প্ৰাক্তন আলফাসহ ৪ শতাধিকৰ বিজেপিত যোগদান
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ লখিমপুৰ শিৱসাগৰ সংযোগী পথত ব্ৰক্ষ্মপুত্ৰ নদীৰ ওপৰত দিচাং টেকেলীফুটা দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে আধাৰশিলা স্বাপন স্বাপন কৰাৰ ৪ বছৰৰ পিছতো দলং নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰাত বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ প্ৰতিবাদত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত লখিমপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত বগীনদী . ঘিলামৰা আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সহযোগত আধাৰশিলা স্বলিত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰাৰ দিনাই ঢকুৱাখনাত প্ৰাক্তন আলফা বজৰুগুটিকে ধৰি ৪ শতাধিক কংগ্ৰেছ গণশক্তিৰ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰি গেৰুৱা দলটোৰ ৰাজনৈতিক স্বীতি মজবুত কৰে ৷ যোৱা তিনি অক্টোবৰত ঢকুৱাখনাৰ ব্ৰক্ষ্মপুত্ৰ কলেজৰ সমীপত ভাৰতীয় জাতীয় কংগ্ৰেছে বিজেপি বিৰোধী শ্লুগানেৰে আকাশ বতাহ কপাই তোলাৰ সমান্তৰালভাৱে ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নব কুমাৰ দলেৰ উপস্থিতিত বগীনদী ঘিলামৰাত শ শ লোকে বিজেপিত যোগদান কৰাৰ লগতে বিয়লিলৈ ঢকুৱাখনা জিলা বিজেপি কাৰ্যালয়ত ৪ শতাধিকে বিজেপিত যোগদান কৰে। নবাগত সকলক মন্ত্ৰী গৰাকীয়ে দলীয় প্ৰতীক সম্বলিত টুপি আৰু গামোচাৰে দললৈ আদৰণি জনাই ৷