নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনঃ কংগ্রেছৰে মিত্রতাত এআইইউডিএফৰ চূড়ান্ত মোহৰ

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিক শাসনৰ পৰা ওফৰোৱাৰ লক্ষ্যৰে অৱশেষত কংগ্রেছৰে মিত্রতা আনুষ্ঠানিকভাৱে চূড়ান্ত কৰিলে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে৷ দলৰ ১৬সংখ্যক প্রতিষ্ঠা দিৱসৰ দিনাই কালি এই মিত্রতাত আজমলৰ উপস্থিতিতে চূড়ান্ত মোহৰ মৰা হ’ল৷ উল্লেখ্য যে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ২০২১ চনৰ বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰে কংগ্রেছক পুনৰ শাসনলৈ অনাৰ বাবে আগবঢ়োৱা প্রস্তাৱ ইতিমধ্যে প্রদেশ কংগ্রেছে চূড়ান্ত কৰিছে৷

এ আই ইউ ডি এফে কালি কংগ্রেছৰ প্রস্তাৱৰ প্রতি পূর্ণ সমর্থন দি আনুষ্ঠানিকভাৱে মিত্রতাৰ প্রতি সঁহাৰি জনালে৷ দলৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ বিধায়ক আৱাসত অনুষ্ঠিত দলৰ ক’ৰ কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে জানিবলৈ দিয়া মতে, মিত্রতাৰ বাবে কংগ্রেছে যি প্রস্তাৱ আগবঢ়াইছিল,  বদৰুদ্দিন আজমলৰ অধ্যক্ষতাত বহা ক’ৰ কমিটীয়ে তাত সন্মতি প্রদান কৰি চূড়ান্ত মোহৰ মাৰে৷

আনহাতে, এই মহাজোঁটত চি পি আই (এম) আৰু চি পি আই দলকো এ আই ইউ ডি এফৰ নেতাজনে আহ্বান জনায়৷ মন কৰিবলগীয়া যে মিত্রতাৰ বিষয়টো যোৱা সময়ছোৱাত এ আই ইউ ডি এফৰ তৰফৰ পৰা দলৰ জ্যেষ্ঠ নেতা তথা বিধায়কসকলে আগুৱাই নিছিল৷ সম্পূর্ণ ছমাহৰ পাছত অসমলৈ অহা আজমলে এই প্রস্তাৱক আনুষ্ঠানিক অনুমতি প্রদান কৰে৷ মন কৰিবলগীয়া যে বিধানসভা নির্বাচনৰ বাবে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা চূড়ান্ত হ’লেও আসন বুজাবুজিৰ ক্ষেত্রত উভয় দলৰ অভ্যন্তৰত মতবিৰোধ দূৰ হোৱা নাই৷

এ আই ইউ ডি এফৰ এক সূত্রই প্রকাশ কৰা অনুসৰি, দলৰ বিধায়ক থকা সমষ্টিৰ লগতে এ আই ইউ ডি এফে আন দহটা সমষ্টি কংগ্রেছৰ পৰা বিচাৰিছে৷ যিবোৰ সমষ্টি বর্তমান কংগ্রেছৰ দখলত আছে৷ একেদৰে কংগ্রেছেও ৭ৰ পৰা ৮টা সমষ্টি এ আই ইউ ডি এফৰ পৰা বিচাৰিছে৷ যিবোৰ সমষ্টি এ আই ইউ ডি এফৰ দখলত আছে৷ এনে পৰিস্থিতিত আসন বুজাবুজিৰ বিষয়টো কি ধৰণে দুয়ো দলে সমাধান কৰে, সেয়া যথেষ্ট গুৰুত্বপূর্ণ হৈ পৰিছে৷

২০১৬ চনৰ নির্বাচনত যথেষ্ট কম ভোটত পৰাজয়বৰণ কৰা দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, অভয়াপুৰী উত্তৰ, চেঙা, সৰুক্ষেত্রী, ৰূপহী আৰু দলগাঁও সমষ্টিকেইটাত এইবাৰ এ আই ইউ ডি এফে প্রার্থিত্ব দিব বুলি ইতিমধ্যে কংগ্রেছক স্পষ্ট কৰি দিছে৷ এই আটাইকেইটা সমষ্টি বর্তমান কংগ্রেছৰ দখলত৷ এ আই ইউ ডি এফৰ লগতে কংগ্রেছেও আজমলৰ পৰা বিচাৰিছে নাওবৈচা, জলেশ্বৰ, ধুবুৰী, গৌৰীপুৰ, অভয়াপুৰী দক্ষিণ আৰু কৰিমগঞ্জ দক্ষিণ সমষ্টিকেইটা৷ বিশেষকৈ নাওবৈচাত এইবাৰ প্রতিদ্বন্দ্বিতা কৰাৰ আগ্রহ প্রকাশ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷

উল্লেখ্য যে আজমলৰ অধ্যক্ষতাত বহা ক’ৰ কমিটীৰ বৈঠকত কালি বিধানসভাৰ প্রস্তুতিৰ লক্ষ্যৰে নির্বাচনী ইস্তাহাৰ প্রস্তুতকৰণ কমিটী, নির্বাচনী প্রচাৰ কমিটী আৰু নির্বাচনী কৌশল প্রণয়ন কমিটী নামেৰে তিনিখন উপ–সমিতি গঠন কৰা হয়৷

You might also like