নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ত শাসন প্রদানৰ দাবীত গোলাঘাট জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত মুণ্ডন কৰি ধর্ণা কার্যসূচী ৰূপায়ণ কৰে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্র সন্থাই৷ হাতে হাতে প্লে–কার্ড লৈ কেইবাশতাধিক ছাত্র কর্মীয়ে গোলাঘাট নগৰৰ মাজেদি সমদল কৰি আহি জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ গ’বেক, নৰেন্দ্র মোদী হায় হায়, নৰেন্দ্র মোদী গ’বেক, সর্বানন্দ সোণোৱাল মুর্দাবাদ, চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা প্রদান কৰিবই লাগিব, সদৌ অসম চুতীয়া ছাত্র সন্থা জিন্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলি জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷ কার্যসূচীত সদৌ অসম চুতীয়া জনগোষ্ঠীক শীঘ্রে জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বাযত্তশাসিত পৰিষদ প্রদান নকৰিলে ২০২১ৰ নির্বাচনত বিজেপি চৰকাৰক শাসনৰ গাদীৰ পৰা ওফৰাই দিয়াৰ সংকল্প লৈছে চুতীয়া ছাত্র সন্থাই৷ বিজেপি চৰকাৰে চুতীয়া জনগোষ্ঠীক কৰা প্রতাৰণা আৰু বঞ্চনাৰ বিৰুদ্ধে ছাত্র সন্থাৰ কর্মকর্তাসকলে জনগোষ্ঠীয় ৰাইজৰ ঘৰে ঘৰে গৈ প্রচাৰ চলাবলৈ সাজু হৈ উঠিছে৷ ৫ লাখ প্রচাৰ পত্রিকা সাজু কৰা হৈছে৷ কোনো কাৰণতে দাবী আপোচ কৰা নহ’ব৷ আন্দোলন অধিক তীব্রতৰ কৰা হ’ব, তেজ দি হ’লেও জনগোষ্ঠীয় প্রাপ্য অধিকাৰ কাঢ়ি আনিবৰ বাবে ছাত্র সন্থাৰ কর্মকর্তা সাজু হৈছে বুলি কয়৷ কার্যসূচীত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ উপদেষ্টা মধুমাধৰ শইকীয়া, উপ–সভাপতি ভাস্কৰজ্যোতি শইকীয়া, সহকাৰী সম্পাদক লক্ষী বৰা, সদৌ চুতীয়া জাতি সন্মিলনৰ অসমৰ সম্পাদক ৰুবুল বৰা, ৰমেশ হাজৰিকা আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে আৰু শীঘ্রে দাবীসমূহ কার্যকৰী নকৰিলে জংগী আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সন্থাৰ আহ্বায়ক পৰাগ শইকীয়া, গৌতম বৰা, অভিজিৎ চুতীয়া, প্রাঞ্চল তামুলী আৰু লাচিত কাকতিয়ে এক প্রেছ বিবৃতিযোগে জানিবলৈ দিয়ে