কাঠমাণ্ডুত অসম আৰক্ষীৰ অভিযান চলিলেই ঢাকা পাবগৈ পি কে দত্ত
নেপালৰ পৰা বাংলাদেশলৈ পলায়নৰ প্রস্তুতি এছআই কেলেংকাৰিৰ খলনায়কৰ
নিয়মীয়া বাৰ্তা ৩ অক্টোবৰঃ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশলৈ পলায়নৰ প্রস্তুতি সম্পূর্ণ কৰিছে এছ আই নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড অৱসৰপ্রাপ্ত ডিআইজি পি কে দত্তই৷ পুত্র–জোঁৱাইসহ পি কে দত্তই নেপালৰ কাঠমাণ্ডুত আশ্রয় গ্রহণ কৰাৰ তথ্য অসম আৰক্ষীৰ হাতত পৰাৰ পাছত এতিয়া নেপালত অভিযানৰ অনুমতি বিচৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে অনুসন্ধানকাৰী সংস্থা চি আই ডিয়ে৷ বৈদেশিক মন্ত্রালয়ৰ জৰিয়তে আৰম্ভ কৰা এই প্রক্রিয়াত সেউজ সংকেত লাভ কৰিলেই পি কে দত্তই আশ্রয় গ্রহণ কৰা স্থানত অভিযান চলাব অসম আৰক্ষীয়ে৷ ইফালে, অসম আৰক্ষীয়ে নেপালত অভিযান চলোৱাৰ অনুমতি লাভ কৰিলে নেপালৰ পৰা বাংলাদেশলৈ পলায়ন কৰাৰ যো–জা চলাইছে এছ আই নিযুক্তি কেলেংকাৰিৰ খলনায়কজনে৷ ইতিমধ্যে অসম আৰক্ষীয়ে নেপাললৈ যোৱাৰ পথত পি কে দত্তই আশ্রয় গ্রহণ কৰা শিলিগুৰিৰ হোটেলত তালাচী চলোৱাৰ পাছত তৎপৰ হৈ উঠিছে কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়াজন৷ এক বিশেষ সূত্রৰ তথ্য মতে, নেপালৰ পৰা বিহাৰ সীমান্তইদি পশ্চিমবংগ হৈ বাংলাদেশত প্রৱেশ কৰিব এই মাষ্টাৰ মাইণ্ডজন৷
উল্লেখ্য যে নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা একাংশ চোৰাং ব্যৱসায়ী আৰু উগ্রপন্থীয়ে বাংলাদেশত প্রৱেশৰ বাবে এই পথ ব্যৱহাৰ কৰি আহিছে৷ নিজ চাকৰি জীৱনত পি কে দত্তই উগ্রপন্থীবিৰোধী অভিযানৰ পৰিপ্রেক্ষিতত এই পথৰ বিষয়ে অৱগত আছিল বুলি সূত্রটোৱে সদৰী কৰে৷ ইফালে, বাংলাদেশত প্রৱেশ কৰাৰ পাছতে চুবুৰীয়া ৰাষ্ট্রখনৰ ৰাজধানী চহৰ ঢাকা আৰু চিলেটত আশ্রয়স্থলৰ বন্দৱস্তী কৰিছে বৰাকৰ ড্রাগ্ছ মাফিয়া চক্র এটাই৷
