৪ বিশ্ববিদ্যালয়ক চৰকাৰে ভগাই দিলে নিযুক্তি পৰীক্ষাৰ দায়িত্ব
ডিব্রুগড়–গুৱাহাটী তেজপুৰ অসম বিশ্ববিদ্যালয়
নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক বাছনিৰ প্রশ্ন কাকত ফাদিল কেলেংকাৰিয়ে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰাৰ পৰিপ্রেক্ষিতত এতিয়াৰে পৰা ৰাজ্য চৰকাৰে সকলো বিভাগৰ নিযুক্তিৰ ক্ষেত্রত বাছনি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব বহিঃৰাজ্যৰ বেচৰকাৰী প্রতিষ্ঠানৰ পৰিৱর্তে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্যৰ পাঁচখন বিশ্ববিদ্যালয়ৰ উপাচার্যৰ সৈতে চৰকাৰে সেই বিষয়ত আলোচনাত মিলিত হৈ কালি সেই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি আৰক্ষী, হোমগার্ড, কাৰাগাৰ, পঞ্চায়ত আৰু গ্রামোন্নয়ন, শ্রম বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে ডিব্রুগড় বিশ্ববিদ্যালয়ক৷ আনহাতে, উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ, পৰিবহণ, আবকাৰী আৰু বন বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ক৷ অসম বিশ্ববিদ্যালয়ক দিয়া হৈছে সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব৷ তেজপুৰ বিশ্ববিদ্যালয়ক দিয়া হৈছে জলসিঞ্চন বিভাগৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব৷ উল্লেখ্য যে বাহিৰৰ বেচৰকাৰী প্রতিষ্ঠানক অসম আৰক্ষীৰ উপ–পৰিদর্শক বাছনিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়াৰ লগতে বিগত সময়ছোৱাত পঞ্চায়ত আৰু গ্রামোন্নয়ন, জনসংযোগ আদি বিভাগৰ নিযুক্তিৰ ক্ষেত্রতো বাহিৰৰ বেচৰকাৰী প্রতিষ্ঠানক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিছিল৷ কিন্তু অসম আৰক্ষীৰ উপ–পৰিদর্শক বাছনি পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ লগতে পঞ্চায়ত আৰু গ্রামোন্নয়ন, জনসংযোগৰ নিযুক্তিতো ব্যাপক দুর্নীতি, অনিয়ম, কেলেংকাৰি সংঘটিত হোৱাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে এতিয়াৰে পৰা নিযুক্তি সম্পর্কীয় সকলো পৰীক্ষা বাহিৰৰ বেচৰকাৰী প্রতিষ্ঠানৰ পৰিৱর্তে স্থানীয় বিশ্ববিদ্যালয়সমূহ জৰিয়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