নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ অক্টোবৰত ভাৰত–চীনৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ চীনৰ সৈতে সীমান্তত ভাৰতীয় সেনাৰ উত্তেজনা চলি থকাৰ সময়তে দুয়োখন দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ আগন্তুক বৈঠক ১২ অক্টোবৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷

উল্লেখনীয় যে দুয়োখন দেশৰ সেনা বিষয়া পর্যায়ৰ বৈঠক অন্তিমবাৰ অনুষ্ঠিত হৈছিল ২১ ছেপ্টেম্বৰত৷ কিন্তু সীমান্তত উত্তেজনা প্রশমিত কৰাৰ ক্ষেত্রত এই আলোচনা ১০০ শতাংশ সফল হোৱা নাই৷ গতিকে আলোচনা অব্যাহত ৰখাৰ ক্ষেত্রত দেশ দুখনে সহমত পোষণ কৰিছে৷ আগন্তুক ১২ অক্টোবৰৰ আলোচনা হ’ব গুৰুত্বপূর্ণ৷ পূব লাডাখ ছেক্টৰত দেশ দুখনৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠকত উত্তেজনা প্রশমিত কৰাৰ প্রচেষ্টা চলোৱা হ’ব বুলি প্রতিৰক্ষা মন্ত্রালয়ৰ এক সূত্রই সদৰী কৰিছে৷

উল্লেখনীয় যে বিভিন্ন স্থানত চীনা সেনাৰ আগ্রাসন এতিয়াও চলি থকা বুলি অভিযোগ কৰি আহিছে ভাৰতীয় বাহিনীয়ে৷ সর্বাত্মকভাৱে এল এ চিৰ পৰা চীনা সেনাৰ পশ্চাদপসৰণ দাবী কৰি আহিছে ভাৰতীয় বাহিনীয়ে৷

You might also like