উল্লেখ্য যে বৰাকৰ এই ড্রাগ্ছ মাফিয়া চক্রটোৱে বাংলাদেশৰ চোৰাং ড্রাগ্ছ সৰবৰাহৰ সৈতে জড়িত৷ কিছুদিন পূর্বে অসম আৰক্ষীৰ ব্যাপক অভিযানত কৰিমগঞ্জ হৈ বাংলাদেশলৈ চোৰাং সৰবৰাহ হোৱা ম্যানমাৰৰ নিচাযুক্ত য়ুবা টেবলেট উদ্ধাৰ হৈছিল৷ উল্লেখ্য যে এই ড্রাগ্ছৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত আছে কৰিমগঞ্জ জিলাৰ আব্দুল হাফিজ, ৰফিকুল ইছলাম, হিজু ভাই আদিৰ দৰে একাংশ ড্রাগ্ছ মাফিয়া৷ এই মাফিয়াসকলৰ বিৰুদ্ধে বৰাকৰ বিভিন্ন থানাত ৰুজু আছে ড্রাগ্ছৰ চোৰাং সৰবৰাহৰ বিভিন্ন গোচৰ৷ এই মাফিয়া চক্রটোৱে বাংলাদেশলৈ চূণশিল ৰপ্তানিৰ নামত নিয়মীয়াকৈ কৰি আহিছে ড্রাগ্ছৰ চোৰাং সৰবৰাহ৷ এই চোৰাং ব্যৱসায়ৰ বাবে মাফিয়া চক্রটোৱে নিয়মীয়াকৈ বৰাকৰ আৰক্ষীক বৃহৎ পৰিমাণ ধন আদায় দিয়াৰ অভিযোগো উঠি আহিছে৷
উল্লেখ্য যে বৰাকৰ ডি আই জিৰূপে লকডাউনৰ পূর্বে অৱসৰ গ্রহণ কৰিছিল কুখ্যাত আৰক্ষী বিষয়া পি কে দত্তই৷ প্রায় ডেৰ বছৰ ধৰি বৰাকত কর্মৰত হৈ থকা এই বিষয়াজনে বৰাকৰ ড্রাগ্ছ–চুপাৰিৰ চোৰাং ব্যৱসায়ী চক্রৰ সৈতে ঘনিষ্ঠতা গঢ়ি তুলিছে৷ এই চক্রটোৱে এতিয়া এছ আই কেলেংকাৰিৰ খলনায়কজনৰ বাংলাদেশত আশ্রয়স্থান ঠিক কৰি দিয়া বুলি অভিযোগ উত্থাপন হৈছে৷ ইফালে, নিজৰ হোটেল আৰু ক’চিং চেণ্টাৰত অসম আৰক্ষীৰ এছ আই নিযুক্তিৰ মুকলি বেহা মেলা পি কে দত্তই বৰাকৰ তিনিখন জিলাৰ প্রার্থীৰ পৰাও বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ বৰাকৰ পৰাই অৱসৰ গ্রহণ কৰা এই কুখ্যাত আৰক্ষী বিষয়াজনৰ অঞ্চলটোৰ বিভিন্ন অসাধু চক্রৰ সৈতে ঘনিষ্ঠতা সর্বজনবিদিত৷ এছ আই নিযুক্তিৰ প্রার্থী সংগ্রহৰ ক্ষেত্রত কৰিমগঞ্জ জিলাৰ আৰক্ষী কার্যালয়ৰ গোপনীয় সহায়ক জনৈক দত্তচৌধুৰী আৰু তেওঁৰ আৰক্ষীৰ উপ–পৰিদর্শক ভাতৃয়ে পি কে দত্তক সহযোগিতা আগবঢ়াইছিল বুলি প্রকাশ পাইছে৷ অসম আৰক্ষীত কর্মৰত এই দুয়োজন কর্মচাৰীয়ে বিগত ২০ বছৰ ধৰি একেখন জিলাতে কর্মৰত হৈ সম্পত্তিৰ পাহাৰ গঢ়ি তোলাৰ অভিযোগ আছে৷ উল্লেখ্য যে কুখ্যাত পি কে দত্তই বৰাকৰ উদৰবন্দত চাহ বাগান ক্রয় কৰাৰ ক্ষেত্রত এই দত্তচৌধুৰী নামৰ ব্যক্তিগৰাকীয়ে সহায় কৰাৰ অভিযোগ আছে৷ বৰাকৰ আৰক্ষীৰ এই কুখ্যাত চক্রটোৰ সহায়ত এছ আই প্রার্থীৰ পৰা পি কে দত্তই বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰাৰ লগতে এতিয়া ড্রাগ্ছ মাফিয়া গোটটোৰ পৰা বাংলাদেশত আশ্রয় গ্রহণ কৰাৰ সহায় লোৱাটো তদন্তকাৰী সংস্থাসমূহে কিদৰে গ্রহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে৷