নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই জেৰাৰ সন্মুখীন হ’ব আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰঃ এতিয়াও আৰক্ষীৰ নজৰৰ বাহিৰত প্রাঞ্জল বৰুৱা–গৌতম মেছ

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ  অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ তদন্ত প্রক্রিয়াই গতি লোৱাৰ সময়তে এইবাৰ জেৰাৰ সন্মুখীন হ’ব আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰ৷ যোৱা ২০ ছেপ্টেম্বৰত উপ–পৰিদর্শকৰ নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হোৱাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হোৱা তুমুল প্রতিক্রিয়া আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইক্ষেত্রত গ্রহণ কৰা কঠোৰ স্থিতিৰ পাছত কেলেংকাৰিটোৰ সৈতে জড়িত থকা দিবন ডেকা আৰু প্রাক্তন ডিআইজি পি কে দত্ত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে৷ আনহাতে, অসম আৰক্ষীৰ অপৰাধ শাখা আৰু চি আই ডিয়ে এই ঘটনাৰ সৈতে জড়িত ১৬জনকৈ ব্যক্তিক গ্রেপ্তাৰ কৰিছে৷ কিন্তু এতিয়াও প্রশ্নকাকত ফাদিলৰ আঁৰত প্রকৃততে কোন আছে, সেয়া উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই৷ মুখ্যতঃ ২০ ছেপ্টেম্বৰৰ দিনা পৰীক্ষা আৰম্ভ হোৱাৰ পূর্বেই কাৰ জৰিয়তে প্রশ্নকাকত ফাদিল হৈছিল, সেই তথ্য উদ্ঘাটনত সম্পূর্ণৰূপে ব্যর্থ হোৱা অসম আৰক্ষীয়ে ইয়াৰ বাবে এতিয়াও সোধা–পোছা কৰা নাই নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰ আৰু প্রশ্নকাকত জমা ৰখা দশম আৰক্ষী বেটেলিয়নৰ সেই সময়ৰ অধিনায়ক মানৱেন্দ্র দেৱৰয়ক৷ অসম আৰক্ষীৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি প্রশ্ণকাকত কোনে ফাদিল কৰিছিল, এই তথ্য গ্রেপ্তাৰ হোৱা দিবন ডেকা আৰু পি কে দত্তৰ মুখামুখি জেৰাৰ পৰাহে উদ্ধাৰ হ’ব৷ অৱশ্যে উপ–পৰিদর্শক পৰীক্ষাৰ সৈতে জড়িত হৈ থকা আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰক এই সন্দর্ভত কিন্তু সোধা–পোছা কৰা হোৱা নাই৷ তদন্ত প্রক্রিয়া আগুৱাই নিয়াৰ ক্ষেত্রত সেয়েহে অচিৰেই চি আই ডিয়ে প্রদীপ কুমাৰৰ ষ্টেটমেণ্ট গ্রহণ কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে প্রশ্নকাকত ফাদিলৰ খবৰ প্রদীপ কুমাৰে লাভ কৰিছিল দিবন ডেকা আৰু গৌতম মেছৰ পৰা৷ লক্ষণীয় যে উক্ত দিনা প্রশ্নকাকত ফাদিলৰ পাছতেই প্রদীপ কুমাৰৰ ওচৰত উপস্থিত হৈছিল দিবন ডেকা আৰু গৌতম মেছ৷ এই দুজনক লগত লৈ প্রদীপ কুমাৰে চি আই ডিত প্রশ্ণকাকত ফাদিলৰ এখন এজাহাৰ দাখিল কৰিছিল৷ উক্ত এজাহাৰ দাখিলৰ পাছত তদন্ত প্রক্রিয়াই আজিৰ ৰূপ পালে যদিও এতিয়ালৈ এজাহাৰ সম্পর্কত প্রদীপ কুমাৰৰ ষ্টেটমেণ্ট গ্রহণ কৰা নাই চি আই ডিয়ে৷ আনহাতে, গুজৰাটৰ আহমেদাবাদৰ হাই ছিকিউৰিটী জ’নৰ পৰা প্রশ্ণকাকত ছপা কৰি আনি জমা ৰখা হৈছিল দশম অসম আৰক্ষী বেটেলিয়নৰ অস্ত্রাগাৰত৷ ২৪ ঘণ্টাই সশস্ত্র আৰক্ষী জোৱানৰ পহৰাত থকা এই অস্ত্রাগাৰৰ পৰা কিদৰে প্রশ্নকাকত ফাদিল হ’ল, তাক লৈও ৰহস্য সৃষ্টি হৈছে৷ সেয়েহে সমগ্র বিষয়টো আগুৱাই নিয়াৰ বাবে দশম অসম আৰক্ষী বেটেলিয়নৰ সেই সময়ৰ অধিনায়ক তথা বর্তমান হোজাইৰ আৰক্ষী অধীক্ষক মানৱেন্দ্র দেৱৰয়ক জেৰা কৰাৰ সম্ভাৱনা আছে৷ আৰক্ষী সূত্রটোৱে প্রকাশ কৰা মতে, অসমৰ ৩৩খন জিলাৰ বাবে ৩৩টা ট্রাংকত প্রশ্ণকাকত আনি সুৰক্ষিতভাৱে যদি ৰখা হৈছিল, তেন্তে তাৰ পৰা কিদৰে ফাদিল হ’ল, সেয়া এই দুজন লোকক সোধা–পোছা কৰিলেহে সকলো দিশ পৰিষ্কাৰ হ’ব৷ আশ্চর্যৰ বিষয়টো হ’ল যে তদন্ত প্রক্রিয়া ক্ষিপ্রতাৰে আগুৱাই নিয়া বুলি আৰক্ষীৰ শীর্ষ বিষয়াসকলে দাবী কৰি আহিছে যদিও এতিয়ালৈ প্রদীপ কুমাৰৰ ষ্টেটমেণ্ট কিয় সংগ্রহ কৰা হোৱা নাই, তাক লৈও প্রশ্ন উত্থাপন হৈছে৷ চি আৰ পি চিৰ ১৬৬ ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰোঁতাৰ ষ্টেটমেণ্ট লোৱাটো আৰক্ষীৰ প্রথম কাম৷ কিন্তু ১৫ দিনৰো অধিক সময় উকলি যোৱাৰ পাছতো প্রদীপ কুমাৰৰ ষ্টেটমেণ্ট নোলোৱা বিষয়টোৱে যথেষ্ট ৰহস্য সৃষ্টি কৰিছে৷ ইতিমধ্যে আৰক্ষীৰ অপৰাধ শাখাই ১২জনক, নলবাৰী আৰক্ষীয়ে ৬জনক আৰু চি আই ডিয়ে ৭জনক এই ঘটনাৰ সৈতে জড়িত থকাৰ বাবে গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীৰ হাতত ইতিমধ্যে গ্রেপ্তাৰ হোৱাসকল হৈছে– কুশল দাস, গুঞ্জন দাস, কুমুদ গোস্বামী, নিতুল বর্মন, কুলদীপ ৰাজবংশী, হৰকত আলী, জাহিদুল ইছলাম, সঞ্জীৱ বর্মন, মৃদুল বর্মন, পার্থপ্রতিম পাঠক, ধ্রুৱজ্যোতি বৰুৱা, আদিল খান, জিতুল হুছেইন, কুকুমণি নাথ, মৃণাল নাথ, প্রাঞ্জল শর্মা, প্রণৱ বৰা, অচ্যুত দাস, অলকেশ বৈশ্য, বিমল থাপা, সঞ্জীৱ শর্মা, ধ্রুৱজ্যোতি দাস, যুগামী ব্রহ্ম, হীৰকজ্যোতি বৰুৱা, আনোৱাৰ আলী, জিতুল মিকিৰ, দিবন ডেকা আৰু পি কে দত্ত৷

