নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলাৎকাৰৰ গোচৰত জেৰা ছবি নির্মাতা অনুৰাগ কাশ্যপক

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ বলীউডৰ ছবি নির্মাতা অনুৰাগ কাশ্যপক কালি বলাৎকাৰৰ গোচৰত মুম্বাই আৰক্ষীয়ে জেৰা কৰে৷ মুম্বাইৰ ভার্ছ’ভা আৰক্ষী থানাত ছবি নির্মাতাগৰাকীক জেৰা কৰা হয়৷

উল্লেখ্য যে যোৱা সপ্তাহত এগৰাকী অভিনেত্রীয়ে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল৷ ২০১৩ চনত নিজৰ ঘৰতে কাশ্যপে অভিনেত্রীগৰাকীৰ ওপৰত যৌন আতিশয্য চলাইছিল বুলি অভিযোগ অনা হৈছে৷ কিন্তু আৰক্ষীৰ ওচৰত এই অভিযোগ ভিত্তিহীন বুলি ঘোষণা কৰিছিল কাশ্যপে৷

কালি পুৱাৰ ভাগতে অভিনেতাগৰাকীক আৰক্ষীয়ে জেৰা কৰিছে যদিও সবিশেষ তথ্য সদৰী কৰা নাই৷ উল্লেখ্য যে মহাৰাষ্ট্রৰ ৰাজ্যপাল বি এছ ক’ছায়াৰী আৰু ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী ৰামদাস আঠাৱালেক অভিনেত্রীগৰাকীয়ে লগ কৰি অনুৰাগ কাশ্যপক গ্রেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে৷ অভিনেত্রীগৰাকীয়ে অনুৰাগ কাশ্যপক গ্রেপ্তাৰৰ ক্ষেত্রত বিলম্ব হোৱা বিষয়টোত ক্ষোভ উজাৰি প্রয়োজন হ’লে অনশন কার্যসূচী গ্রহণ কৰিব বুলিও হুংকাৰ দিছিল৷

You might also like