নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে ইতিমধ্যে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত গঢ়ি উঠা মিত্রতাই এতিয়াও চূড়ান্ত ৰূপ পোৱা নাই৷ কংগ্রেছে বিধানসভা নির্বাচনত ৮০খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আন ৩৬খন আসন মিত্রদলক এৰি দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ কংগ্রেছৰ এনে ঘোষণাক লৈ অসন্তুষ্টি প্রকাশ কৰা এ আই ইউ ডি এফে মিত্রতাৰ প্রসংগক লৈ এতিয়াও কোনো স্পষ্ট কথা ঘোষণা কৰা নাই যদিও নির্বাচনত অতি কমেও ৪০খন আসনত বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে প্রতিদ্বন্দ্বিতাৰ লক্ষ্য স্থিৰ কৰিছে৷ এনে অৱস্থাত মিত্রতাত আবদ্ধ হোৱা দল দুটাৰ মাজত আসন বুজাবুজি কি হ’ব, তাক লৈ সৃষ্টি হৈ থকা খেলিমেলিৰ মাজত চলিত সপ্তাহতে গুৱাহাটীত ভৰি দিবহি এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল৷ ক’ৰোনাৰ ভয়াৱহ সংক্রমণৰ বাবে যোৱা দীর্ঘদিন মুম্বাইত আবদ্ধ হৈ থকাৰ পাছত অসুস্থ হৈ পৰা আজমলে শেহতীয়াকৈ দিল্লীত বাহৰ পাতি কংগ্রেছৰ সৈতে চলি থকা মিত্রতা সন্দর্ভত দলীয় বিধায়ক আৰু নেতাসকলক পৰামর্শ দি আহিছে৷ আজমলৰ পৰামর্শ অনুসৰিয়েই কংগ্রেছৰ সৈতে মিত্রতাৰ বিষয়টো আগুৱাই নিছিল এ আই ইউ ডি এফৰ শীর্ষ নেতা আৰু বিধায়কসকলে৷ কিন্তু এনে মিত্রতাক আগত ৰাখিয়ে কংগ্রেছে অকলশৰে ৮০খন আসনত প্রতিদ্বন্দ্বিতা কৰিব বুলি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কৰা ঘোষণাৰ পাছত এই দিশত অধিক আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ সাজু হৈছে বদৰুদ্দিন আজমল৷ মিত্রতা সন্দর্ভত প্রদেশ কংগ্রেছৰ সৈতে কিছু দিশ স্পষ্ট কৰাৰ লক্ষ্যৰে অহা ৩ অক্টোবৰৰ পাছত গুৱাহাটীলৈ আহিব এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে৷ দলীয় সূত্রই প্রকাশ কৰা অনুসৰি আজমলৰ আগমনৰ পাছতে কংগ্রেছৰ সৈতে মিত্রতাৰ আন বিষয়বোৰ স্পষ্ট হ’ব৷ বিশেষকৈ আসন বুজাবুজিৰে কোন কোন সমষ্টিত এ আই ইউ ডি এফে প্রতিদ্বন্দ্বিতা আগবঢ়াব, সেই কথাবোৰো আজমলৰ আগমনৰ পাছতে পৰিষ্কাৰ হ’ব৷ মন কৰিবলগীয়া যে দলীয় বিধায়ক থকা কোনো সমষ্টি এৰি দিবলৈ সাজু হোৱা নাই কংগ্রেছ আৰু এ আই ইউ ডি এফ দলে৷ তদুপৰি এ আই ইউ ডি এফে বৰপেটা, ধুবুৰী, গোৱালপাৰা, দৰং আৰু নগাঁও জিলাৰ কেইবাটাও সমষ্টিত এইবাৰ প্রার্থী প্রক্ষেপ কৰিব বুলি একপ্রকাৰ থিৰাং কৰি ৰাখিছে৷ এনে অৱস্থাত আসন বুজাবুজিৰ ক্ষেত্রত কিদৰে কংগ্রেছৰ সৈতে সহমতত উপনীত হয়, সেই দিশটোও আজমলৰ আগমনৰ পাছতে স্পষ্ট কৰা হ’ব৷ এ আই ইউ ডি এফৰ সূত্রটোৱে প্রকাশ কৰা অনুসৰি আজমলৰ আগমনৰ পাছতে প্রদেশ কংগ্রেছৰ শীর্ষ নেতৃত্বৰ লগতে দলটোৰ পর্যবেক্ষক তথা কেন্দ্রীয় নেতাৰ উপস্থিতিত মিত্রতাৰ বিষয়টোৰ বিভিন্ন দিশ চূড়ান্ত কৰা হ’ব৷ এইক্ষেত্রত ইতিমধ্যে এ আই ইউ ডি এফৰ দলীয় বিধায়ক আৰু শীর্ষ নেতাসকলে প্রদেশ কংগ্রেছৰ সৈতে আসন বুজাবুজি আৰু উমৈহতীয়া ইছ্যুৰ ক্ষেত্রত কিছু বিষয় চূড়ান্ত কৰিছে৷ মুখ্যতঃ এই বিষয়বোৰ আগত লৈয়ে আজমলে চলিত সপ্তাহতে প্রদেশ কংগ্রেছৰ সৈতে গুৰুত্বপূর্ণ বৈঠকত বহাৰ সম্ভাৱনা আছে৷ বদৰুদ্দিন আজমলৰ আগমনে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাত চূড়ান্ত মোহৰ লগাটো স্পষ্ট৷