নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ১৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব আছুৰ অধিৱেশন

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ আছুৰ অধিৱেশনৰ দিন ঘোষণা। কেন্দ্ৰীয় সমিতিৰ সাধাৰণ অধিবেশন দুলীয়াজানত ১৮ নৱেম্বৰৰ পৰা ৪ দিনীয়াকৈ ১৮ নবেম্বৰৰ পৰা ২১ নবেম্বৰলৈ অনুষ্ঠিত হ’ব। 

এই কথা চৃড়ান্ত কৰিলে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। চালাকটকী খেলপথাৰত অনুষ্ঠিত হ’ব এই অধিবেশন।

ইয়াৰ লগতে কেইবাখনো খেলপথাৰত আন আন কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই অনুষ্ঠান সফল কৰি তুলিবলৈ দুলীয়াজান আছুৰ লগতে সকলো ৰাইজক আহ্বান জনাইছে আছুৰ নেতৃবৰ্গই।

You might also like