নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনীতি পৰিসংখ্যা সঞ্চালকালয়ত ১৩৩ পদ

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগৰ অধীনস্থ অসম সর্বশিক্ষা অভিযান মিছনত খালী হৈছে শিক্ষকৰ ৩,৭৫৩টা পদ৷ সহকাৰী শিক্ষকৰ উক্ত খালী পদকেইটা নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষানুষ্ঠানত পূৰণ কৰা হ’ব৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, নিম্ন প্রাথমিক বিদ্যালয়ত পূৰণ হ’বলগীয়া ২,৯৬৬টা সহকাৰী শিক্ষক পদৰ ভিতৰত অসংৰক্ষিত ৩৩২টা, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৩৭১টা, এছচি ১৪৪টা, এছটি–পি ৮৯৯টা, এছটি–এইচ–৬৬০টা, অ’বিচি/এম’বিচি ৪৫২টা আৰু দিব্যাংগ প্রার্থীৰ বাবে ১০৮টা পদ সংৰক্ষিত থাকিব৷ আনহাতে, উচ্চ প্রাথমিক বিদ্যালয়ত পূৰণ হ’বলগীয়া ৫৪৮ সহকাৰী শিক্ষকৰ (সমাজ বিজ্ঞান) পদৰ ভিতৰত অসংৰক্ষিত ৩৭টা, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৪৪টা, এছচি ৭০টা, এছটি–পি ১১৩টা, এছটি–এইচ–১০৬টা, অ’বিচি/এম’বিচি ১৫৭টা আৰু দিব্যাংগ প্রার্থীৰ বাবে ২১টা পদ সংৰক্ষিত থাকিব৷ শেষত, উচ্চ প্রাথমিক বিদ্যালয়ত পূৰণ হ’বলগীয়া ২৩৯ সহকাৰী শিক্ষকৰ (গণিত আৰু বিজ্ঞান) পদৰ ভিতৰত অসংৰক্ষিত ২০টা, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১৯টা, এছচি ৩৮টা, এছটি–পি ৭২টা, এছটি–এইচ–৪০টা, অ’বিচি/এম’বিচি ৪৩টা আৰু দিব্যাংগ প্রার্থীৰ বাবে ৭টা পদ সংৰক্ষিত থাকিব৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ নিম্ন প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পদৰ প্রার্থী গড়ে ৫০ শতাংশ নম্বৰেৰে উচ্চতৰ মাধ্যমিক উত্তীর্ণ আৰু নিম্ন প্রাথমিক–টেটৰ পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থীয়ে প্রাথমিক শিক্ষা বিষয়ত দুবছৰীয়া ডিপ্ল’মাধাৰী হোৱাটো বাঞ্ছনীয়৷ আনহাতে, উচ্চ প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক (সমাজ বিজ্ঞান) পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু উচ্চ প্রাথমিক–টেট উত্তীর্ণ হোৱাৰ লগতে প্রাথমিক শিক্ষা বিষয়ত দুবছৰীয়া ডিপ্ল’মাধাৰী হ’ব লাগিব৷ শেষত, উচ্চ প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক (গণিত আৰু বিজ্ঞান) পদৰ প্রার্থী বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী আৰু উচ্চ প্রাথমিক–টেট উত্তীর্ণ হোৱাৰ লগতে প্রাথমিক শিক্ষা বিষয়ত দুবছৰীয়া ডিপ্ল’মাধাৰী হ’ব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttps://ssa.assam.gov.in ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১১ অক্টোবৰ, ২০২০৷

You might also like