পানীখাইতিৰ উদ্যোগে জনস্বাস্থ্যলৈ কঢ়িয়াইছে ভাবুকি; আমচাং অভয়াৰণ্যলৈও মাতিছে বিপদ
নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ বন্যপ্রাণী আৰু বনাঞ্চলৰ সংৰক্ষণৰ বাবে কঠোৰ আইন বলৱৎ আছে যদিও গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা অভয়াৰণ্য, জলাশয়, বনাঞ্চলৰ সমীপত দিনে দিনে গঢ়ি উঠিছে উদ্যোগ, কাৰখানা৷ শেহতীয়াকৈ আমচাং অভয়াৰণ্যৰ সমীপতে গঢ় লৈ উঠা উদ্যোগ, কাৰখানা ক্ষেত্রত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী৷ এই উদ্যোগ, কাৰখানাই আমচাং অভয়াৰণ্যৰ জৈৱ–বৈচিত্র্যৰ লগতে পানীখাইতি, চন্দ্রপুৰবাসীলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্রদূষণ নিয়ন্ত্রণ বোর্ড, জিলা প্রশাসনকে ধৰি বিভিন্ন বিভাগৰ বিষয়া–কর্মচাৰীৰে গোপন বুজাবুজি কৰি একাংশ অনা–সমীয়া বণিয়াই পানীখাইতি অঞ্চলত স্থাপন কৰিছে উদ্যোগ, কাৰখানা৷ কেইটামান বছৰৰ ভিতৰতে পানীখাইতি অঞ্চলত ৩০টাৰো অধিক উদ্যোগ, কাৰখানা স্থাপন কৰিছে অনা–সমীয়া বণিয়াই৷ আমচাং অভয়াৰণ্যৰ পৰা ২০০ৰ পৰা ৩০০ মিটাৰ দূৰত্বৰ ভিতৰতে স্থাপন কৰা উদ্যোগসমূহৰ পৰা উলিওৱা ৰাসায়নিক আৱর্জনাই আমচাং অভয়াৰণ্যৰ জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ কেৱল সেয়াই নহয়, এই উদ্যোগসমূহে পানীখাইতি অঞ্চলত শব্দ, বায়ু প্রদূষণ সৃষ্টি কৰাৰ লগতে উদ্যোগসমূহৰ পৰা ওলোৱা বর্জিত ৰাসায়নিক আৱর্জনাই জনস্বাস্থ্যলৈ তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ উদ্যোগ, কাৰখানাৰ কাষত বসবাস কৰা লোকসকলৰ ছালৰ বেমাৰ, শ্বাস–প্রশ্বাসজনিত ৰোগকে ধৰি বিভিন্ন ৰোগত আক্রান্ত হৈ আহিছে৷ ইয়াৰ উপৰি গৰু–ছাগলীকে ধৰি ঘৰচীয়া জীৱ–জন্তু বিভিন্ন ৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰিছে৷ পানীখাইতি অঞ্চলত নামে–বেনামে গঢ়ি উঠা উদ্যোগসমূহৰ বিৰুদ্ধে স্থানীয় ৰাইজে বিভিন্ন সময়ত চৰকাৰ, প্রশাসনক অভিযোগ দিছে যদিও এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷
শেহতীয়াকৈ পানীখাইতিত স্থাপন কৰা ষ্টীল কাৰখানাটোৰ পৰা সৃষ্টি হোৱা শব্দই অঞ্চলটোত শব্দ প্রদূষণ সৃষ্টি কৰাৰ লগতে মানুহ বসবাস কৰাৰ পৰিৱেশ বিনষ্ট কৰিছে৷ পানীখাইতিৰ এই ষ্টীল কাৰখানাটোৰ কাষতে প্রতীক্ষা নার্ছিং কলেজ, মহর্ষি বিদ্যালয়, চাণক্য বিদ্যালয়কে ধৰি কেইবাখনো শিক্ষা প্রতিষ্ঠান আছে৷ ঘন জনবসতিপূর্ণ অঞ্চলটোত স্থাপন কৰা এই ষ্টীল কাৰখানাটোৰ পৰা ওলোৱা বিকট শব্দই ছাত্র–ছাত্রীৰ পঢ়া–শুনাৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে বিনিদ্র ৰজনী কটাবলগীয়া হৈছে অঞ্চলবাসী৷ পানীখাইতি অঞ্চলত থকা উদ্যোগসমূহৰ বিৰুদ্ধে চৰকাৰ–প্রশাসনক চৰজমিন তদন্ত কৰি ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে৷