গোৰেশ্বৰত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ইউ পি পি এলৰ ধৰ্মঘট
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনটোত দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিল ইউপিপিএল দল। বাগ্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে গোৰেশ্বৰ আৰক্ষী থানাৰ সম্মুখত ছঘন্টীয়া অৱস্থান ধৰ্মঘটত বহিল ইউপিপিএল দল।
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ গেৰাণ্টী অধিনিয়ম-২০০৫ চমুকৈ এম এনৰেগা অথবা জবকাৰ্ড কেংলেকাৰিৰ চিবিআই তদন্ত বিচাৰি, দুৰ্নীতিত লিপ্তসকলক উপযুক্ত শাস্তি বিহাৰ দাবীত আৰু হিতাধিকাৰীসকলৰ জবকাৰ্ড আৰু বেংক পাছবুকসমূহ ঘূৰাই দিয়াৰ দাবীত গোৰশ্বৰ ব্লক সমিতি ইউপিপিএলৰ উদ্যেগত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
প্ৰধানমন্ত্ৰী, অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰিব দলটোৱে। মন কৰিবলগীয়া যে সদায় সত্যৰ জয়গান গোৱা মহাত্মা গান্ধীৰ নামতে থকা বহু আঁচনিত বিটিএডিত পৰ্বতসম দুৰ্নীতি সংঘটিত হৈ আছে বুলি ইউপিপিএলে অভিযোগ উত্থাপিত কৰিছে।
গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত পুৱা ৯ বজাৰ পৰা দিনৰ ৩ বজালৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। কাৰ্যসূচীত ইউপিপিএল কেন্দ্ৰীয় সমিতিৰ সম্পাদক নজৰুল ইছলাম, সদস্য মজিবুৰ ৰহমান, প্ৰদীপ সৰকাৰৰ লগতে ৩০নং গোৰেশ্বৰ সমিতিৰ ইউপিপিএলৰ প্ৰাৰ্থী পৱিত্ৰ কুমাৰ বড়োৰ লগতে ইউপিপিএল দলৰ সমৰ্থকসকল উপস্থিত থাকে।