নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ চিৰাং জিলাৰ বিজনীত আজি আছুৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিজনী বৈদ্যুতিক উপ-সংমণ্ডলৰ সন্মুখত নিৰ্মাণৰত অবৈধ দোকান গৃহ উচ্ছেদ কৰাৰ দাবীত বিজনী আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু বিজনী আঞ্চলিক গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সহযোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

উল্লেখ্য যে বিজনী গেৰুকাবৰী পথৰ অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত লিমিটেড তথা বিজনী বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত একাংশ অসাধু চক্ৰই অবৈধ ভাবে কেইটামান দোকান গৃহ নিৰ্মাণ কৰি তুলিছে। এই সংক্ৰান্তত বিজনী আঞ্চলিক ছাত্র সন্থাই উক্ত অবৈধ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত প্ৰতিবাদ জনাই আহিছে।

কিন্তু বৰ্তমানলৈ চিৰাং জিলা প্ৰশাসন, বিজনী মহকুমা প্ৰশাসনৰ তৰফৰ পৰা উক্ত অবৈধ দোকানগৃহ সমূহ উচ্ছেদ নকৰাত আজি বিজনী আঞ্চলিক ছাত্র সন্থাই এই প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে অবৈধ দোকান গৃহ উচ্ছেদ কৰক, বিজনী মহকুমা প্ৰশাসন হায় হায়, বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰী মুৰ্দাবাদ আদি শ্লোগান প্ৰদান কৰি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

You might also like