নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদত ৰিপুণ বৰা! ছয় বছৰৰ মূৰত খোল খাব ডেনিয়েল তপ্ন’ৰ হত্যাকাণ্ডৰ গোচৰ

ছুপ্রিম ক’টৰ নির্দেশত বিশেষ বিচাৰপীঠ গঠন

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ সাংসদ–বিধায়কসক বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ বিচাৰ প্রক্রিয়া সন্দর্ভত উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশত কার্যতঃ সংকটত পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা৷ কিয়নো সুদীর্ঘ প্রায় ৬ বছৰৰ মূৰত খোল খাব সমগ্র ৰাজ্য জোকাৰি যোৱা চাহ জনগোষ্ঠীৰ জনপ্রিয় নেতা ডেনিয়েল তপ্ন’ হত্যাকাণ্ডৰ গোচৰ৷

উচ্চতম ন্যায়ালয়ে ৬৯৯/২০১৬নং লেখ আবেদনখনৰ বিপৰীতে যোৱা ১৬ ছেপ্টেম্বৰত প্রদান কৰা ৰায়মর্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে এখন বিশেষ বিচাৰপীঠ গঠন কৰিছে৷ ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ এন কটিশ্বৰ সিং আৰু ন্যায়াধীশ এম এ আলীক লৈ গঠিত এই দুজনীয়া বিশেষ বিচাৰপীঠখনে অহা ৫ অক্টোবৰত ডেনিয়েল তপ্ন’  হত্যাকাণ্ড সন্দর্ভত চিবিআয়ে দাখিল কৰা ২৩০/২০১৪ নম্বৰৰ ক্রিমিনেল ৰিভিউ পিটিচনখনৰ শুনানি গ্রহণ কৰিব৷

উল্লেখ্য যে ১৯৯৬ চনৰ বিধানসভা নির্বাচনত নির্দলীয় প্রার্থী হিচাপে গহপুৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰা চাহ জনগোষ্ঠীৰ জনপ্রিয় নেতা ডেনিয়েল তপ্ন’ক ২০০০ চনৰ ছেপ্টেম্বৰ মাহত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে নৃশংসভাৱে হত্যা কৰিছিল৷ এই হত্যাকাণ্ডৰ লগত নাম সাঙোৰ খাই পৰে বর্তমানৰ প্রদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ৷ সমগ্র ৰাজ্য জোকাৰি যোৱা এই হত্যাকাণ্ডৰ তদন্তৰ ভাৰ এটা সময়ত চিবিআইৰ হাতত ন্যস্ত কৰা হৈছিল৷

তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কার্যকালত কেবিনেট মন্ত্রী হিচাপে কার্যনির্বাহ কৰি থকাৰ সময়তে ৰিপুণ বৰাই নতুন দিল্লীৰ এখন হোটেলত চিবিআইৰ বিষয়াক ১০ লাখ টকা উপঢ়ৌকন দিবলৈ গৈ হাতেলোটে ধৰা পৰে৷ আনকি চিবিআই ক’র্টে ইয়াৰ বাবে ৰিপুণ বৰাক নিক্ষেপ কৰিছিল তিহাৰ কাৰাগাৰলৈ৷ অৱশ্যে পাছত তেওঁ জামিনত মুক্তিলাভ কৰে৷ ২০১৪ চনত উপঢ়ৌকন দিয়া গোচৰটোত আদালতে ৰিপুণ বৰাক ক্লীনশ্বীট দিয়ে৷

ইয়াৰ সমান্তৰালভাৱে সত্র ন্যায়াধীশৰ আদালতে তেওঁক ডেনিয়েল তপ্ন’ হত্যাকাণ্ড গোচৰটোৰ পৰাও দোষমুক্ত কৰে৷ কিন্তু সত্র ন্যায়াধীশৰ আদালতৰ এই ৰায়ত সন্তুষ্ট নহৈ অনুসন্ধানকাৰী সংস্থা চিবিআয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰিপুণ বৰাসহ তিনিজনৰ বিৰুদ্ধে দাখিল কৰে ২৩০/২০১৪ নম্বৰৰ ক্রিমিনেল ৰিভিউ পিটিচনখন৷ সেই সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে চিবিআইৰ এই গোচৰ গ্রহণ কৰি পৰৱর্তী শুনানিৰ দিন ধার্য কৰিছিল৷ কিন্তু দীর্ঘসময় অতিক্রম কৰাৰ পাছতো গোচৰটো শুনানিৰ বাবে নাহিল৷

শেহতীয়াকৈ যোৱা ২৪ জানুৱাৰীত পৱিত্র হাজৰিকা নামৰ এজন লোকে বিষয়টো সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এখন আবেদন দাখিল কৰিছিল৷ সেই আবেদনৰ ওপৰত ভিত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ২৪ ফেব্রুৱাৰীত গোচৰটোৰ শুনানিৰ দিন ধার্য কৰা বুলি লিখিতভাৱে জনাইছিল পৱিত্র হাজৰিকাক৷ পৰৱর্তী সময়ত গোচৰটো অন্য এখন বিচাৰপীঠলৈ প্রেৰণ কৰা হয় আৰু শুনানিৰ দিন ধার্য কৰে যোৱা ৩ মার্চত৷

কিন্তু নির্দিষ্ট দিনটোত পদকীয়া পক্ষৰ অধিবক্তাৰ শাৰীৰিক অসুস্থতাৰ বাবে শুনানিৰ অন্য দিন বিচাৰে৷ সেইমর্মে বিচাৰপীঠখনে দিন ধার্য কৰিছিল যদিও ক’ৰোনাসৃষ্ট পৰিৱেশৰ পৰিপ্রেক্ষিতত শুনানি সম্পন্ন নহ’ল৷ এইবাৰ উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশেষ বিচাৰপীঠ গঠন কৰা আৰু ডেনিয়েল তপ্ন’ হত্যাকাণ্ডৰ গোচৰটো বিশেষ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰাটো গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷

কিয়নো ২০২১ চনৰ বিধানসভা নির্বাচনত প্রদেশ কংগ্রেছৰ সভাপতি হিচাপে ৰিপুণ বৰাই দলক নেতৃত্ব দিয়াটো একপ্রকাৰ নিশ্চিত৷ এতিয়া ডেনিয়েল তপ্ন’ হত্যাকাণ্ডৰ গোচৰটো খোল খোৱাৰ লগে লগে ইয়াক ইছ্যু হিচাপে লৈ বিজেপি তথা আন ৰাজনৈতিক দলসমূহে কংগ্রেছক শ’লঠেকত পেলাব পাৰে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে ২০১৬ চনৰ ৰাজ্যসভা নির্বাচনত ৰিপুণ বৰাই দাখিল কৰা শপতনামাত ভুৱা তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ আছে৷

অভিযোগ মতে, শপতনামাত ৰিপুণ বৰাই তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ ফৌজদাৰী গোচৰ নাই বুলি উল্লেখ কৰিছিল৷ চিবিআয়ে প্রায় ৬ বছৰ পূর্বে দাখিল কৰা ২৩০/২০১৪ নম্বৰৰ ক্রিমিনেল ৰিভিউ পিটিচনখনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কি ৰায় দিয়ে, তাৰ ওপৰতে কার্যতঃ নির্ভৰ কৰিব ৰিপুণ বৰাৰ ভাগ্য৷

You might also like