‘Love is the only sane and satisfactory answer to the problem of humam existance’.
Dr. Erich Fromm
আজিৰ পৰা প্রায় তিনি কুৰি বছৰৰ আগৰ কথা৷ আজিৰ তুলনাত এখন অনগ্রসৰ দেশৰ বাসিন্দা আছিলোঁ৷ আমাৰ অসমখন আৰু পিছপৰা আছিল৷ পুতৌ লগা আছিল যোগাযোগৰ ব্যৱস্থা৷ আজিৰ দিনৰ লগত আকাশ–পাতাল পার্থক্য৷ আজিৰInternetৰ যুগৰ তুলনাত আমি যোগাযোগৰ ক্ষেত্রত একোটা অর্ধমৃত টেলিফোন, নহ’লে ডাকঘৰৰ চিঠি আৰু টেলিগ্রামৰ ওপৰতে ভৰসা কৰিব লগা হৈছিল৷ অসমৰ পৰা বাহিৰলৈ যোৱা দ্রুতবেগী ৰে’ল এখনেই আছিল– ‘আছাম মেইল’৷ তেনেকৈয়ে স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ উচ্চ শিক্ষাৰ বাবে সেই সময়ৰ বিখ্যাত ‘কাশী হিন্দু বিশ্ববিদ্যালয়’ত ইঞ্জিনীয়াৰিং পঢ়িবলৈ গ’লোঁ৷ বিভিন্ন প্রদেশৰ বিভিন্ন ভাষাভাষী মোৰ সহপাঠীসকলৰ সান্নিধ্যলৈ আহি মনৰ দিগন্ত প্রসাৰিত হোৱাৰ লগতে বন্ধুত্বৰ এনাজৰীডাল নিপককপীয়া হ’ল আৰু তেওঁলোকক এৰি অহাৰ অর্ধশতিকাৰ পিছতো সেই এনাজৰীডাল নজহা–নপমাকৈ অটুট ৰাখি কি যে আনন্দ পাইছোঁ বুজাব নোৱাৰোঁ৷ তৃতীয় বার্ষিকত অধ্যয়ন কৰি থাকোঁতেই মহাত্মা গান্ধীৰ আত্মজীৱনী’My expriments with Truth’খন পঢ়িলোঁ৷ সেইজন কর্মযোগী মহামানৱৰ আত্মজীৱনীখন বিশ্বাস কৰিবলৈ টান হৈছিল যে তেনে এজন তেজ–মঙহৰ মানুহো একুৰি বছৰৰ আগলৈকে আমাৰ মাজতে আছিল৷ বিশ্ব–বিশ্রুত বিজ্ঞানীAlbert Einsteinৰ সেই বিখ্যাত উক্তিটোলৈ মনত পৰি গ’ল–’Generations to cone, will scarce believe that such a man as this one, ever in flesh and blood walked upon this earth.’
তাৰ পিছৰ বছৰ অর্থাৎ ১৯৬৯ চন– সমগ্র দেশে ‘গান্ধী শতবার্ষিকী’ অতি ধুমধামেৰে পালন কৰিছিল৷ সেই সুযোগতে গান্ধীজীৰ ওপৰত বহুতো অধ্যয়ন কৰাৰ সুবিধা পাইছিলোঁ৷ তাৰ পৰাই বাছি–বিচাৰি কিছু লেছেৰি বুটলি পাঠক সমাজলৈ আগবঢ়ালোঁ৷
মোহনদাস কৰমচাঁদ গান্ধীয়ে সোণ–ৰূপৰ চামুচ মুখত লৈ জন্মগ্রহণ কৰা নাছিল৷ ছাত্র হিচাপেও তেওঁ কোনো মেধাৰ পৰিচয় দিব পৰা নাছিল৷ অতি সাধাৰণ অৱস্থাৰ পৰা অনেক দুর্যোগৰ মাজেৰে জীৱনৰ বাটত বাট বুলি ক্রমান্বয়ে তেওঁ নৈতিক আৰু আধ্যাত্মিক শক্তিৰ বলত বলীয়ান হৈ এদিন ‘মহাত্মা’ৰূপে জগতত প্রসিদ্ধি লাভ কৰিছিল৷ এই অগ্রগতি এদিনত হোৱা নাছিল– এখোজ এখোজকৈ আগুৱাই গৈ থাকোঁতে এদিন তেওঁক আমি ‘মহাত্মা’ ৰূপে আঁকোৱালি ল’লোঁ– জাতিৰ পিতাৰ ৰূপত৷
