নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইৰ ভিতৰত ভাৰতে কিনিব ৫০ কোটি ক’ভিড ভেকচিন

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনৰ আশাৰ বাণী

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ   বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো ক’ভিড–১৯ মহামাৰীয়ে সংহাৰ অব্যাহত ৰখাৰ সময়তে দেওবাৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ড০ হর্ষ বর্ধনে উল্লেখ কৰিছে যে আগন্তুক জুলাই মাহৰ ভিতৰত ভাৰতে ক’ভিড ভেকচিনৰ ৪০ৰ পৰা ৫০ কোটি ড’জ ক্রয় কৰি ইয়াক ব্যৱহাৰৰ চিন্তা–চর্চা চলাইছে৷ ইতিমধ্যে ভেকচিন সন্দর্ভত এক উচ্চস্তৰীয় বিশেষজ্ঞ কমিটীয়ে সকলো দিশ পর্যালোচনা কৰি আছে বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে এই ৫০ কোটি ভেকচিনৰ ড’জেৰে সামৰি লোৱা হ’ব দেশৰ প্রায় ২৫ কোটি জনসংখ্যাক৷ ইতিমধ্যে ৰাজ্যসমূহক জনগাঁথনি তথা বিভিন্ন গোটৰ ঘনত্ব সন্দর্ভত সবিশেষ তথ্য অক্টোবৰৰ ভিতৰত প্রেৰণ কৰিবলৈ চৰকাৰে পৰামর্শও আগবঢ়াইছে৷ প্রধানমন্ত্রী মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে ক’ভিড–১৯ প্রতিৰোধী ভেকচিন সাজু হ’লেই ইয়াৰ বিতৰণৰ ক্ষেত্রত সমতাৰ নীতি গ্রহণ কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব বুলি উল্লেখ কৰি হর্ষ বর্ধনে কয় যে ভেকচিন প্রস্তুতৰ বাবে নিৰলস প্রচেষ্টা চলাই থকা হৈছে৷ দেশৰ প্রতিগৰাকী ব্যক্তিয়ে যাতে ক’ভিড–১৯ প্রতিৰোধৰ বাবে ভেকচিন লাভ কৰিব পাৰে, এইক্ষেত্রত বিশেষ গুৰুত্ব প্রদান কৰা হ’ব বুলি উল্লেখ কৰিছে মন্ত্রীগৰাকীয়ে৷

দেওবাৰে সংবাদ–৪যোগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ্ সৈতে মত বিনিময় কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ ভেকচিন সাজু হ’লেই প্রথমতে স্বাস্থ্যকর্মীসকলক এই ভেকচিন প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছে মন্ত্রী হর্ষ বর্ধনে৷ চিকিৎসক, নার্ছ তথা স্বাস্থ্য বিধানৰ সৈতে জড়িত সকলো কর্মীয়ে প্রথম সুযোগ লাভ কৰিব ক’ভিড ভেকচিনৰ৷ ভেকচিনবিধৰ পৰীক্ষাৰ বিভিন্ন পর্যায় সন্দর্ভত সঘনে পর্যালোচনা চলাই আছে নিটি আয়োগৰ সদস্য ভি কে পলৰ নেতৃত্বত উচ্চস্তৰীয় এখন কমিটীয়ে৷ ৰাছিয়াই ভেকচিন স্পুটনিক–৫ৰ পৰীক্ষা সন্দর্ভত উত্থাপিত এক প্রশ্ণৰ উত্তৰত মন্ত্রী হর্ষ বর্ধনে কয় যে ভাৰতে এই ভেকচিনবিধৰ তৃতীয় পর্যায়ৰ ক্লিনিকেল পৰীক্ষাই কিমানদূৰ অগ্রগতি লাভ কৰিছে, তাক পর্যালোচনা কৰিব৷ এতিয়াও ৰাছিয়াৰ এই ভেকচিনবিধ ক্রয়ৰ কোনো সিদ্ধান্ত ভাৰতে লোৱা নাই বুলি ঘোষণা কৰে হর্ষ বর্ধনে৷ স্মর্তব্য যে বিশ্বৰ ভিতৰত ক’ভিড সংক্রমিত দেশৰ তালিকাত দ্বিতীয় স্থানত থকা দেশ ভাৰতত ইতিমধ্যে মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত লোকৰ সংখ্যাই ৬৫ লাখ অতিক্রম কৰিছে৷ দেশখনত ঘাতক এই ভাইৰাছবিধে প্রাণ কাঢ়িছে ১,০১,৭৮২গৰাকী লোকৰ৷

You might also like