্তি পৰীক্ষা কেলেংকাৰিৰ অভিকেন্দ্র নলবাৰী জিলাৰ আৰক্ষীৰ হাতত এজন এজনকৈ অভিযুক্ত, পৰীক্ষার্থী গ্রেপ্তাৰ হৈছে৷ আটকাধীন এই পৰীক্ষার্থী যুৱক দুজন হ’ল হাজোৰ আব্দুল শ্বেখ আৰু বিটুমণি দাস৷ জানিব পৰা মতে, আটকাধীন এই দুয়োজন পৰীক্ষার্থীৰ ইতিমধ্যে আত্মসমর্পণ কৰা দালাল টিহুৰ কুমুদ গোস্বামীৰ সৈতে যোগাযোগ আছিল৷ থেংক ইউ লজত দুয়োজনে পৰীক্ষাৰ প্রশিক্ষণো লৈছিল৷ নলবাৰীৰ আৰক্ষীয়ে জোৰদাৰ কৰি তুলিছে তদন্ত প্রক্রিয়া৷ আটকাধীন অভিযুক্তৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে ন ন তথ্য৷ ধর্মপুৰ সমষ্টিৰ বিজেপি নেতা কুলদীপ ৰাজবংশীৰ ভাষ্যৰ ভিত্তিতে নলবাৰী আৰক্ষীয়ে ছগৰাকীকৈ পৰীক্ষার্থীক আটক কৰে আৰু শেহতীয়াভাৱে এই কেলেংকাৰিত নাম সাঙোৰ খাই পৰা ধর্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ঘনিষ্ঠ সর্বেশ্বৰ বর্মনৰ ভতিজা নিতুল বর্মনক গ্রেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে৷ বর্তমানো নিতুল বর্মন পলাই থকা বুলি আজি তেওঁৰ পিতৃয়ে জানিবলৈ দিয়াৰ লগতে ইতিমধ্যে নিতুলক বিচাৰি নলবাৰী আৰক্ষী নিতুলৰ ঘৰলৈ বিচাৰি অহা বুলি জানিবলৈ দিয়ে৷ এবছৰ পূর্বে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত নিতুলৰ লগতে তেওঁৰ ভাতৃ মৃদুল বর্মনৰ তথ্য আৰু জনসংযোগ বিভাগত চাকৰি হৈছিল৷ এই চাকৰি কেনেকৈ লাভ কৰিছিল, সেই লৈও ৰাইজৰ মাজত ব্যাপক চর্চা চলিছে৷