মহাত্মা গান্ধী বুলি ক’লেই আমাৰ দুটা কথা মনলৈ আহে– ‘সত্য আৰু অহিংসা৷’ গান্ধীজীয়ে কৈছিল– সত্যই ভগৱান৷ পিতৃ–মাতৃৰ প্রতি অচলা ভক্তি আছিল গান্ধীজীৰ৷ মাক পুতলীবাঈ এগৰাকী অতি ধর্মভীৰু আৰু ভক্তিপ্রাণ নাৰী আছিল৷ ঈশ্বৰৰ প্রতি থকা অচলা ভক্তিৰ বীজ ৰোপণ হৈছিল তেওঁৰ মাকৰ প্রতি থকা গভীৰ শ্রদ্ধা আৰু প্রেমৰ মাজেদিয়েই৷ সেই কাৰণেই তেওঁ ক’ব পাৰিছিল ‘প্রেমেই ভগৱান’ God is Love)৷ গান্ধীজীৰ মতে’Love is the strongest force the world possesses and yet it is the humblest imaginable. Where there is Love, there is life, hatred leads to destruction.’ প্রেম অবিহনে আমাৰ এই সুন্দৰ পৃথিৱীখন বিষময় হৈ উঠিব৷
সত্য আৰু অহিংসাক অস্ত্রৰূপে লৈ তেওঁ আৱিষ্কাৰ কৰিছিল ‘সত্যাগ্রহ’৷ এই সত্যাগ্রহৰ মহামন্ত্রৰেই ভাৰতৰ স্বাধীনতাৰ ৰণত তেওঁ জঁপিয়াই পৰিছিল– লগতে কোটি কোটি ভাৰতীয়কো জাগ্রত কৰিছিল৷ এটা শুই থকা জাতিক জাগ্রত কৰি তুলি এক অহিংস পন্থাৰে ব্রিটিছ সিংহৰ দৰে পৰাক্রমী এটা জাতিৰ বিৰুদ্ধে ৰণত জঁপিয়াই পৰিবলৈ কিমান শক্তিশালী হ’ব লাগিব, ভাবিলে বৰ আচৰিত লাগে৷ গান্ধীজীয়ে দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে হিংসাতকৈ অহিংসা বহু গুণে অধিক শক্তিশালী৷ তেওঁ কৈছিল যে ভাৰত দুর্বল বা অসহায় নহয়– শাৰীৰিক শক্তিতকৈ অদমনীয় ইচ্ছা শক্তি বহু গুণে বেছি শক্তিশালী৷ বর্তমান সময়ত অৱশ্যে এই সত্যাগ্রহৰ বহুতো অপপ্রয়োগ হৈ জনগণক যথেষ্ট অসুবিধাত পেলোৱাও দেখা গৈছে৷
গান্ধীজী আছিল এজন কর্মযোগী৷ নিৰৱচ্ছিন্নভাৱে সত্যৰ অন্বেষণত তেওঁ ব্রতী আছিল৷ পৰম ঈশ্বৰ বিশ্বাসী এক মহান আত্মা আছিল তেওঁ৷ তেওঁ তথাকথিত ধর্মত বিশ্বাস কৰা নাছিল৷ তেওঁ মন্দিৰ, মছজিদ বা গির্জা ঘৰত ঈশ্বৰক বিচাৰি যোৱা নাছিল৷ তেওঁ বিশ্বাস কৰিছিল এজন পৰম শক্তিশালী সৃষ্টিকর্তাক, যি প্রতি পদতেই তেওঁক পথ প্রদর্শন কৰি গৈছিল৷ সকলো ধর্মকেই তেওঁ সন্মান প্রদর্শন কৰিছিল৷ তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল যে প্রকৃত ধর্মই কাহানিও এজন মানুহক আন এজনৰ পৰা পৃথক কৰাত সহায় নকৰিছিল৷ বৰং প্রকৃত ধর্মই সদায় সকলোকে এক কৰাতহে সহায় কৰে বুলি তেওঁ বিশ্বাস কৰিছিল৷
