নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ফেব্রুৱাৰীৰ পৰা ৰাজ্যিক কর্মচাৰীৰ চিকিৎসা সেৱা আঁচনি

স্বাস্থ্যমন্ত্রীৰে বৈঠক

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ  ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে এটা সুখবৰ৷ অহা বছৰৰ ১ ফেব্রুৱাৰীৰ পৰা ৰাজ্যিক কর্মচাৰী আৰু অৱসৰপ্রাপ্ত কর্মচাৰীসকলৰ বাবে কেন্দ্রীয় চৰকাৰৰ আর্হিত চিকিৎসা সেৱা আঁচনি কার্যকৰী কৰিব৷ সদৌ অসম কর্মচাৰী পৰিষদে  এক বিবৃতিযোগে এই কথা প্রকাশ কৰিছে৷

উল্লেখ্য যে পৰিষদৰ সভাপতি প্রদীপ দত্ত, সম্পাদকপ্রধান মৃণাল দাস, মুখ্য উপদেষ্টা বাসৱ চন্দ্র কলিতাৰ নেতৃত্বত ২২জনীয়া কর্ণধাৰ সমিতিৰ সৈতে আজি ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা এখন বৈঠকত মিলিত হয়৷ সেই বৈঠকতে ৰাজ্যিক কর্মচাৰী আৰু অৱসৰপ্রাপ্ত কর্মচাৰীসকলক অহা ১ ফেব্রুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ কেন্দ্রীয় চৰকাৰৰ আর্হিত নতুন চিকিৎসা সেৱা আঁচনি প্রৱর্তনৰ চৰকাৰে সন্মতি প্রকাশ কৰে৷ পৰিষদে বিবৃতিটোত উল্লেখ কৰা অনুসৰি কর্মচাৰীসকলক নতুন চিকিৎসা সেৱা আঁচনিয়ে সামৰি ল’লেও পূর্বৰ চিকিৎসা ভাট্টা কর্মচাৰীসকলে লাভ কৰি থাকিব৷ নতুন পেন্সন নীতিৰ অধীনস্থ কর্মচাৰীসকলৰ বাবে কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীৰ দৰেই গ্রেছুইটী আৰু ৰাজ্য চৰকাৰৰ অংশ ১৪ শতাংশ শীঘ্রে কার্যকৰী কৰাৰো  বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়৷

আনহাতে কেন্দ্রীয় চৰকাৰে মৰগীয়া বানচ সম্পূর্ণ বন্ধ কৰিছে যদিও ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ অনুমতি সাপেক্ষে পর্যায়ক্রমে মৰগীয়া বানচ যথাসম্ভৱ শীঘ্রে মোকলাই দিয়াৰ ব্যৱস্থা কৰিব বুলি মন্ত্রী ড০ শর্মাই পৰিষদৰ নেতৃবৃন্দক সদৰী কৰে৷ একেদৰে পূর্বে কিছুসংখ্যক কর্মচাৰীয়ে লাভ কৰি অহা ‘ফিক্সড্ টিএ’ৰ ক্ষেত্রতো মন্ত্রী ড০ শর্মাই সন্মতিসূচক ইংগিত দিয়ে৷ আনহাতে প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি, আর্জিত ছুটী ৩০ দিনলৈ বৃদ্ধি আৰু শিক্ষকৰ বিভিন্ন সমস্যা সন্দর্ভত শীঘ্রে পৰিষদৰ লগত আলোচনাত মিলিত হোৱাৰ কথাও মন্ত্রী ড০ শর্মাই প্রকাশ কৰে

You might also like