নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আস্থাৰ সংকটত চৰকাৰী নিযুক্তি

দুর্নীতি–নিয়মৰ ক্ষেত্রত শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰা বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰ সন্মুখত শেহতীয়াকৈ আৰক্ষীৰ উপ–পৰিদর্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত কেলেংকাৰিটোৱে এটা ডাঙৰ প্রত্যাহ্বানৰ সৃষ্টি কৰিলে৷ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল কৰি দুষ্টচক্রই ৰাজ্য চৰকাৰৰ শূন্য সহনশীলতাৰ নীতিক একপ্রকাৰ ভেঙুচালিয়েই কৰিলে৷ সম্পূর্ণ গোপনীয়তাৰে ছপা কৰা আৰু কঠোৰ সুৰক্ষা তথা তদাৰকী ব্যৱস্থাৰ মাজত থকা পৰীক্ষাৰ প্রশ্ণকাকত হাত কৰি চক্রটোৱে আগতীয়াকৈ হোটেলত পৰীক্ষা পাতি, ফাদিল কৰি যিটো কাণ্ড সংঘটিত কৰিলে, সেইটো সঁচাকৈ অকল্পনীয়৷ ইয়াৰ আঁৰৰ অপশক্তিক চৰকাৰখনে আইনৰ কাঠগৰালৈ আনিব নোৱাৰিলে শূন্য সহনশীলতাৰ নীতিক লৈ জনসাধাৰণে প্রশ্ণ তুলিব পাৰে৷ এই কথাটো মনত ৰাখি ৰাজ্য চৰকাৰে সমগ্র তদন্ত প্রক্রিয়াটোক পানী নসৰকা বিধৰ কৰি যথাসম্ভৱ শীঘ্রে প্রশ্ণকাকত ফাদিলৰ সৈতে জডিত হৈ থকা সকলোকে গ্রেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে৷ কেলেংকাৰিটোত ইতিমধ্যে কেইবাজনো লোক গ্রেপ্তাৰ হৈছে৷ শেহতীয়াকৈ দিবন ডেকা নামৰ কেলেংকাৰিটোৰ অন্যতম খলনায়কজনকো আৰক্ষীয়ে নিজৰ জিম্মাত আনিবলৈ সক্ষম হৈছে৷ এইসকলৰ জৰিয়তে চৰকাৰখনে কেলেংকাৰিটোৰ আঁৰত থকা মূল ব্যক্তি অথবা অপশক্তিক আটক কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি৷ কিন্তু ইয়াৰ বাবে যিটো বস্তুৰ সবাতোকৈ অধিক প্রয়োজন, সেইটো হৈছে ইচ্ছাশক্তি৷ চৰকাৰে ইচ্ছাশক্তিৰ প্রদর্শন কৰিবই লাগিব৷ ই মাথোঁ চৰকাৰখনৰ ভাবমূর্তিৰ বাবেই নহয়, নিযুক্তি প্রক্রিয়াটোৰ প্রতি জনসাধাৰণৰ বিশেষকৈ যুৱ সমাজৰ আস্থা ওভতাই অনাৰ বাবেও জৰুৰী৷ অসমৰ দৰে সীমিত সুবিধাৰ ৰাজ্য এখনত চৰকাৰী নিযুক্তি ব্যৱস্থাৰ প্রতি আস্থাহীনতাই বহু জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ পূর্বতে বহু শিক্ষিত যুৱক–যুৱতীয়ে নিযুক্তি ব্যৱস্থাটোৰ ওপৰত অনাস্থা প্রকাশ কৰি হাতত বন্দুক তুলি লোৱাৰ দৰে বিপথে যোৱাৰো নজিৰ আছে৷