প্রায় আধা শতিকাজুৰি গান্ধীজীয়ে ভাৰতীয় ৰাজনীতিৰ নেতৃত্ব বহন কৰি দেশৰ স্বাধীনতা লাভত সফল হৈছিল যদিও ধর্মৰ ভিত্তিত দ্বিখণ্ডিত এনে স্বাধীনতা তেওঁৰ একেবাৰেই কাম্য নাছিল৷ এই আধা শতিকা ইমান বিশাল জাতি এটাৰ নেতৃত্ব বহন কৰিও এদিনলৈকো তেওঁ ৰাজহুৱাভাৱে প্রার্থনা কৰিবলৈ পাহৰা নাছিল৷Prayer was his food for soul৷ তেওঁ বিশ্বাস কৰিছিল যে মানুহৰ জীৱনৰ মূল সাৰ ভাগ আৰু অন্তর্বস্তুৱেই হ’ল প্রার্থনা৷ দৈনন্দিন জীৱনৰ শৃংখলা আৰু সমন্বয় অনাৰ গুৰিতে হ’ল প্রার্থনা৷ তেওঁৰ প্রত্যেক দিনৰ ৰাজহুৱা সভাৰ আৰম্ভণি বা অন্তত এখন সর্বধর্ম প্রার্থনা আছিল অপৰিহার্য৷
এতিয়া সমগ্র বিশ্বতেই হিংসাৰ দাৱানল৷ এই জুই নুমুৱাবলৈ আমি প্রত্যেকেই আপ্রাণ চেষ্টা কৰিব লাগিব৷ অহিংসাৰ বীজ আমি সিঁচিব লাগিব নিজৰ ঘৰতেই৷ মহাত্মাই কৈছিল–’Non vioence, like charity, must begin at home’৷ লগতে প্রয়োজন আত্মবিশ্লেষণৰ৷ যেতিয়ালৈকে আমাৰ মনত অহংভাব থাকিব– অহংকাৰ থাকিব– অহিংসা থাকিব বহুত দূৰৈত৷ বিনম্রতা অবিহনে অহিংসা সম্ভৱ নহয়৷
দেশখনত আৰু সমগ্র বিশ্বতে এতিয়া অতি প্রয়োজন হৈছে প্রকৃত শান্তিৰ৷ শান্তিৰ মাজেদি হোৱা প্রগতিহে চিৰস্থায়ী হ’ব৷ এইক্ষেত্রত গান্ধীজীক নতুন প্রজন্মই নতুনকৈ আৱিষ্কাৰ কৰা উচিত৷ আমাৰ ৰাজনৈতিক নেতাসকলেও গান্ধীজীৰ আদর্শ আন্তৰিকতাৰে গ্রহণ কৰিবলৈ চেষ্টা কৰিলে সকলো নিশ্চয় মংগলময় হ’ব৷
আজি আমাৰ সকলোৰে প্রৱণতা হৈছে কেনেকৈ গাঁও এৰি চহৰলৈ যাব পাৰি৷ কিন্তু গান্ধীজীয়ে গভীৰভাৱে বিশ্বাস কৰিছিল যে তেওঁৰ সপোনৰ ভাৰতবর্ষখন জীয়াই থাকিব কেৱল গাঁৱতহে– চহৰত নহয়৷ ভাৰতীয় খেতিয়কৰ ওপৰত তেওঁ গভীৰ আস্থা ৰাখিছিল৷ বৃহৎ উদ্যোগতকৈ তেওঁ কুটীৰ শিল্পৰ ওপৰত অধিক গুৰুত্ব দিছিল৷
গান্ধীজীয়ে গোটেই জীৱন অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজ দিছিল৷ অস্পৃশ্যতা দূৰীকৰণেই তেওঁৰ জীৱনৰ লক্ষ্য আছিল৷ তেওঁৰ আন এক সপোন আছিল নাৰী সবলীকৰণ৷ তেওঁ গভীৰভাৱে অনুভৱ কৰিছিল, নাৰী আৰু পুৰুষৰ সমমর্যাদাৰ বিষয়ে৷ তেওঁৰ মতে পুত্র আৰু কন্যাক সদায় সমান চকুৰে চাব লাগে৷
গান্ধীজীৰ জীৱন আৰু বাণীসমূহত বিশ্বজনীনতা চিৰ বিদ্যমান৷ তেওঁক প্রকৃতার্থত জানিবলৈ আমি তেওঁৰ জীৱনৰ বিষয়ে অধ্যয়ন কৰা প্রয়োজন৷ তেওঁ নিজেই কৈছিল যে ‘মোৰ জীৱনেই মোৰ বাণী৷’ এই মহামানৱৰ১৫০সংখ্যক জন্মদিৱসত সেই মহান আত্মাৰ প্রতি মোৰ গভীৰ শ্রদ্ধাঞ্জলি অর্পণ কৰিলোঁ৷