লক্ষণীয়ভাৱে এতিয়াও আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব পৰা নাই এই ঘটনাৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ থকা অক্ষয় টেলি কমিউনিকেচনৰ প্রাঞ্জল বৰুৱা, কৌশিক সৰকাৰ, ৰুবুল হাজৰিকা, গৌতম মেছ আদিকে ধৰি কেইবাজনকো৷ আনকি পৰীক্ষাৰ আগদিনা পি কে দত্তৰ ভার্গৱ হোটেলত ৬৩জন প্রার্থীয়ে আৰু থেংক ইউ লজত ৫০জন প্রার্থীয়ে পৰীক্ষাৰ ৰিহার্চেল চলাইছিল৷ এইসকল প্রার্থীৰ বহুজনকে এতিয়াও আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিবলৈ সক্ষম হোৱা নাই৷ এনে অৱস্থাত প্রদীপ কুমাৰ আৰু মানৱেন্দ্র দেৱৰয়ক সোধা–পোছা কৰিলে কি তথ্য পোহৰলৈ আহিব, তাক লৈও সন্দেহ সৃষ্টি হৈছে৷ মন কৰিবলগীয়া যে অসম আৰক্ষী নিযুক্তি ব’র্ডে পৰীক্ষা অনুষ্ঠিত কৰাৰ পূর্বে আৰক্ষীৰ নিযুক্তি সম্পর্কীয় পৰীক্ষাসমূহ সফলতাৰে সম্পন্ন কৰিছিল সশস্ত্র আৰু প্রশিক্ষণ শাখাৰ অতিৰিক্ত সঞ্চালকপ্রধানৰ নেতৃত্বত৷ ইয়াৰ পূর্বে এই শাখাৰ অতিৰিক্ত সঞ্চালকপ্রধান সুব্রত কাকতি আৰু জ্যোতির্ময় চক্রৱর্তীৰ নেতৃত্বত নিযুক্তিৰ কেইবাটাও পৰীক্ষা সফলতাৰে সম্পন্ন হৈছিল৷ ইয়াৰ বিপৰীতে প্রদীপ কুমাৰে নিযুক্তি ব’ডৰ অধ্যক্ষ পদ গ্রহণ কৰাৰ পাছতেই এই কেলেংকাৰি সৃষ্টি হোৱাটো যথেষ্ট লক্ষণীয় দিশ৷

You might also like