বছৰ বছৰ ধৰি অব্যাহত থকা অনিয়ম–দুর্নীতিৰ বাবে অসমত চৰকাৰী চাকৰিত নিযুক্তিক লৈ যুৱ সমাজে আশা প্রায় এৰিয়েই দিছিল৷ নিযুক্তি বুলিলেই যেন আছিল উপঢ়ৌকনৰ এখন বিশাল বজাৰ৷ যাৰ হাতত ধন আছে, তেওঁৰেই কপালত চাকৰি আছে বুলি কথা এষাৰ প্রায় প্রবচনত পৰিণত হৈছিল৷ তদুপৰি আনটো চর্ত আছিল দলীয় আনুগত্য৷ শাসক দলৰ নেতা–কর্মী, সদস্য–সমর্থক হ’লেহে চাকৰি পোৱা যায়৷ ইয়ে ৰাজ্যখনক সর্বনাশৰ দিশে লৈ গৈছিল৷ মেধাৰ পৰিৱর্তে বক্র পথেৰে চাকৰি পোৱা লোকৰ সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছিল৷ ১৯৮৩ চনৰ অবৈধ চৰকাৰখনৰ সময়ৰ পৰা এই ধাৰাটোৱে অধিক গতি আৰু শক্তি লাভ কৰিছিল৷ টেটৰ জৰিয়তে হোৱা নিযুক্তিয়ে এই অশুভ পৰম্পৰাটোৰ গতি ৰোধ কৰিবলৈ সক্ষম হৈছিল৷ ৰাজ্যখনত যেতিয়া প্রথমবাৰ টেটৰ জৰিয়তে স্বচ্ছ–নিকা নিযুক্তি হৈছিল, তেতিয়া চাকৰি লাভ কৰা প্রার্থীসকলৰ প্রতিক্রিয়াই অসমবাসীৰ হিয়া জুৰ পেলাইছিল৷ যেন অভাৱনীয়–কল্পনীয় ভাল ঘটনা এটা ঘটিল৷ তাৰ পৰাই লাহে লাহে চৰকাৰী নিযুক্তি ব্যৱস্থাটোৰ প্রতি মানুহৰ আস্থা উভতি আহিবলৈ ধৰিলে৷ অৱশ্যে ইয়াৰ মাজতে সংঘটিত এ পি এছ চিকে ধৰি কেইটামান বৃহৎ কেলেংকাৰিয়ে মানুহৰ অন্তৰত আঘাত নিদিয়াকৈ থকা নাছিল৷ মিত্রজোঁটৰ চৰকাৰখনে এ পি এছ চি কেলেংকাৰিৰ ক্ষেত্রত গ্রহণ কৰা দৃঢ় পদক্ষেপে জনসাধাৰণক পুনৰ আশ্বস্ত কৰিছিল৷ সেয়ে দুর্নীতিৰ ক্ষেত্রত সহনশীলতাৰ নীতিক জনসাধাৰণে আস্থাত লৈছিল৷ কিন্তু শেহতীয়াকৈ সংঘটিত উপ–পৰিদর্শক পদৰ প্রশ্ণকাকত কেলেংকাৰিয়ে পুনৰবাৰ চৰকাৰী নিযুক্তি ব্যৱস্থাক লৈ জনসাধাৰণক সন্দিহান কৰি তুলিছে৷ ৰাজ্য চৰকাৰে এই সন্দেহৰ পৰিৱেশ আঁতৰাব লাগিব৷ অসমত যে যোগ্যজনৰ বাবেহে চাকৰি, সেইটো নিশ্চিত কৰিব লাগিব৷ অৱশ্যে এইক্ষেত্রত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নৱেম্বৰৰ ভিতৰত পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি কৰা ঘোষণাই কিছু আশাৰ সৃষ্টি কৰিছে৷ একেদৰে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বক্রপথেৰে চাকৰি পোৱা কাৰোৱেই চাকৰি নাথাকে বুলি কৰা ঘোষণাই পৰিৱেশটো হাতৰ পৰা ওলাই যোৱাৰ পৰা ৰক্ষা কৰিছে৷ কেলেংকাৰিটোত জডিত সকলোকে আদালতৰ কাঠগৰালৈ আনিব পাৰিলে অনাগত দিনবোৰত ইয়াৰ সুফল চৰকাৰৰ লগতে সমাজখনেও পাব৷

You might also like